• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইচ্ছ্যু হাছিনা! ভাৰতৰ প্ৰতি নেতিবাচক মনোভাৱ এৰিবলৈ পৰামৰ্শ; ঢাকাৰ দূতক মাতি আনি দিলে প্ৰত্যুত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2025 8:01 am
202
VIEWS
Share on FacebookShare on Twitter

শ্বেখ হাছিনাক লৈ ভাৰত চৰকাৰক জড়িত কৰি বাংলাদেশৰ প্ৰতিক্ৰিয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিলে নতুন দিল্লীয়ে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে বাংলাদেশৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত মহম্মদ নুৰুল ইছলামক ছাউথ ব্লকলৈ মাতি আনি ভাৰত চৰকাৰৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰে।

আৱামী লীগৰ অনলাইন প্লেটফৰ্মত যোগ দি বুধবাৰে দিল্লীৰ পৰা ভাষণ প্ৰদান কৰিছিল হাছিনাই। ভাষণত তেওঁ অন্তৱৰ্তীকালীন চৰকাৰ আৰু মহম্মদ ইউনুছক তীব্ৰ সমালোচনা কৰে। বাংলাদেশ চৰকাৰে ঢাকাত থকা ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূতক মাতি নি হাছিনাৰ বক্তব্যৰ প্ৰতিবাদত এখন নোট প্ৰদান কৰে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে বাংলাদেশৰ দূতক জনাইছে যে শ্বেখ হাছিনাৰ এই বক্তব্য তেওঁৰ ব্যক্তিগত। ইয়াৰ লগত ভাৰত চৰকাৰৰ কোনো সম্পৰ্ক নাই। ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বাংলাদেশ চৰকাৰ জড়িত হোৱাক লৈ নতুন দিল্লীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

ভাৰতৰ প্ৰতি থকা নেতিবাচক দৃষ্টিভংগী পৰিত্যাগ কৰিবলৈ বাংলাদেশক অনুৰোধ জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ঢাকাৰ ৰাষ্ট্ৰদূতগৰাকীক জনোৱা হয় যে এনে নেতিবাচক দৃষ্টিভংগী দুয়োখন দেশৰ সম্পৰ্কৰ বাবে ইতিবাচক নহয়।

বৃহস্পতিবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ “উচটনিমূলক” কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ. তৌহিদ হোছেইনে সাংবাদিকৰ আগত কয় যে ঢাকাই পূর্বে নতুন দিল্লীক শ্বেখ হাছিনাক এনে কামত লিপ্ত হোৱাত বাধা দিবলৈ আহ্বান জনাইছিল৷ কিন্তু আমি কোনো সঁহাৰি নাপালোঁ। ভাৰতীয় ভাৰপ্ৰাপ্ত উচ্চায়ুক্তৰ জৰিয়তে পুনৰ আপত্তি উত্থাপন কৰিলো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীয়ে শেহতীয়াকৈ শ্বেখ হাছিনাৰ বক্তব্যক অতি আক্ৰমণাত্মক বুলি অভিহিত কৰে। ইয়াৰ দ্বাৰা নৱপ্ৰজন্মৰ অনুভুতিত আঘাত লাগিব পাৰে বুলি তেওঁলোকে ইংগিত দিয়ে।

Recent News

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd