তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েচন (আইচিইএ)ৰ সহযোগিতাত ট্ৰুথটেল হেকাথন চেলেঞ্জ ঘোষণা কৰিছে। হেকাথনটো উদ্বোধনী বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ২০২৫ৰ ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (চি আই চি)ৰ ছিজন ১ৰ অংশ। প্ৰত্যাহ্বানটো হৈছে পোনপটীয়া সম্প্ৰচাৰত ভুল তথ্যৰ বিৰুদ্ধে যুঁজ দিবলৈ কৃত্ৰিম বুদ্ধিমত্তা-চালিত সমাধান বিকশিত কৰা।
হেকিং দ্য হোক্স
উল্লেখ্য যে আজিৰ দ্ৰুতগতিৰ সংবাদ মাধ্যমৰ পৰিবেশত ভুল তথ্য দ্ৰুতগতিত বিয়পে, বিশেষকৈ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত। প্ৰকৃত সময়ত ভুৱা তথ্য চিনাক্ত কৰাৰ প্ৰত্যাহ্বান সম্প্ৰচাৰকাৰী, সাংবাদিক আৰু দৰ্শকৰ বাবে সমানেই গুৰুত্বপূৰ্ণ।
সৰ্বমুঠ ১০ লাখ টকাৰ পুৰস্কাৰৰ সৈতে এই হেকাথনে ডেভেলপাৰ, ডাটা বিজ্ঞানী, আৰু মিডিয়া পেছাদাৰীসকলক বাস্তৱ সময়ৰ ভুল তথ্য চিনাক্তকৰণ আৰু তথ্য প্ৰমাণীকৰণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা-চালিত সঁজুলি সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। বিজয়ী দলসমূহে আগশাৰীৰ প্ৰযুক্তি পেছাদাৰীসকলৰ পৰা নগদ পুৰস্কাৰ, পৰামৰ্শৰ সুযোগ আৰু ইনকিউবেচন সমৰ্থন লাভ কৰিব।
এতিয়ালৈকে ৩৬ শতাংশ মহিলাৰ অংশগ্ৰহণকে ধৰি বিশ্বজুৰি ৫,৬০০ৰো অধিক পঞ্জীয়নৰ সৈতে হেকাথনে ব্যাপক সমাদৰ লাভ কৰিছে।