মানুহৰ সলনি ভিছাৰ বাবে আবেদন কৰিছিল স্বয়ংক্ৰিয় ৰবট বা চমুকৈ বট-য়ে! এনে অদ্ভুত অভিযোগত ভাৰতত থকা আমেৰিকান দূতাবাসে প্ৰায় দুহেজাৰ ভাৰতীয়ৰ ভিছা আবেদন নাকচ কৰিছে। আমেৰিকাৰ দূতাবাসে দাবী কৰে যে সেই একাউণ্টসমূহে সময়সূচী নীতি উলংঘা কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে সংশ্লিষ্ট একাউণ্টসমূহ।
ভাৰতত থকা আমেৰিকান দূতাবাসে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এক বিবৃতি দি এই কথা সদৰী কৰে। বিবৃতিটোত কোৱা হৈছে যে ভাৰতত ভিছা সম্পৰ্কীয় একাধিক প্ৰৱঞ্চনামূলক কাৰ্যকলাপ ধৰা পৰিছে। এনে আবেদনৰ আঁৰৰ একাউণ্ট চিনাক্ত কৰি বন্ধ কৰা হৈছে। প্ৰৱঞ্চনা সহ্য কৰা নহ’ব বুলি তীব্ৰ বাৰ্তা প্ৰেৰণ কৰিছে দূতাবাসে। সময়সূচী নীতি উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ব্যৱসায়িক উদ্দেশ্যত আমেৰিকালৈ যাবলৈ বি ১ ভিছাৰ প্ৰয়োজন। যাত্ৰা কৰিবলৈ বি২ ভিছাৰ প্ৰয়োজন। যদি আপুনি পৰিয়ালৰ কোনো সদস্য বা বন্ধুৰ ওচৰলৈ যাবলৈ বা চিকিৎসাৰ বাবে আমেৰিকালৈ যায় তেতিয়াও বি ২ ভিছাৰ প্ৰয়োজন। কিন্তু শেহতীয়াকৈ দুয়োটা ভিছা অনুমোদনৰ ক্ষেত্ৰত কঠোৰ হৈছে। ভিছা আবেদনৰ নিয়মো কটকটীয়া কৰা হৈছে।
যোৱা মাহত ঘোষণা কৰা হৈছিল যে ভাৰতীয়সকলে এতিয়া আমেৰিকাৰ ভিছা নবীকৰণৰ বাবে অধিক সময় অপেক্ষা কৰিব লাগিব। ইয়াৰ উপৰিও ভিছা নবীকৰণৰ বাবে আমেৰিকান দূতাবাস বা কনছুলেটলৈ সাক্ষাৎকাৰ লোৱাৰ প্ৰক্ৰিয়াটো অধিক জটিল হৈ পৰিছে।
দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছৰে পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনেও ভিছা জালিয়াতি আৰু অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকান দূতাবাসে বিগত দুমাহত তিনিটা পৰ্যায়ত শ শ ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিছে।
উল্লেখ্য যে যোৱা ২৭ ফেব্ৰুৱাৰীত আমেৰিকাৰ দূতাবাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা সপ্তাহত দিল্লী আৰক্ষীয়ে ভিছা আৰু পাছপ’ৰ্ট জালিয়াতিৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। প্ৰায় এসপ্তাহ পিছত দূতাবাসে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে।
শেহতীয়াকৈ ভুৱা তথ্য ব্যৱহাৰ কৰি ভিছাৰ আবেদনৰ কেইবাটাও গোচৰ পোহৰলৈ আহিছে। ঘটনাৰ তদন্তৰ অন্তত দিল্লী আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ৩১ জনৰো অধিক অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অভিযুক্তৰ ভিতৰত এজেণ্টো আছে।
এই ভুৱা নথি-পত্ৰ তৈয়াৰ কৰাৰ বাবে আৱেদনকাৰীৰ পৰা ১৫ লাখ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ভাৰতীয় দণ্ডবিধিৰ ৩১৮, ৩৩৬, ৩৪০ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬(ঘ) ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।