• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আটক কৰা ১০-১১ ঘণ্টাৰ পাছত গ্ৰেপ্তাৰ কিয়? এয়া বিজেপি চৰকাৰৰ আক্ৰোশ নে প্ৰতিশোধ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 2:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্য ক্ৰছকাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হোছেইন মজুমদাৰক গ্ৰেপ্তাৰে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাংবাদিক দিলৱাৰ হোছেইন মজুমদাৰৰ মুক্তিৰ দাবীত গুৱাহাটীৰ সাংবাদিকসকলে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্তও কৰে।

প্ৰতিবাদী সাংবাদিকসকলক আৰক্ষীয়ে বলপ্ৰয়োগেৰ বাধা প্ৰদান কৰিবলৈও চেষ্টা কৰে। ফলত দুয়োপক্ষৰ মাজত হতাহতিৰো সৃষ্টি হয়। ইপিনে সামাজিক মাধ্যমতো সাংবাদিকগৰাকীৰ মুক্তিৰ দাবী কৰিছে অসংখ্য লোকে। কিন্তু সাংবাদিক দিলৱাৰ হোছেইন মজুমদাৰৰ মুক্তি সহজ হৈ আছে নে?

Apply Now

উল্লেখ্য যে, প্ৰায় ১০-১১ ঘণ্টা পাণবজাৰ আৰক্ষীৰ থানাত আটক কৰি ৰখাৰ পাছত নিশা ১৩ বজাত সাংবাদিকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ১০-১১ ঘণ্টাৰ আটক কৰি ৰখাৰ পাছত গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সচেতন লোকক স্তম্ভিত কৰি তুলিছে। এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ গোচৰৰ ভিত্তিতে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। কিন্তু প্ৰশ্ন উঠিছে ডম্বৰু শইকীয়াৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ কিয় ১০-১১ ঘণ্টাৰ সময় লাগিল পাণবজাৰ আৰক্ষীক?

ইপিনে দিলৱাৰ হোছেইন মজুমদাৰৰ অধিবক্তা সদৰী কৰা মতে আৰক্ষীয়ে গ্ৰেপ্তাৰ বেলিকা আইনী দিশসমূহ মানি চলা নাই। নিশা ১২ বজাত গ্ৰেপ্তাৰ কৰাৰ পাছতো দুপৰীয়ালৈকে সাংবাদিকগৰাকীৰ অধিবক্তাক এজাহাৰৰ কপি নিদিয়াৰ অভিযোগো উঠিছে। গোচৰীয়া ডম্বৰু শইকীয়াই এজাহাৰত কি কি অভিযোগ উত্থাপন কৰিছে তাৰো তথ্য দুপৰীয়ালৈকে সাংবাদিকগৰাকীৰ অধিবক্তাক আৰক্ষীয়ে দিয়া নাই।

ইপিনে, সাংবাদিক গৰাকীৰ বিৰুদ্ধে জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। তেওঁক ভাৰতীয় ন্যায় সংহিতাৰ লগতে অনুসূচীত জাতি/জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। সাংবাদিকগৰাকীৰ বিৰুদ্ধে গালি-গালাজ আৰু অপমানজনক ভাষাৰ ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা হৈছে। এজাহাৰত গোচৰীয়া ডম্বৰু শইকীয়াই স্পষ্টভাৱে অভিযুক্তই তেওঁক আপত্তিজনক আৰু অপমানজনক মন্তব্য ব্যৱহাৰ কৰি মৌখিকভাৱে গালি-গালাজ কৰা বুলি দাবী কৰিছে। “বড়ো জাতি হৈ আপুনি বেছি কৰিছে” বুলি কৈ গোচৰীয়াক হেয় আৰু অপমান কৰা হৈছে বুলি কোৱা হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হৈছে এই অনুসূচীত জাতি/জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনখন হৈছে জামিন অযোগ্য। এই আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অভিযুক্তই অন্তৱৰ্তীকালীন জামিনো লাভ নকৰে। ইয়াৰ অৰ্থ হৈছে অভিযুক্ত চিধাই কাৰাগাৰৰ অন্ধ কুঠৰীলৈ যাব লাগিব। আইনখনৰ ধাৰা ৩(১)(ৰ)তৰ মতে কোনো অনুসূচিত জাতি বা জনজাতিৰ লোকক ইচ্ছাকৃতভাৱে অপমান বা ভীতিগ্ৰ কৰা লোকক কাৰাদণ্ডৰ শাস্তি দিয়া হয়। এই কাৰাদণ্ডৰ ম্যাদ হৈছে সৰ্বনিম্ন ৬ মাহৰ পৰা সৰ্বোচ্চ ৫ বছৰ পৰ্যন্ত। এই কাৰাদণ্ডৰ লগত জৰিমনাও বিহিব পাৰে।

সাংবাদিক দিলৱাৰ হোছেইন মুজমদাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এই আইনৰ অধীনত গোচৰ ৰুজু কৰি দীৰ্ঘদিন কাৰাৰুদ্ধ কৰি ৰাখিব খুজিছে নেকি? এই প্ৰশ্নৰ উদয় হৈছে। পৰিয়ালৰ মতে সম্পূৰ্ণ ভুৱা গোচৰৰ জাপি দিয়া হৈছে সাংবাদিকগৰাকীৰ ওপৰত। ইপিনে ১০-১১ ঘণ্টা থানাত আৱদ্ধ কৰি সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে। এই ১০-১১ ঘণ্টা সময় আৰক্ষী আৰু গোচৰীয়াই সাংবাদিকগৰাকীৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি পাৰিব তাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি? কি কি জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু কৰিলে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিব পাৰি তাৰো পৰিকল্পনা কৰা হৈছিল নেকি? গোচৰীয়া ডম্বৰু শইকীয়া জনজাতীয় লোক হোৱাৰ বাবেই অনুসূচীত জাতি/জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনখনৰ অধীনত ভুৱা গোচৰ ৰুজু কৰা হৈছে নেকি? ১০-১১ ঘণ্টা আটক কৰি ৰাখি নিশা দুপৰত সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ ৰহস্যময় কাণ্ডই এইবোৰ প্ৰশ্নৰে উদ্ৰেক কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd