সুদীৰ্ঘ সময়ৰ অন্তত পাকিস্তানত অনুষ্ঠিত হৈছিল চেম্পিয়নছ ট্ৰফী। ২০১৭ চনৰ পাছত ২০২৫ বৰ্ষত পাকিস্তান ক্ৰিকেট বৰ্ডে চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিছিল। এতিয়া এই মেগা আই চি চি ইভেণ্টৰ আয়োজক পাকিস্তান ক্ৰিকেট বৰ্ড সন্মুখীন বৃহৎ আৰ্থিক সংকটৰ।
বিশ্ব ক্ৰিকেটত তেওঁলোকৰ স্থান শক্তিশালী কৰালগতে আৰ্থিক ভাবে সমৃদ্ধ হোৱাৰ আশাৰে পিচিবিয়ে আয়োজন কৰিছিল চেম্পিয়নছ ট্ৰফী । কিন্তু আয়োজক দেশ্খন নিজেই গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাৰ পাছত এক বৃহৎ আৰ্থিক সংকটত পৰিছে পিচিবি।
জানিব পৰা মতে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানে প্ৰায় ১৮ বিলিয়ন পাকিস্তানী টকা ব্যয় কৰিছিল। এই ধনৰাশি ৰাৱালপিণ্ডি, লাহোৰ আৰু কৰাচীৰ তিনিখন ষ্টেডিয়ামৰ সংস্কাৰৰ বাবে ব্যয় কৰা হৈছে। যিটো মূল বাজেটতকৈ ৫০ শতাংশ বেছি আছিল।
প্ৰতিযোগিতাখনৰ আয়োজনতো পিচিবিয়ে ৪০ মিলিয়ন ডলাৰ ব্যয় কৰিছিল। কিন্তু চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰি একো লাভ নহ’ল আয়োজক দেশ খনৰ। বৰঞ্চ পাকিস্তান ব’ৰ্ডে টিকট বিক্ৰী আৰু পৃষ্ঠপোষকতাৰ জৰিয়তে মাত্ৰ ৬০ লাখ ডলাৰহে উপাৰ্জন কৰিবলৈ সক্ষম হয়।
সৰ্বমুঠ ৮৬৯ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে পিচিবি। সূত্ৰ অনুসৰি পিচিবিয়ে ঘৰুৱা টি-২০ প্ৰতিযোগিতাত মেচৰ মাচুল ৯০ শতাংশ হ্ৰাস কৰিছে। একে সময়তে ৰিজাৰ্ভ খেলুৱৈৰ মাচুল ৮৭.৫ শতাংশ হ্ৰাস কৰা হৈছে বুলি জানিব পৰা গৈছে।