• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয় বিশ্বযুদ্ধ ইমানদিনে লাগি গ’লহেঁতেন, ভাগ্য ভাল যে মই সময়তে ৰাষ্ট্ৰপতি হ’লো: ড’নাল্ড ট্ৰাম্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 9:40 am
129
VIEWS
Share on FacebookShare on Twitter

তৃতীয় বিশ্বযুদ্ধৰ পৰা পৃথিৱী বহু দূৰত নাই, তেওঁৰ নেতৃত্বতহে এনে যুদ্ধ ৰোধ কৰা সম্ভৱ হ’ব। বৃহস্পতিবাৰে মিয়ামীত অনুষ্ঠিত এক সন্মিলনত ভাষণ দি এই দাবী  কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পৰ মতে, যদিহে প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকাত আৰু এবছৰ ক্ষমতাত থাকিলহেঁতেন তেন্তে এতিয়ালৈকে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’লহেঁতেন।

ট্ৰাম্পে কয় যে তৃতীয় বিশ্বযুদ্ধৰ পৰা কোনেও লাভৱান নহয়। কিন্তু মই এতিয়াই ক’ব পাৰো, আপুনি যুদ্ধৰ পৰা বহু দূৰত নহয়। এই প্ৰশাসন যদি আৰু এবছৰ চলিলহেঁতেন তেন্তে আপুনি নিশ্চয় যুদ্ধৰ মাজত সোমাই পৰিলহেঁতেন। কিন্তু এতিয়া তেনেকুৱা নহ’ব, মই ইয়াত আছো।’

ট্ৰাম্পে লগতে কয় যে যদিও আমেৰিকাই কোনো যুদ্ধত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰে, তথাপিও এনে সংঘাত সংঘটিত হ’লে তেওঁ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব। তেওঁৰ ভাষাত, ‘আমি এই অৰ্থহীন আৰু অমীমাংসিত যুদ্ধবোৰ বন্ধ কৰি দিম। আমি নিজে এই যুদ্ধবোৰত লিপ্ত নহওঁ, কিন্তু আমি আন সকলোতকৈ শক্তিশালী হৈ থাকিম। যদি কেতিয়াবা যুদ্ধ হয় তেন্তে আমাৰ লগত কোনেও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। কিন্তু তেনেকুৱা একো হ’ব বুলি মই নাভাবো।’

ট্ৰাম্পে তেওঁৰ ভাষণত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক কঠোৰভাৱে আক্ৰমণ কৰে। তেওঁ কয় যে ইউক্ৰেইনৰ যুদ্ধত আমেৰিকাই ইউৰোপতকৈ ২০০ বিলিয়ন ডলাৰ অধিক ব্যয় কৰিছে, তথাপিও ইউৰোপৰ পৰা আমেৰিকাই কোনো প্ৰতিদান পোৱা নাই।

ট্ৰাম্পে দাবী কৰে যে জেলেনস্কিয়ে আমেৰিকাক এনে এক যুদ্ধত বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ পতিয়ন নিয়াইছে যিটো অসম্ভৱ। ইউৰোপেও ইমান টকা দিয়া নাই। আটাইতকৈ ডাঙৰ কথাটো হ’ল এই যুদ্ধ আৰম্ভ কৰাৰে প্ৰয়োজন নাছিল।

Recent News

এটা যুগৰ অন্ত! কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ

এটা যুগৰ অন্ত! কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd