দিল্লীত আজিৰ পৰা প্ৰায় ১৩ বছৰ আগতে আম আদমি পাৰ্টিৰ জন্ম হৈছিল। জন্মৰ পিছতে আম আদমি পাৰ্টি কিয় ইমান জনপ্ৰিয় হৈ পৰিছিল? দলীয় ৰাজনীতি সম্প্ৰতি কেনে এক পংকিলতাত পতিত আমি সকলোৱে দেখিছোঁ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া কংগ্ৰেছৰ বৰ্তমান কি অৱস্থা সেইটোও আমি দেখিছোঁ। বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিটো কি? বি জে পি এটা হিন্দুত্ববাদী দল। আজি তেওঁলোকৰ চাৰিওফালে জয় জয় ময় অৱস্থা। কিন্তু কোনো প্ৰগতিশীল চিন্তাৰ লোকে বি জে পি ক সমৰ্থন কৰিব নোৱাৰে। বামপন্থী দলৰ শক্তি এতিয়া সীমিত। তেওঁলোক এসময়ত ভাৰতৰ তিনিখন ৰাজ্যত শাসনত আছিল। এতিয়া সি গৈ মাত্ৰ এখন ৰাজ্যত সীমাবদ্ধ হৈছেগৈ। যদিও এতিয়াও ভাৰতৰ অ’ত ত’ত তেওঁলোকৰ সংগঠন আছে। কিন্তু এটা ৰাজনৈতিক শক্তি হিচাপে তেওঁলোক এতিয়া আৰু সিমান শক্তিশালীহৈ থকা নাই। তেওঁলোকৰ এতিয়া আগৰ আকৰ্ষণ নাই। এনে এটা পৰিস্থিতিত আন্না হাজাৰেৰ নেতৃত্বত গঢ়ি উঠা ইণ্ডিয়া এগেইনষ্ট কৰাপচন আন্দোলনৰ পৰা আম আদমি পাৰ্টিৰ জন্ম হৈছিল। তাৰ মূল উদ্দেশ্য আছিল দুৰ্নীতি পৰায়ণ, ধনী আৰু স্বাৰ্থপৰ ৰাজনীতিকৰ পৰা ৰাজনীতিক মুক্ত কৰি কোনো মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ জনসাধাৰণৰ কল্যাণৰ বাবে ৰাজনীতিক প্ৰয়োগ কৰা। কিমান সুন্দৰ কথা! ৰাজনীতি লেতেৰা বুলি কৈ যিবোৰ সৎ, আদৰ্শবান মানুহ ইমান দিনে ৰাজনীতিৰ পৰা আঁতৰি আছিল, তেওঁলোকৰ বাবে কি আকৰ্ষণীয় আছিল এই ৰাজনীতি? স্বাভাবিকতে ৰাতাৰাতি আম আদমি পাৰ্টিৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ি গৈছিল। সাংবাদিক, শিক্ষক, বহুজাতিক নিগমৰ পৰা সাধাৰণ মানুহলৈ দলে দলে মানুহ আহি আম আদমি পাৰ্টিত যোগ দিছিলহি। তেওঁলোক সকলো এক বিকল্প ৰাজনীতিৰ অনুসন্ধান কৰি আম আদমি পাৰ্টিৰ ওচৰ চাপিছিলহি। আম আদমি পাৰ্টিৰ পইছাৰ অভাৱ হোৱা নাছিল। মানুহে সকলো ফালৰ পৰা আম আদমি পাৰ্টিক সহায় কৰিছিল। তেওঁলোকৰ পুঁজিলৈ দান- বৰঙণি আগবঢ়াইছিল। প্ৰচলিত পাৰ্টি বোৰ আম আদমি পাৰ্টিৰ হঠাৎ হোৱা এই উত্থানত বিমূঢ় হৈ পৰিছিল। তেওঁলোকে তাৰ কোনো ব্যাখ্যা বিচাৰি পোৱা নাছিল। কিন্তু সাধাৰণ মানুহৰ বাবে আম আদমি পাৰ্টি আছিল এচাটি বিশুদ্ধ মলয়া। কেজৰিৱালৰ সেই নীলা উৱেগনাৰখনৰ কথা আমাৰ এতিয়াও মনত নাই জানো? বাকী পাৰ্টি বাদ, বিজেপিৰ দৰে ৰাজনৈতিক দলেও দিল্লীত আম আদমি পাৰ্টিৰ লগত ফেৰ মাৰিব পৰা নাছিল। আম আদমি পাৰ্টিৰ প্ৰথমখন চৰকাৰে ৰাইজৰ, সাধাৰণ ৰাইজৰ কাৰ্যসূচী এখনৰ বাস্তৱ ৰূপ দিব বিচাৰিছিল। তিনিটা কাম তেওঁলোকে কৰিব বিচাৰিছিল- ১) প্ৰশাসন দুৰ্নীতি মুক্ত কৰা, ২) জনকল্যাণমূলক কামত জোৰ দিয়া – শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, পানী, পৰিবহন আদি আৰু ৩) সুশাসন।
প্ৰথমটো শাসন কালতো তেতিয়াৰ দিল্লীৰ উপ-ৰাজ্যপাল নাজীব জুঙৰ লগত প্ৰশাসনীয় কৰ্ত্তৃত্বলৈ কেজৰিৱালৰ সংঘাত হৈছিল। কিন্তু, তথাপি আম আদমি পাৰ্টিয়ে দিল্লীৰ মানুহৰ বাবে যথেষ্টখিনি ভাল কাম কৰিব পাৰিছিল। দ্বিতীয়বাৰো বিপুল ভোটত বিজয়ী হৈ ২০২০ চনত আম আদমি পাৰ্টি ক্ষমতালৈ আহিছিল। কিন্তু ইতিমধ্যে আম আদমি পাৰ্টি প্ৰচলিত ৰাজনৈতিক দলবোৰৰ অপসংস্কৃতিৰ দ্বাৰা সংক্ৰমিত হ’বলৈ আৰম্ভ কৰিছিল। প্ৰথম, অৰবিন্দ কেজৰিৱাল পাৰ্টিৰ অবিসম্বাদী নেতা হৈ পৰিছিল। গণতান্ত্ৰিক পদ্ধতিৰে সিদ্ধান্ত লোৱা প্ৰক্ৰিয়া দলৰ পৰা অন্তৰ্হিত হ’বলৈ আৰম্ভ কৰিছিল। পাৰ্টি ক্ৰমান্বয়ে ক্ষমতা আৰু ধনৰ কবলত পৰিছিল। কিমান টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ আবাস নিৰ্মাণ কৰা হৈছিল আমি সকলোৱে জানো। আটাইতকৈ ডাঙৰ কথা কেন্দ্ৰীয় চৰকাৰে উপ-ৰাজ্যপালৰ যোগেদি আম আদমি পাৰ্টিৰ চৰকাৰক অনবৰতে নাকনি-কাননি কৰি থাকিছিল। তেওঁলোকক শান্তিৰে কোনো সিদ্ধান্ত ল’বলৈ, কাম কৰিবলৈ দিয়া হোৱা নাছিল। আনহাতে, আম আদমি পাৰ্টিৰ যিটো শক্তি মানে কোনো ৰাজনৈতিক মতাদৰ্শৰ বশৱৰ্তী নোহোৱাকৈ নিকা আৰু জনকল্যাণকামী প্ৰশাসন আছিল সময়ত সেইটো তেওঁলোকৰ দুৰ্ৱলতালৈ পৰ্যৱসিত হৈছিল। এসময়ত বিজেপিৰ দৰে তেওঁলোকেও সংখ্যাগৰিষ্ঠ ভোটাৰক তোষামোদ কৰাত লাগিছিল। কা আন্দোলনৰ সময়ত তেওঁলোকৰ ভূমিকা বৰ নেতিবাচক আছিল। দিল্লী ৰায়তৰ সময়ত কেজৰিৱাল প্ৰায় নিশ্চুপ হৈ আছিল। আগ্ৰহ আৰু আন্তৰিকতাৰে জনসাধাৰণৰ কাম কৰাৰ সলনি তেওঁলোকে যি কোনো এটা ৰাজনৈতিক দলৰ দৰে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছিল। আম আদমি পাৰ্টি আকন্ঠ নিৰ্বাচনী ৰাজনীতিত নিমজ্জিত হৈ পৰিছিল। ইফালে যিকোনো প্ৰকাৰে নিৰ্বাচন জিকা বিদ্যাত বিশাৰদ বিজেপি আৰু প্ৰবল পৰাক্ৰমী কেন্দ্ৰীয় চৰকাৰৰ কাৰণে উত্তৰ ভাৰতৰ দিল্লীৰ দৰে ঠাই এখনত বিজেপিৰ চৰকাৰ নথকাটো এক অতি দৃষ্টিকটু(eyesore) কথা আছিল। গতিকে এটাৰ পিছত এটাকৈ, কিছু মনে সজা বা কিছু সঁচা অজুহাতত তেওঁলোকে কেজৰিৱালকে আদি কৰি আপৰ ডাঙৰ ডাঙৰ নেতা বোৰক জেললৈ নিক্ষেপ কৰিছিল। লোক সভা নিৰ্বাচনৰ আগৰে পৰা কেন্দ্ৰীয় চৰকাৰে সকলো ফালৰ পৰা আপক দুৰ্বল কৰিবলৈ উঠি পৰি লাগিছিল। ভিতৰৰ পৰা আপৰ আগৰ আকৰ্ষণ নোহোৱা হৈ আহিছিল আৰু বাহিৰৰ পৰা বিজেপিয়ে উপৰ্যুপৰি কৰা আক্ৰমণে আম আদমি পাৰ্টিক জুৰুলা আৰু দুৰ্বল কৰি তুলিছিল। তাৰ ফলতে আজি আম আদমি পাৰ্টি দিল্লীত ক্ষমতাৰ পৰা আঁতৰিব লগা হ’ল। আম আদমি পাৰ্টিয়ে এই আক্ৰমণ প্ৰতিহত কৰি আকৌ আগৰদৰে ঠন ধৰি উঠিব পাৰিবনে? দিল্লীত থকা মোৰ বন্ধু ৰুবিনৰ মতে পাৰিব। ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱেও কৈছে কেৱল নিৰ্বাচনৰ কথা চিন্তা কৰি থকাৰ উপৰি নীতি আদৰ্শৰ প্ৰশ্নৰ ওপৰত গুৰুত্ব দিলে হয়তো তেওঁলোক আকৌ আগৰ দৰে শক্তিশালী ৰূপত আবিৰ্ভাৱ হ’ব পাৰিব। এই বিষয়ে মই নিজে অলপ সন্দিহান। ভাৰতৰ ৰাজনীতিয়ে এতিয়া এটা নতুন মোৰ লৈছে। সকলো বিৰোধী দল যদি নীতি, আদৰ্শৰ ভিত্তিত একলগ নহয়, আৰু তেওঁলোকে যদি উমৈহতীয়া ৰণনীতি আৰু ৰণকৌশল গ্ৰহণ নকৰে ভাৰতৰ ৰাজনীতিৰ আকাশৰ পৰা ইমান সহজে বি জে পিৰ ক’লা ডাৱৰ আঁতৰি যাব বুলি মোৰ মনে নধৰে। মনত ৰাখিব – আপৰ পৰাজয় কেৱল আপৰে পৰাজয় নহয় এয়া বিৰোধীৰো পৰাজয়। বিজেপিৰ আগ্ৰাসন সকলো বিৰোধীয়ে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিলে দল নালাগে দেশেই নাথাকিব।