• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৩খন স্কুললৈ ভুৱা বিস্ফোৰণৰ ভাবুকিৰে ইমেইল প্ৰেৰণ; দিল্লী আৰক্ষীৰ জালত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 10, 2025 12:03 pm
143
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। আৰক্ষীয়ে দাবী কৰিছে যে যোৱা কেইসপ্তাহমানৰ ভিতৰত দিল্লীৰ ২৩খন বিদ্যালয়ত বিয়পি পৰা ভুৱা বোমা আতংকৰ আঁৰত ছাত্ৰজনেই আছিল। জানিব পৰা মতে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা নাছিল। আৰু সেইবাবেই ছাত্ৰজনে এই অপৰাধ সংঘটিত কৰা বুলি স্বীকাৰ কৰিলে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই ছাত্ৰজনে ছবাৰকৈ ভুৱা বোমাৰ ভাবুকি ইমেইল প্ৰেৰণ কৰিছিল। প্ৰতিবাৰেই তেওঁ নতুন স্কুল এখনক লক্ষ্য কৰি লৈছিল। অৱশ্যে তেওঁ নিজৰ স্কুলখনক তালিকাৰ পৰা আঁতৰাই থৈ গ’ল। প্ৰতিটো ইমেইলতে তেওঁ এখনতকৈ অধিক বিদ্যালয়ৰ নাম উল্লেখ কৰিছিল।

আৰক্ষীৰ জেৰাৰ সময়ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে কয় যে পৰীক্ষা বাতিল কৰাৰ উদ্দেশ্যেৰে এই পৰিকল্পনা ৰচনা কৰা হৈছিল। তেওঁ ভাবিছিল যে ভুৱা বোমাৰ আতংক বিয়পিলে বিদ্যালয়ে আতংকিত হৈ পৰীক্ষা বাতিল কৰিব। আৰু বহু ক্ষেত্ৰত আচলতে সেইটোৱেই হৈছিল।

কেইবামাহো ধৰি দিল্লীৰ একাধিক বিদ্যালয়ত এনে ভুৱা বোমাৰ ভাবুকিৰ বাতৰিয়ে অভিভাৱকৰ মাজত আতংক বিয়পি পৰিছে। বহুতে নিজৰ সন্তানক স্কুললৈ পঠিয়াবলৈ ভয় কৰে। এনে পৰিস্থিতিত সজাগ হ’বলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দি আছে আৰক্ষীয়ে। দিল্লী আৰক্ষী আৰু শিক্ষা বিভাগেও এই বিষয়ত আলোচনা চক্ৰৰ আয়োজন কৰিছে।

ইয়াৰ পূৰ্বে আৰ কে পুৰম স্কুলৰ এজন ছাত্ৰৰ ইমেইল আইডিৰ পৰা তেওঁৰ বিদ্যালয় ভৱন উৰুৱাই দিয়াৰ ভাবুকি আহিছিল। আনকি তদন্তকাৰীসকলো ছাত্ৰজনৰ এই কাৰ্যত স্তম্ভিত হৈ পৰে। ছাত্ৰজনে কেৱল ধেমালিৰ বাবে নিজৰ বিদ্যালয় ভৱনটো উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। আই পি ঠিকনা ট্ৰেচ কৰি তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে সোধা-পোছা কৰাত তেওঁ ই-মেইল প্ৰেৰণ কৰা বুলি স্বীকাৰ কৰে।

সেই ছাত্ৰজনৰ বাবে কাউন্সেলিং আৰম্ভ হৈছে। কিয় ধেমালিৰ আঁৰত তেওঁ ইমান গুৰুতৰ ঘটনা সংঘটিত কৰিলে সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তদন্তকাৰীয়ে তেওঁক কিহৰ বাবে প্ৰেৰণা যোগাইছিল আৰু কিয় তেওঁৰ এনে ধাৰণা আছিল সেই বিষয়েও তদন্ত কৰি আছে। সদ্যহতে ল’ৰাটোক পিতৃ-মাতৃৰ ওচৰলৈ যাবলৈ দিয়া হৈছে। কিন্তু মনোবিজ্ঞানীসকলে পৰিয়ালসমূহক নিজৰ সন্তানৰ ওপৰত অধিক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd