• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঢাকাত পাকিস্তানৰ আই এছ আইৰ মুৰব্বী! ভ্ৰমণৰ গোপনীয়তাক কেন্দ্ৰ কৰি জল্পনা-কল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2025 2:39 pm
121
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ পাকিস্তান ভ্ৰমণলৈ আহিছিল বাংলাদেশ সেনাৰ ছয়জন উচ্চ পদস্থ বিষয়া। ৬ দিনীয়া ভ্ৰমণৰ অন্তত ১৭ জানুৱাৰীত বাংলাদেশলৈ উভতি আহিছিল। আৰু তাৰ পিছত ২১ জানুৱাৰীত পাকিস্তানৰ পৰা সামৰিক বিষয়াৰ দল এটা বাংলাদেশত উপস্থিত হয়।

বাতৰি অনুসৰি ৩ দিনীয়া ভ্ৰমণসূচীৰে পাকিস্তানী বিষয়াৰ চাৰিজনীয়া এটা দল ঢাকাত উপস্থিত হয়। অৱশ্যে ইছলামবাদৰ পৰা ঢাকালৈকে আনুষ্ঠানিকভাৱে এই ভ্ৰমণৰ ওপৰত মুখ বন্ধ ৰাখিছে।

ইপিনে, পাকিস্তানী সামৰিক বিষয়াৰ এই ভ্ৰমণে দিল্লীৰ চোৰাংচোৱা সংস্থাৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ, এই পাকিস্তানী দলত আছে লেফটেনেণ্ট জেনেৰেল আছিম মালিক। তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী। আই এছ আইৰ আন এজন উচ্চ পদস্থ বিষয়াও দলটোৰ সৈতে ঢাকাত উপস্থিত হৈছে। তেওঁ হৈছে – আই এছ আইৰ সঞ্চালক প্ৰধান (এনালাইছিছ)মেজৰ জেনেৰেল শ্বাহিদ আমিৰ আফছাৰ। ইয়াৰ উপৰিও আছে মেজৰ জেনেৰেল আলম আমিৰ আৱান আৰু এছ এছ জিৰ মুৰব্বী মহম্মদ উছমান লতিফ।

আনহাতে, প্ৰতিবেদনত দাবী কৰা হৈছে যে এই চাৰিজন পাকিস্তানী সদস্যই ডুবাইৰ পৰা এমিৰেটছৰ ইকে৫৮৬ বিমানেৰে ঢাকাত উপস্থিত হৈছিল। এই গোটটোক বিমানবন্দৰত আদৰণি জনায় বাংলাদেশৰ সামৰিক চোৰাংচোৱা সংস্থা ডি জি এফ আইৰ জ্যেষ্ঠ বিষয়া ব্ৰিগেডিয়াৰ মেহদীয়ে।

বাতৰি অনুসৰি, এই চাৰিজন পাকিস্তানী সেনা বিষয়া ঢাকাৰ পাঁচ তাৰকাযুক্ত ৰেডিছন ব্লু হোটেলত থাকে। এই পাকিস্তানী গোটটো গাজীপুৰৰ এটা অস্ত্ৰ কাৰখানালৈ গৈছিল বুলি জানিব পৰা গৈছে। তদুপৰি বাংলাদেশী সেনাৰ উচ্চ পদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।

ইয়াৰ পূৰ্বে বাংলাদেশে পাকিস্তানৰ পৰা চীনত নিৰ্মিত যুদ্ধ বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। শেহতীয়াকৈ বাংলাদেশৰ সেনাৰ লেফটেনেণ্ট জেনেৰেল এছ এম কামৰুল হাছানে পাকিস্তানী সেনা প্ৰধানৰ সৈতে সাক্ষাৎ কৰি জে এফ-১৭ থাণ্ডাৰ যুঁজাৰু বিমান ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। পাকিস্তান ভ্ৰমণৰ সময়ত তেওঁ পাকিস্তান সেনা প্ৰধান জেনেৰেল আছিম মুনিৰৰ সৈতে সাক্ষাৎ কৰে। সেই ফটোখন পাকিস্তান সামৰিক বাহিনীৰ জনসংযোগ বিভাগে প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে ঢাকাই বাতৰি প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। অন্যথা তেওঁলোকে বিষয়টো গোপনে ৰাখিব বিচাৰিছিল।

Recent News

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd