• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পলিটেকনিকৰ ৬৪ গৰাকী অংশকালীন শিক্ষকৰ কাষত ডি ৱাই এফ আই-এছ এফ আইৰ প্ৰতিনিধি দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 7:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ এঘাৰখন পলিটেকনিকৰ ৬৪ গৰাকী অংশকালীন প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদত বহা শিক্ষকসকলৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। আজি ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, যুটীয়া সম্পাদক নিৰংকুশ নাথ আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস সহিতে এক প্ৰতিনিধি দলে চচলৰ ধৰ্ণাস্থলিলৈ গৈ আন্দোলনৰত শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে।

২০১৭ চনৰ প্ৰতিষ্ঠা কালৰ পৰা নিযুক্ত এইসকল পলিটেকনিকৰ অংশকালীন প্ৰবক্তাক ৮ বছৰ পিছত অন্যায়ভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যক দুয়োটা সংগঠনে তীব্ৰ প্ৰতিবাদ কৰে আৰু এয়া চৰকাৰৰ দূৰদৃষ্টিহীন তথা অন্যায় সিদ্ধান্ত বুলি অভিহিত কৰে। পৰিতাপৰ কথা যে নিযুক্তিৰ সময়ত এইসকল শিক্ষকৰ পৰা অন্য চাকৰিত যোগদান নকৰাৰ প্ৰতিশ্ৰুতি হিচাপে শিক্ষাগত প্ৰমাণ পত্ৰ তিনি বছৰৰ কাৰণে জমা দিবলগীয়া হৈছিল। এইসকল শিক্ষকৰ বহুতৰে চাকৰিৰ বয়স উকলিবৰ হৈছে। এনে অৱস্থাত এই উচ্চ শিক্ষিত যুৱক-যুৱতীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াটো চৰম অন্যায় আৰু অযুক্তিকৰ হিচাপেই বিবেচিত হৈছে।

Apply Now

ডি ৱাই এফ আই আৰু এছ এফ আইয়ে লক্ষ্য কৰিছে যে চৰকাৰে এটাৰ পিছত আন এটা বিভাগৰ কৰ্মৰত শ্ৰমিক অথবা শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্য আৰম্ভ কৰিছে। অসম ৰাজ্যিক পৰিবহণ বিভাগৰ প্ৰায় ৭০০ কৰ্মচাৰীক আৰু মীন বিভাগৰ তিনি শতাধিক কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিছে।

স্বাস্থ্য বিভাগ (এন এইছ এম)ৰ ২৬ হাজাৰ কৰ্মচাৰী চৰম নিৰাপত্তাহীনতাত ভূগী আন্দোলনৰ পথ লৈছে, বিদ্যুৎ বিভাগ, জলজীৱন মিছন, গো-মিত্ৰ, কম্পিউটাৰ শিক্ষক, পৌৰ আৰু পঞ্চায়তসমূহত লক্ষাধিক ঠিকা শ্ৰমিকে কাম কৰি আছে।

পলিটেকনিকৰ অংশকালীন শিক্ষকৰ বিৰুদ্ধে লোৱা অসম চৰকাৰৰ সিদ্ধান্তই সমগ্ৰ ঠিকা শ্ৰমিক-কৰ্মচাৰীৰ প্ৰতিয়ে অশনি সংকেত কঢ়িয়াই আনিছে। ডি ৱাই এফ আই আৰু এছ এফ আইয়ে অসম চৰকাৰৰ এই যুৱক-যুৱতী বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd