• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ বিস্ফোৰণ-‘কেন্দ্ৰত চৰকাৰ সলনি হ’লে জে’ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লী, ৩০ জানুৱাৰী –  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।আজি নতুন দিল্লীস্থিত দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদ মেলত আপৰ নেতাগৰাকীয়ে কয়, “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চালে বেৰে কোবোৱা ধৰণৰ মন্তব্য কৰিছে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে তেওঁ যিবোৰ অভিযোগ উত্থাপন কৰিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। কোনো তদন্তকাৰী সংস্থাই কেজৰিৱালক দুৰ্নীতিগ্ৰস্থ বুলি প্ৰমাণ কৰিব পৰা নাই।

আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰীৰ অভিযোগ আছে। চিবিআইৰ জেৰা আৰু অনুসন্ধান চলি থকাৰ মাজতে তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছে। লগে লগে তেওঁৰ বিৰুদ্ধে তদন্ত বন্ধ কৰা হৈছে। তেওঁ সাজু হৈ থাকক। কেন্দ্ৰত চৰকাৰ সলনি হ‘লে তেওঁ জেললৈ যাব লাগিব। মোদী, অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষা দিব নোৱাৰে। অসমৰ গান্ধীবাদী তথা কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰৰো ফাইল পুনৰ মুকলি হ‘ ব।

দিল্লীৰ মহল্লা ক্লিনিকৰ সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাই অসমৰ জিলাই জিলাই মেডিকেল কলেজৰ কথা কৈছে। হিমন্ত বিশ্ব শৰ্মাৰ মেডিকেল কলেজত গেষ্ট্ৰিক, বা জ্বৰ, কাহৰো টেবলেট নাই। ৰোগীৰ চিকিৎসাৰ নূন্যতম সুবিধা নথকা চিকিৎসালয়, অধ্যাপক নথকা কলেজ স্থাপন কৰি দম্ভালি মৰা মুখ্যমন্ত্ৰীয়ে কেজৰিৱালক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই।

বিগত দিনত দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈছে। বিপৰীতে অসমত চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে পত্নীক ব্যক্তিগত স্কুলৰ ব্যৱসায় কৰিবলৈ দিছে। মুখ্যমন্ত্রীয়ে সীমাহীন সম্পত্তি আহৰণ কৰিছে। আয়ৰ সৈতে সম্পত্তিৰ সামঞ্জস্য নাই। মুখ্যমন্ত্রীৰ পৰিয়ালে হোটেল, ধাবা, চাহ বাগিছা, টেলিভিছন চেনেল, বাতৰি কাকত, বিদ্যালয় আদিৰ ব্যৱসায় কৰিছে।

ডিমা হাছাও জিলাৰ অবৈধ কয়লা খননৰ সৈতে জড়িত দেৱলাল গাৰ্লোচাৰ পৰিয়াল , কাৰ্বি আংলং জিলাৰ অবৈধ কয়লা খননৰ সৈতে জড়িত তুলিৰাম ৰংহাং আদিৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্কৰ তদন্ত হওঁক। এইবোৰৰ তদন্ত হ‘লে মুখ্যমন্ত্ৰীৰ জোলোঙাৰ মেকুৰী ওলাই পৰিব। তেতিয়াই গম পোৱা যাব অসমৰ প্ৰতিটো দুৰ্নীতি, কেলেংকাৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত।” এনেদৰে আপৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd