প্ৰতিবেদনত উল্লেখিত ৰেগিঙৰ হটস্পটসমূহৰ ভিতৰত আছে, কলকাতাৰ মৌলানা আবুল কালাম আজাদ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আৰু জবলপুৰৰ মধ্যপ্ৰদেশ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়, দুয়োখনতে ৭৫টাকৈ অভিযোগ লিপিবদ্ধ কৰা হৈছে, বেনাৰস হিন্দু বিশ্ববিদ্যালয় ৪২, লক্ষ্ণৌ বিশ্ববিদ্যালয় ৪০, আৰু বেৰহামপুৰ বিশ্ববিদ্যালয় ৩১ অভিযোগ লাভ কৰিছে।
ৰেগিঙৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ আঠ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ ভিতৰত তালিকাভুক্ত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। ছ’চাইটি এগেইনষ্ট ভাইঅ’লেন্স ইন এডুকেচন (SAVE)ৰ State of Ragging in India 2022-24 প্ৰতিবেদন অনুসৰি, ৰেগিং সম্বন্ধত ২০২২ৰ পৰা ২০২ টা অভিযোগ পঞ্জীয়ন কৰা হৈছে৷
ভাৰতৰ ছাত্ৰ জনসংখ্যাৰ মাত্ৰ ১.১% হোৱাৰ পিছতো চিকিৎসা মহাবিদ্যালয়সমূহতো এই সংকটৰ আধিপত্য বিস্তাৰ কৰিছে, ৩৮.৬% অভিযোগ আৰু ৰেগিং সম্পৰ্কীয় মৃত্যুৰ গোচৰ ৪৫.১%। প্ৰতিবেদন আনুসৰি ৰেগিঙত ৫১ জনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে। ইয়াৰে ২০২৪ চনত ৰেগিঙত ২০ জন লোকৰ মৃত্যু হৈছে।
ৰেগিঙৰ বাবে হোৱা মৃত্যুৰ ওপৰত সংবাদ মাধ্যমে গুৰুত্ব প্ৰদান নকৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে SAVE-এ উল্লেখ্য যে ২০২৪ চনত আটাইতকৈ বেছি ৰেগিঙ হৈছিল লক্ষ্ণৌ বিশ্ববিদ্যালয় আৰু এম কে চি জি মেডিকেল কলেজ (ওডিছা) অন্যতম।
SAVE-এ হেল্পলাইন ৰিপৰ্ট, এণ্টি ৰেগিং স্কোয়াড, হোষ্টেলত চিচিটিভি নিৰীক্ষণ, নতুন ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়াকৈ থকাৰ ব্যৱস্থা আৰু গুৰুতৰ গোচৰত তাৎক্ষণিকভাৱে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। লগতে চিকিৎসা মহাবিদ্যালয়সমূহৰ বাবে বাৰ্ষিক এণ্টি ৰেগিং সন্মিলন আয়োজন কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ক আহ্বান জনাইছে।
ৰেগিঙৰ পৰা যুৱক-যুৱতীসকলক সুৰক্ষা প্ৰদানৰ বাবে জৰুৰী সংস্কাৰৰ আহ্বান জনাইছে প্ৰতিবেদন খনত।