• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কিং’ কোহলীৰ আগত নতশিৰ ‘কিং’ খানৰ দল! KKRক পৰাস্ত কৰি আইপিএলৰ যাত্ৰা আৰম্ভ RCBৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2025 8:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ইডেনত কিং খানৰ দ্বাৰা ৰাজকীয় উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু বেটেৰে ধুমুহাৰ সৃষ্টি কৰি শেষ হাঁহি মাৰিলে আন এজন ‘কিং’য়ে। তেওঁ হৈছে কোহলী। ইডেনত কোহলী আৰু নাইটছৰ প্ৰাক্তন খেলুৱৈ ফিল ছল্টক আগ্ৰাসী ৰূপত দেখা গৈছিল। এই যুটিটোৰ পৰাক্ৰমেৰে আৰচিবিয়ে অনায়াসে জয়ী হ’বলৈ সক্ষম হ’ল। কেকেআৰক ৭ উইকেটত পৰাস্ত কৰি আইপিএলৰ অভিযান আৰম্ভ কৰে বাংগালুৰুৱে।

আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়লাভ কৰি ইডেন গাৰ্ডেনত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আৰম্ভণিতে কুইণ্টন ডি ককৰ উইকেট হেৰুৱালেও অধিনায়ক অজিংকা ৰাহানে আৰু সুনীল নাৰিনে নাইটছৰ ইনিংছ নিয়ন্ত্ৰণ কৰে। এই যুটিৰ পাৰ্টনাৰশ্বিপেৰে ১০০ ৰানৰ ওপৰত উপনীত হয়।

Apply Now

কিন্তু তাৰ পিছত আৰ চি বিৰ স্পিনাৰ ক্ৰুনাল পাণ্ডিয়াই নিজৰ যাদু দেখুৱাবলৈ আৰম্ভ কৰিলে। প্ৰথমে ৰছিক দাৰে নাৰিনক আউট কৰে (৪৪)। ক্ৰুনালৰ বলত কেচ দি অৰ্ধশতক অৰ্জন কৰি উভতি আহে ৰাহানে।

তাৰ পিছত মিডল অৰ্ডাৰ প্ৰায় ভাঙি পৰিল। ক্ৰুনালে ভেংকটেশ আয়েৰ আৰু ৰিংকু দুয়োকে বল্ড কৰে। ৰাছেলে নিজৰ ‘পেশী শক্তি’ দেখুৱাব পৰা নাছিল। ৰাছেলক আউট কৰে স্পিনাৰ সুৱেশ শৰ্মাই।

নাইটছৰ ১ উইকেটত ১০৭ ৰানৰ পৰা ১৫০ ৰানৰ ভিতৰত ৬ উইকেটত হেৰুৱায়। শেষৰ ফালে অংগকৃশ ৰঘুবংশীয়ে কিছু পৰিমাণে মোকাবিলা কৰিবলৈ সক্ষম হ’ল। অৱশেষত নাইটছৰ ইনিংছ ৮ উইকেট হেৰুৱাই ১৭৪ ৰানত শেষ হয়।

যোৱাবাৰ ইডেন আছিল বেটছমেনৰ স্বৰ্গ। ১৭৫ ৰানৰ লক্ষ্য তাত ডাঙৰ কথা নহয়। দুজন অ’পেনাৰ ফিল ছল্ট আৰু বিৰাট কোহলিয়ে তাক আৰু সৰু কৰি দেখুৱালে। প্ৰথম জন নাইটৰ প্ৰাক্তন খেলুৱৈ। অধিক স্পষ্টভাৱে ক’বলৈ গ’লে যোৱাবাৰ কেকেআৰ চেম্পিয়ন হোৱাৰ মূল হোতা আছিল ছল্ট। এইবাৰ আৰ চি বিয়ে নিলামৰ টেবুলৰ পৰা তেওঁক কিনি নিলে। আৰু যেন বুজাই দিলে কেকেআৰে কি ভুল কৰিলে!

আনহাতে ‘কিং’ কোহলী। টি-২০ৰ পৰা অৱসৰ লৈছে। কেতিয়াবা ফৰ্মক লৈও কটুক্তি শুনিবলৈ পাইছে। সেই সকলোবোৰ তেওঁ বাউণ্ডেৰিৰ বাহিৰলৈ পঠিয়াই দিলে। কিছুদিন আগতেও ৰহস্যময় যেন লগা বৰুণে ৰাণৰ জোলোঙাটো খুলি দিলে। ছল্টে তেওঁৰ এটা অভাৰত তিনিটা চাৰি আৰু এটা ছয় মাৰে। যোৱাবাৰৰ আক্ৰমণাত্মক হৰ্ষিত ৰাণাক একেবাৰে অসহায় যেন লাগিল।

বৈভৱ অৰোৰাৰ অৱস্থা আটাইতকৈ বেয়া। তেওঁ এটা অভাৰত ২০ ৰান দিয়ে। প্ৰথম ৬ অভাৰতে ৮০ ৰান সংগ্ৰহ কৰে আৰচিবিয়ে। মেচখন ঠিক তাতেই প্ৰায় আধা জয়ী হৈছিল। বিৰাট ৰাজত্বৰ মাজত কেকেআৰৰ অধিনায়ক ৰাহানেৰ অসহায় মুখ বা শ্বাহৰুখ খানৰ হতাশ  মুখখনলৈ চাই এনে লাগিছিল যেন ইয়াতেই সকলো শেষ।

ছল্টে ৫৬ ৰান কৰি উভতি গ’লেও কোহলী থাকিল। তেওঁ আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁক কিয় ‘চেজমাষ্টাৰ’ বুলি কোৱা হয়। তেওঁ শেষত ৫৯ ৰানত অপৰাজিত হৈ থাকে। দেৱদত্ত পাদিক্কল, ৰজত পাটিদাৰ আৰু লিভিংষ্টোনেও সংগ দিয়ে। অৱশেষত হাতত ২২টা বল বাকী থকা অৱস্থাত ৭ উইকেটত জয়লাভ কৰে আৰ চি বিয়ে।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছঃ ১৭৪/৮ (ৰাহানে ৫৬, নাৰিন ৪৪, ক্ৰুনাল ২৯/৩)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ১৭৭/৩ (কোহলী ৫৯, ছল্ট ৫৬, নাৰিনে ২৭/১)

আৰ চি বিয়ে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

June 14, 2026 8:43 am
FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am
পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

June 14, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd