• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পী দিৱস! আজি ৰাজ্যজুৰি ৰূপকোঁৱৰক সুঁৱৰিছে অসমবাসীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 1:32 pm
শিল্পী দিৱস! আজি ৰাজ্যজুৰি ৰূপকোঁৱৰক সুঁৱৰিছে অসমবাসীয়ে
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১৭ জানুৱাৰী, শিল্পী দিৱস। অসমীয়া ভাষা, কলা-সংস্কৃতিৰ সাধক, ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে এই দিনটোত ৰাজ্যত পালন কৰি অহা হৈছে শিল্পী দিৱস। আজি তেওঁৰ ৭৪ সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে সুন্দৰৰ পুজাৰীগৰাকীক সুঁৱৰিছে।  

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শিল্পী দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহত শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আনহাতে, জাতীয় সংগঠনসমূহৰ উদ্যোগতো  শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰদসাদ আগৰৱালাই জন্মগ্ৰহণ কৰিছিল। অসমৰ লগতে কলিকতাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষা লাভ কৰি জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে ১৯২৬ চনত এডিনবাৰ্গলৈ গৈছিল যদিও আধাতে পঢ়া সামৰি জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়। ইয়াৰ পিছতে তেওঁ সাংস্কৃতিক জগতত খোজ দি প্ৰথমখন অসমীয়া বোলছবি নিৰ্মাণ কৰে।

জ্যোতিপ্ৰসাদ আছিল একেধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, লেখক, ছবি নিৰ্মাতা, পৰিচালক আদি বহুমুখী প্ৰতিভাৰে উজ্বল ব্যক্তিত্ব। সাংস্কৃতিক চেতনাৰে প্ৰবুদ্ধ জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰি উ লিয়াইছিল প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিলাভ কৰিছিল এই ছবিখনে।

একেদৰে, এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপেও জ্যোতিপ্ৰসাদ অৱতীৰ্ণ হৈছিল আৰু দেশপ্ৰেমত উদ্বুদ্ধ হৈ কবিতা-নাটক আদি ৰচিছিল। দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিব লগা হৈছিল।

১৯৩৬ চনত জ্যোতিপ্ৰসাদে দেৱযানী ভূঞাৰ লগত বিবাহপাশত আৱদ্ধ হয়। কিন্তু দুখৰ বিষয় যে, এইগৰাকী মহান শিল্পীয়ে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি ১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সতে জীৱন নাট সামৰে।

উল্লেখ্য যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে এটা ডাক টিকট প্ৰণয়ন কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm
অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm
অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd