• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেওঁক হত্যাৰ অপৰাধত ৪ জন কাৰাগাৰত; ১৮ মাহৰ পিছত ঘৰলৈ উভতি আহিল ‘মৃতা’ মহিলা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 22, 2025 10:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁক হত্যা কৰাৰ অপৰাধত চাৰিজন লোক কাৰাগাৰত আছে। তেওঁৰ শেষকৃত্যও তেওঁৰ পৰিয়ালে সম্পন্ন কৰিছে। আৰু সেই একেগৰাকী মহিলাই ‘মৃত্যুৰ’ ১৮ মাহৰ পাছত গাঁৱলৈ উভতি আহিল। জীৱন্ত অৱস্থাত। তেওঁৰ পৰিয়াল স্তম্ভিত, আৰক্ষীও স্তম্ভিত। অৱশ্যে মাতৃক জীয়াই থকা দেখি তেওঁৰ সন্তানসকল আনন্দিত।

মহিলাগৰাকী ঘূৰি অহাৰ পিছতে তেওঁৰ আধাৰ আৰু অন্যান্য পৰিচয় পত্ৰ লৈ পৰিয়ালৰ লোকে থানালৈ যায়। মহা সংকটত পৰিছে আৰক্ষী। তেওঁলোকৰ সন্মুখত দুটা সাঁথৰ। এক, মৃত মহিলাগৰাকী কোন আছিল? দ্বিতীয়তে, কেতিয়াও নোহোৱা হত্যাকাণ্ডৰ বাবে কাৰাদণ্ডৰ শাস্তি পোৱা চাৰিজনৰ কি হ’ব? এই চাঞ্চল্যকৰ ঘটনাটো মধ্যপ্ৰদেশৰ মন্দসৌৰ জিলাৰ।

Apply Now

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মহিলাগৰাকীৰ পৰিয়ালে তেওঁ গান্ধীসাগৰ অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা বুলি আৰক্ষীক জনাইছিল। মন্দসৌৰ জিলা সদৰৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত ৰাজস্থানৰ সীমান্তৱৰ্তী এই স্থান।

কিছুদিন পূৰ্বে আৰক্ষীয়ে ঝাবুৱা জিলাৰ থাণ্ডলা অঞ্চলৰ এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰিছিল। মৃতদেহটো মুম্বাই-দিল্লী ঘাইপথৰ কাষত পৰি আছিল। থাণ্ডলা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, মৃতকৰ মুখ আৰু মূৰত গধুৰ শিলেৰে থেতেলি পেলোৱা হৈছে।

আৰক্ষীয়ে মৃতদেহটোৰ ছবি সকলো থানালৈ প্ৰেৰণ কৰে। সংশ্লিষ্ট মহিলাগৰাকীৰ পৰিয়ালে সেইটো দেখি থাণ্ডলা থানালৈ যায়। থাণ্ডলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰিজেশ মালৱ্যই জানিবলৈ দিয়া মতে, গান্ধীসাগৰৰ পৰা ফোন পোৱাৰ পিছতে পৰিয়ালটো থানালৈ আহিছিল। গোৰোহাত টেটু আৰু সূতা বান্ধি থোৱা দেখি পৰিয়ালটোৱে মৃতদেহটো তেওঁলোকৰ কন্যাৰ বুলি চিনাক্ত কৰে।

তেওঁলোকে এক ভাষ্য প্ৰকাশ কৰি কয় যে তেওঁলোকৰ কন্যাই জনৈক শ্বাহৰুখৰ সৈতে পলাই গৈছিল। তেওঁলোকৰ বক্তব্যৰ ভিত্তিত শ্বাহৰুখ আৰু তেওঁৰ ইমৰাণ, সোণু আৰু এজাজ নামৰ তিনিজন সহযোগীক গ্ৰেপ্তাৰ কৰা হয়।

আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰিজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে। আৰক্ষীয়ে দাবী কৰে যে তেওঁলোকৰ হাতত চাৰ্জশ্বীট দাখিল কৰিব পৰাকৈ যথেষ্ট প্ৰমাণ আছে। অৱশ্যে বৰ্তমান এই গোচৰ আদালতত বিচাৰাধীন হৈ আছে। ইফালে তদন্ত সম্পূৰ্ণ হোৱাৰ লগে লগে মৃতদেহটো দাহ কৰা হয়।

এতিয়া ১৮ মাহৰ পাছত ঘূৰি আহিছে ‘মৃত’ মহিলাগৰাকী। গান্ধীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ ভৰদ্বাজে জানিবলৈ দিয়া মতে, মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে পৰিয়ালৰ সৈতে যোগাযোগ কৰি তেওঁ জীয়াই থকাৰ কথা জনাইছিল। গাঁওবাসী আৰু পৰিয়ালৰ লোকে তেওঁৰ পৰিচয় পৰীক্ষা কৰে।

ইয়াৰ পিছতে মহিলাগৰাকীৰ পিতৃয়ে কয় যে আৰক্ষীয়ে তেওঁলোকক এটা মৃতদেহ দেখুৱাইছিল, আনহাতে তেওঁৰ কন্যা নিৰুদ্দেশ হৈ আছে। দেখিলে সিহঁতে ভাবিলে যে সেইটো সিহঁতৰে ছোৱালী। তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল যে তেওঁলোকৰ ছোৱালীজনী জীয়াই আছে আৰু ঘৰলৈ উভতি আহিব।

কিন্তু এই ১৮ মাহৰ বাবে মহিলাগৰাকী ক’ত আছিল? তেওঁ আৰক্ষীক কয় যে তেওঁ সঁচাকৈয়ে শ্বাহৰুখৰ লগত পলাই গৈছিল। কিন্তু মাত্ৰ দুদিনৰ ভিতৰতে তেওঁক পাঁচ লাখ টকাত আন কাৰোবাক বিক্ৰী কৰি দিয়ে শ্বাহৰুখে। ১৮ মাহ সেই মানুহজনৰ লগত কোটাত থাকে। তেওঁ সদায় পলায়নৰ সুযোগ বিচাৰি আছিল। শেহতীয়াকৈ তেওঁ কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল। স্থানীয় ৰাইজৰ সহযোগত তেওঁ নিজৰ গাঁও পালেহি। তেওঁৰ কোনো ফোন নাছিল আৰু ঘৰৰ পৰা ওলাই যাবলৈ দিয়া হোৱা নাছিল, সেয়েহে বহুদিন ধৰি তেওঁ পৰিয়ালৰ কোনো এজনৰ লগত যোগাযোগ কৰিব পৰা নাছিল।

যদিও মহিলাগৰাকী ঘূৰি অহাত সমগ্ৰ পৰিয়ালটো সুখী, তথাপিও আৰক্ষীৰ সন্মুখত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে বিচাৰি উলিয়াব লাগিব যে মহিলাগৰাকীৰ পৰিয়ালে কাৰ মৃতদেহ তেওঁলোকৰ কন্যা বুলি ভাবি দাহ কৰিছিল। জেলত থকা শ্বাহৰুখৰ ভৱিষ্যত সন্দৰ্ভত আৰক্ষীয়ে কয় যে তেওঁলোকে আদালতৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ পিছতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। থাণ্ডলা আৰক্ষীয়ে এই গোচৰৰ পুনৰ তদন্তৰ কথা চিন্তা কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd