• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অশালীন মন্তব্য! ড০ গীতাশ্ৰী তামুলীৰ পাছত এইবাৰ মহিলা সাংবাদিককো অপদস্থ বদৰুদ্দিন আজমলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 6:28 pm
204
VIEWS
Share on FacebookShare on Twitter

বিধায়ক অখিল গগৈৰ পত্নী ড০ গীতাশ্ৰী তামুলীক ‘বুঢ়ী’ বুলি কৈ পুনৰ বিতৰ্কত সোমাই পৰিছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। ইটোৰ পিছত সিটো অশালীন মন্তব্য কৰিছে বদৰুদ্দিন আজমলে।

উল্লেখ্য যে ড০ গীতাশ্ৰী তামুলীক লৈ কৰা এই অপমানসূচক মন্তব্যৰ পিছত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ মহিলা শাখা জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদক মমী ৰায় চৌধুৰীয়ে।

ইয়াৰ উপৰিও আজি শিৱসাগৰ থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে।

উল্লেখ্য যে দেওবাৰে অখিল গগৈৰ পত্নীৰ কথিত নিযুক্তি কেলেংকাৰীৰ বিষয়টোত সংবাদ মাধ্যমক সম্বোধন কৰি বদৰুদ্দিন আজমলে কৈছিল, “অখিল গগৈৰ পত্নী বুঢ়ী, গতিকে এই সন্দৰ্ভত ক’বলগীয়া একো নাই।

লগতে আজমলে কৈছিল যে অখিল গগৈৰ পত্নী বুঢ়ী হৈছে, যুৱতী হোৱা হ’লে কিবা ক’ব পাৰিলোঁহেতেঁন। সেয়ে এতিয়া মোৰ ক’বলগা একো নাই।

ইয়াৰ পিছতে জাতীয় নাৰী বাহিনী আৰু জাতীয় যুৱ বাহিনীয়ে থানাই থানাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

কিন্তু সোমবাৰে সংবাদ মাধ্যমৰ আগত পুনৰ অশালীন মন্তব্য কৰে আজমলে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে এগৰাকী মহিলা সাংবাদিকলৈ আঙুলি টোৱাই বদৰুদ্দিন আজমলৰ মন্তব্য – “অখিল গগৈৰ পত্নী তাইৰ ‎নিচিনা জোৱান নেকি? বুঢ়া কোৱাটো গালি নেকি? মই ভাল ভাবিয়েই কৈছোঁ।”‎

কেৱল এয়াই নহয়, প্ৰশ্ন সোধা মহিলা সাংবাদিকগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ হুমকিও দিয়ে বদৰুদ্দিন আজমলে।

লগতে আজমলে কয় – “অখিল গগৈৰ পত্নী ধুনীয়া, মিছ ইণ্ডিয়া। এতিয়া মোৰ ওপৰত দিয়া কেচ উঠাই ল’ব নেকি?‎ অখিল গগৈৰ পত্নীৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই এসপ্তাহ ধৰি কৈ আছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেচ দিয়া নাই। ‎কিন্তু মোৰ বিৰুদ্ধে কেচ দিছে। হিমন্ত বিশ্ব শৰ্মাৰ পৰা অখিল গগৈয়ে পইচা লয় নেকি?‎”

ইয়াৰ পিছতে এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহিলা সাংবাদিকগৰাকীৰ লগতে ড০ গীতাশ্ৰী তামুলীক ৰাজহুৱাভাবে ক্ষমা খোজাৰ দাবী জনাইছে সচেতন মহলে।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd