• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুডানৰ চিকিৎসালয়ত মাৰাত্মক ড্ৰোন আক্ৰমণঃ ৬৭ জন লোক নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2025 11:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ আফ্ৰিকাৰ দেশ চুডানৰ এখন চিকিৎসালয়ত ড্ৰ’ন আক্ৰমণ কৰা হয়। এই ভয়াবহ আক্ৰমণত ৬৭ জন লোকৰ মৃত্যু হয়। আৰু বহু লোক আহত হয়। যোৱা শুকুৰবাৰে সংঘটিত হয় এই আক্ৰমণ।

দেশখনৰ দাৰফুৰ অঞ্চলৰ চিকিৎসালয়খনৰ আক্ৰমণত প্ৰথমে ৩০ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল যদিও পাছত মৃত্যুৰ সংখ্যা ৬৭ লৈ বৃদ্ধি পায়। সংবাদ সংস্থা এ এফ পি আৰু সংবাদ মাধ্যম আল জাজিৰায়ে শনিবাৰে (২৫ জানুৱাৰী) নিশা পৃথক পৃথক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰে।

আল জাজিৰাই কয় যে শুকুৰবাৰৰ আক্ৰমণত ৬৭ জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি শনিবাৰে স্থানীয় কৰ্মী আৰু চিকিৎসা সূত্ৰই এএফপিক জনায়। চুডানৰ দাৰফুৰ অঞ্চলৰ এল-ফাশ্বাৰৰ শেষৰখন কাৰ্যক্ষম চিকিৎসালয়ৰ ভিতৰত এখনত ড্ৰ’ন আক্ৰমণ আৰু হতাহতি সংঘটিত হয়।

আক্ৰমণৰ ভয়ত নাম প্ৰকাশ নকৰাকৈ শনিবাৰে এএফপিকদিয়া এক সূত্ৰই কয় যে কালি ড্ৰ’ন আক্ৰমণত আহতসকলৰ ভিতৰত আজি আৰু ৩৭ জন লোকৰ মৃত্যু হৈছে, যাৰ ফলত মৃত্যুৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে।

শনিবাৰে আঞ্চলিক ৰাজ্যপাল মিনি মিনাৱীয়ে তেওঁৰ এক্স একাউণ্টত ৰক্তাক্ত মৃতদেহৰ গ্ৰাফিক ফটো পোষ্ট কৰে। তাত তেওঁ কয় যে এই আক্ৰমণত মহিলা আৰু শিশুকে ধৰি ৭০ জনতকৈ অধিক ৰোগীক “নিঃশেষ” কৰা হৈছে।

ডেৰ বছৰতকৈ অধিক সময় ধৰি চুডান গৃহযুদ্ধত জড়িত হৈ আছে আৰু যুদ্ধংদেহী দল দুটাৰ ভিতৰত কোনটোৱে এই আক্ৰমণ চলাইছিল সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাছিল। চুডানৰ সেনাই অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ সৈতে যুঁজি আছে। ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা আৰ এছ এফে দাৰফুৰৰ প্ৰায় সমগ্ৰ বিশাল পশ্চিম অঞ্চল দখল কৰিছে।

যোৱা বছৰৰ মে’ মাহৰ পৰা উত্তৰ দাৰফুৰ প্ৰদেশৰ ৰাজধানী এল-ফাশ্বাৰকো আৰ এছ এফে ঘেৰাও কৰি আহিছে যদিও সেনাৰ সৈতে জড়িত সশস্ত্ৰ সংগঠনে বাৰে বাৰে নিজৰ যোদ্ধাসকলক পিছুৱাই যাবলৈ বাধ্য কৰাইছে আৰু চহৰখন দখল কৰিবলৈ বাধা দিছে।

এনে পৰিস্থিতিত এল-ফাশ্বাৰত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ ব্যাপক হৈ পৰিছে। চিকিৎসা প্ৰদান কৰা চেৰিটি চিকিৎসকসকলে এই মাহত কয় যে তাত থকা চৌদি চিকিৎসালয়খনেই হৈছে “এতিয়াও অস্ত্ৰোপচাৰৰ ক্ষমতা থকা একমাত্ৰ চৰকাৰী চিকিৎসালয়”।

চৰকাৰী পৰিসংখ্যা অনুসৰি এই আফ্ৰিকান দেশখনৰ ৮০ শতাংশ পৰ্যন্ত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি এই সংঘাতৰ বাবে বন্ধ হ’বলৈ বাধ্য হৈছে।

মন কৰিবলগীয়া যে ২০২৩ চনৰ ১৫ এপ্ৰিলত চুডানত ক্ষমতা দখলৰ বাবে সেনা আৰু অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সৃষ্টি হৈছিল। দুয়োটা শক্তিৰ এই সংঘাতত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।

তদুপৰি আৰু লাখ লাখ লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd