• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজৰ টকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিছে বিজেপিয়ে! মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিমান পালে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2025 7:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter


শাসক দল বিজেপি দলে ৰাজহুৱা ধন ৰাজনৈতক স্বাৰ্থত ব্যৱহাৰ কৰিছে নেকি ? নিৰ্বাচনৰ সময়তে মুকলি কৰে ইখনৰ পিছত সিখন আঁচনি, প্ৰশ্ৰুতিৰ ওপৰত প্ৰশ্ৰুতি! শেহতীয়াকৈ অসম
প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰি শাসক বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থান কৰিছে যে, অসমৰ ৰাইজৰ কষ্টোপার্জিত টকা ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰকৰিছে।

সংবাদমেলত প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০ চনত আৰম্ভ কৰা অৰুণোদয় আঁচনিত প্রথম অৱস্থাত মহিলা হিতাধিকাৰীৰ সংখ্যা আছিল ১৮ লাখ। ২০২৩ চনত বৃদ্ধি কৰা হয় ২৪ লাখলৈ। চলিত বাজেটত ২০২৬ ৰ নিৰ্বাচনক লক্ষ্য কৰি এই সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ বাবে ৫০০০ কোটি টকা ধার্য্য কৰিছে।

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে চৰকাৰে No e-124934/orunudoi /3.0/344229,dtd 14th Dec/2024 জাৰি কৰা SOP ত বিতংভাৱে পৰামৰ্শাৱলী দিয়া হৈছে যদিও বিজেপি চৰকাৰে ২০২৬ ৰ বিধান সভা নিৰ্বাচনত ভোট কিনিবৰ বাবে ব্যাপক ভাৱে পৰামৰ্শাৱলী উলঙঘা কৰিছে শাসক দলটোৱে। ইয়াৰ ভিতৰত উল্লেখ্য যে  অৰুণোদয়ৰ হিতাধিকাৰী গাওঁ সভা পাতি নিৰ্বাচন কৰিব লাগে। কিন্তু প্রায় বোৰ বিধান সভা সমষ্টিত বি জে পি ৰ স্থানীয় বিধায়ক, মন্ত্রীয়ে বাছি বাছি নিজ দলৰে কৰ্মীক তালিকা ভুক্ত কৰিছে।

ইতিমধ্যে বৃদ্ধ পেঞ্চন (NOAP), Indira Gandhi National Widow Pension (NWPS) আৰু (NDPS) Indira Gandhi National Disability Pension আঁচনিত উপকৃত হৈ থকা মহিলাক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰিবলৈ দিয়া নাই যদিও বিজেপি য়ে ৰাজনৈতিক স্বার্থত তেওঁলোকৰ দলীয় সদস্য পদ গ্রহণ কৰা এনে মহিলাক এই আচঁনিত তালিকাভুক্ত কৰিছ

বিভিন্ন বিধান সভা সমষ্টিত বিজেপিৰ নেতা পালি নেতাই আন দলৰ বা কোনো ৰাজনৈতিক দলত অন্তর্ভুক্ত নোহোৱা মহিলাক অৰুণোদয়ৰ প্রলোভন দি বল পূর্বক বিজেপি দলৰ সদস্য হ’বলৈ বাধ্য কৰাইছে। ইয়াৰোপৰি বার্ষিক উপার্জন ২ লাখ টকাৰ কম হোৱা মহিলা সকলৰ পৰিবৰ্তে হাজাৰ হাজাৰ ধনৱন্ত পৰিয়ালৰ মহিলাক কেৱল বিজেপি দলৰ সদস্য হোৱাৰ সুবাদতে অৰুণোদয়ত হিতাধিকাৰী ভুক্ত কৰিছে।

আগৰ পৰা অৰুণোদয়ৰ ধন লাভ কৰি আছিল- অৰুণোদয় ৩.০ ত ৩৭.২ লাখলৈ বৃদ্ধি কৰাত এই বৰ্দ্ধিত ১৩.২ লাখ মহিলা হিতাধিকাৰী নিৰ্বাচন কৰাৰ নামত স্থানীয় পর্যায়ত বিজেপি নেতা পালি নেতা বোৰে তেওঁলোকৰ দলীয় সদস্যাক উপকৃত কৰাৰ বাবে পূৰ্বতে অৰুণোদয় ১.০ আৰু অৰুণোদয় ২.০ত তালিকাভুক্ত হোৱা হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰি বিজেপি দলৰ মহিলাক অন্তর্ভুক্ত কৰাত ইতিমধ্যে ৰাজ্যজুৰি বিভিন্ন ঠাইত বঞ্চিত মহিলা সকলে প্রতিবাদ কৰিছে।

আনহাতে, ২০২৫-২৬ বৰ্ষৰ বাজেটত মুঠ ধার্য টকা ১,৫৫,৪২৮.৭৫ কোটি, যিটো ২০২৪-২৫ বৰ্ষৰ বাজেটত নিৰ্ধাৰিত টকাৰ ৭০% হে চৰকাৰে সংগ্ৰহ কৰিব পাৰিলে। এই বাৰৰ বাজেটতো ৭০% ত কৈ অধিক টকা চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰিব। গতিকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শেষত বাস্তৱিকতে বাজেটৰ পৰিমাণ হব ১,৫৫,০০০.০০ ৰ ৭০% = ১,০৮,০০০.০০ কোটি।

ইয়াৰে প্ৰায় ৪ লাখ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু ১.৫ লাখ পেঞ্চনাৰ। এটা বিত্তীয় বৰ্ষত চৰকাৰক কৰ্মচাৰীৰ দা দৰমহা দিওঁতে লাগে- ৪৪,০০০ কোটি টকা, পেঞ্চনাৰ সকলৰ বাবদ লাগে ১০,০০০ কোটি টকা  কৰ্মচাৰী সকলৰ বিভিন্ন সুবিধা প্ৰদানৰ  (allowance, medical, house rent allowance, travel allowance, bonus, arrear payment )ইত্যাদিৰ বাবদ ১,০০০ কোটি টকা।

অন্যান্য অস্থায়ী কৰ্মচাৰী (contractual, part-time, daily wage,) শিতানত প্রায় ১ লাখ কৰ্মচাৰী আছে আৰু তেওঁলোকৰ বাবে এবছৰত – ১,০০০ কোটি টকা সর্ব মুঠ ৪৭,০০০ কোটি টকা

আনহাতে চৰকাৰে বৰ্ত্তমান লৈকে লোৱা ঋণ প্রায় ২.০৬ লাখ কোটি টকাৰ বাৰ্ষিক সুদ-১৬,০০০ কোটি, খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলৰ অতিৰিক্ত হিতাধিকাৰী ৪০ লাখ ৩৭০.০০ কোটি টকা মুঠ হিতাধিকাৰী-১,৩০,০০০০ কোটি, সর্ব মুঠ ৯,৯১৪ কোটি টকা প্রায় ১০,০০০ কোটি টকা।

মুখ্য মন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, সত্ৰৰ ভকত সকলৰ বাবে প্ৰতি মাহে ১৫০০ টকা, গৱেষক শিক্ষার্থীক দিয়া হব ২৫০০০ টকা স্নাতক আৰু স্নাতকত্তোৰ  অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে ২৫০০ টকা ।

ইফালে যোৱা বিত্তীয় বৰ্ষত বিজেপি চৰকাৰে বিজ্ঞাপনৰ নামত খৰছ কৰিছে প্রায়-৩৭০ কোটি টকা যিটো ১ বছৰত ৭৪ কোটি টকা। ইয়াৰে মুখ্য মন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী আৰু পৰিয়াল বৰ্গৰ মালিকাধীন সংবাদ প্রতষ্ঠান সমূহে লাভ কৰিছে ক্ৰমে নিয়মীয়া বার্তা -১৪.০১ কোটি টকা, নিউজ লাইভে – ৩.৭১ কোটি টকা, নৰ্থ ইষ্ট লাইভ-১.৯৯ কোটি টকা, ৰামধেনু -৭৯ লাখ টকা, ৰং-১.৩৮ কোটি টকা, যিটো সৰ্ব মুঠ ২১.৮৮ কোটি টকা লাভ কৰিছে। ইয়াৰোপৰি ২০২৫-২৬ ৰ বাবেও বিজ্ঞাপনৰ বাবদ ৭৪.০০ কোটি ধাৰ্য কৰিছে অসম চৰকাৰে।

ইফালে মুখ্য মন্ত্ৰীয়ে ২০২১-২৪ লৈ হেলিকপ্টাৰ আৰু চার্টাড বিমানত ভ্ৰমণৰ বাবদ ৫৮.০০ কোটি টকা খৰছ কৰে।  সকলো যোগ কৰি প্রায় ৭৩,০০০ কোটি টকা খৰচ হয়।

যিটো ২০২৫-২৬ ৰ বাজেটত যদি আগৰ বছৰৰ দৰে মুঠ ধাৰ্য্য টকাৰ ৭০% সংগৃহীত হয় তেতিয়া বাজেটৰ মুঠ সংগৃহীত টকা হব ১,০৮,০০০ কোটি টকা যদি ১,০৮,০০০ কোটি টকাৰ পৰা ৭৩,০০০ কোটি টকা বাদ দিয়া হয় তেতিয়া হ’লে ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ বাবে থাকিব মাত্র ৩৫,০০০ কোটি টকা।

অসমৰ দৰে সমস্যা বহুল এখন ৰাজ্যৰ সামগ্রিক উন্নয়নৰ বাবে ৩৫,০০০ কোটি টকা, এপাচি কচু শাকত এটা জালুক সদৃশ। এই পৰিসংখ্যাই প্ৰমাণ কৰে ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কেৱল নিৰ্বাচনত জিকিবৰ বাবে অসমৰ ৰাইজৰ বাজেটৰ টকা কেনে দৰে দলীয় স্বাৰ্থত ব্যৱহাৰ কৰি অসমৰ ৰাইজক সামগ্রিক বিকাশৰ পৰা বঞ্চিত কৰিছে।


Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd