দেওবাৰে নিশা গাজা যুদ্ধ আৰু আমেৰিকাৰ নতুন শুল্ক নীতি সন্দৰ্ভত জৰুৰী আলোচনাৰ বাবে ৱাশ্বিংটন ডি চিত উপস্থিত হয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। তেওঁৰ পত্নী চাৰা নেতানিয়াহুৱেও তেওঁৰ লগত ভ্ৰমণৰ সংগী হিচাপে গৈছে।
বাতৰি অনুসৰি, অহা দুদিনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ উচ্চ পদস্থ বিষয়াৰ সৈতে একাধিক বৈঠকত অংশগ্ৰহণ কৰিব।
এই আলোচনাত গাজা ষ্ট্ৰিপত চলি থকা যুদ্ধ আৰু তাত ৰখা ৫৯ জন পণবন্দীক মুকলি কৰি দিয়া বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ উপৰিও ইজৰাইলৰ সামগ্ৰীৰ ওপৰত ১৭ শতাংশ শুল্ক আৰোপ কৰা ট্ৰাম্প প্ৰশাসনৰ নতুন শুল্ক নীতিৰ বিষয়েও আলোচনা কৰা হ’ব।
চেনেল ১২ৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে হাংগেৰীৰ বুডাপেষ্টৰ পৰা ৱাশ্বিংটনলৈ উৰা মাৰিছিল নেতানিয়াহুৱে। প্ৰথমে মঙলবাৰলৈকে এই ভ্ৰমণৰ কথা আছিল যদিও ইয়াক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।
ৱাশ্বিংটনত উপস্থিত হোৱাৰ লগে লগে নেতানিয়াহুৱে মটৰকেডেৰে পোনপটীয়াকৈ ব্লেয়াৰ হাউছলৈ যায়, য’ত তেওঁ আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকৰ সৈতে সাক্ষাৎ কৰাৰ কথা আছে।