• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি অনুপযোগী মাটিতহে স্থাপন কৰক উদ্যোগ; কৃষি পথাৰ ধ্বংস কৰি উদ্যোগ স্থাপনৰ বিৰোধিতা আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 3:56 pm
440
VIEWS
Share on FacebookShare on Twitter

এডভাণ্টেজ অসম কাৰ্যসূচীৰ যোগেদি অসমত বিনিয়োগ কৰিবৰ বাবে বিনিয়োগকাৰীসকলৰ সৈতে অসম চৰকাৰৰে হোৱা চুক্তিক আম আদমি পাৰ্ট, অসমে আদৰণি জনাইছে ৷ অন্যহাতে একে সময়তে এই সম্পৰ্কত দলৰ স্থিতি স্পষ্ট কৰিছে আম আদমি পাৰ্টী, অসমে ৷

 এক প্ৰেছ বিবৃতিত আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই ৰাজ্য চৰকাৰক স্পষ্ট কৰি দি কয় , “আম আদমী পাৰ্টিয়ে ৰাজ্যখনত ব্যাপক উদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ লগতে থলুৱা নিবনুৱাৰ সংস্থাপনৰ দাবী জনায়। চৰকাৰৰ উদ্যোগ স্থাপনৰ নীতি আমি সমৰ্থন কৰোঁ।  কিন্তু জধে – মধে কৃষি ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি আৰু বনাঞ্চল ধ্বংস কৰি উদ্যোগ স্থাপন কৰিব বিচাৰিলে তাক আম আদমি পাৰ্টী, অসমে বিৰোধিতা কৰিব ৷”

বিগত প্ৰায় ৮ বছৰে বিজেপি চৰকাৰৰ শাসন কালত ৰাজ্যখনত উদ্যোগ স্থাপন আৰু অন্যান্য নিৰ্মাণ কাৰ্যত ১৫ হাজাৰ হেক্টৰ কৃষি ভূমি হ্ৰাস হৈছে বুলি উদ্বেগ প্ৰকাশ কৰি আম আদমি পাৰ্টীৰ নেতাগৰাকীয়ে কয়, কৃষি ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা নীতি বন্ধ নকৰিলে কৃষি প্ৰধান ৰাজ্য অসম উদ্যোগ প্ৰধান ৰাজ্যত পৰিণত হ’ব, যাৰ ফলত কৃষক ৰাইজ ক্ষতিগ্ৰস্ত হ’ব ৷

অন্যহাতে বিগত দিনবোৰত ৰাজ্যত উদ্যোগ স্থাপন আৰু অন্যান্য  নিৰ্মাণ কাৰ্যৰ ফলত বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাইছে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰি আপৰ নেতাজনে কয় যে বনাঞ্চল ধ্বংসৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতাত আঘাত পৰিছে ৷ এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আম আদমি পাৰ্টী, অসমে অসম চৰকাৰক সকীয়াই দিছে ৷

এই সমগ্ৰ বিষয়টোত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই আম আদমি পাৰ্টী, অসমে কৃষি ভূমিৰ পৰিৱৰ্তে কৃষি অনুপযোগী মাটিত উদ্যোগ স্থাপন আৰু নিৰ্মাণ কাৰ্য কৰিবলৈ দাবী জনায় ৷

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd