অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আধ্যাত্মিক গুৰু, GLOBAL INFLUENCER সদগুৰুৰ অনুষ্ঠান। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত ‘SATSANG WITH SADHGURU’ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়।
আধ্যাত্মিক গুৰুজনৰ অনুষ্ঠানত অংশ ল’লে ১০ সহস্ৰাধিক লোকে। উপস্থিত থাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ লগতে আন বহু বিশিষ্ট ব্যক্তি।
কিন্তু এই অনুষ্ঠানে সমস্যা সৃষ্টি কৰিছে নাগৰিকৰ৷ নৰ্থইষ্ট নাওক এগৰাকী অসমৰ বাহিৰৰ পৰা অহা অসমীয়া ব্যক্তিয়ে জনাইছে যে- মুখ্যমন্ত্ৰীৰ পত্নীৰ বিদ্যালয়ত অনুষ্ঠিত সদগুৰুৰ অনুষ্ঠানৰ বাবে পশ্চিমবংগ অসমৰ সীমান্ত শ্ৰীৰামপুৰত বৃহৎ যান-যটৰ সৃষ্টি হৈছে৷
এই কাৰ্য কিমান দূৰ সমীচীন তাক লৈ সচেতন মহলত প্ৰশ্ন উঠিছে৷