• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ সামগ্ৰীৰ ওপৰত আৰু ৫০ শতাংশ শুল্ক আৰোপ ট্ৰাম্পৰ! বুধবাৰৰ পৰা হ’ব কাৰ্যকৰী যদিহে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 8:35 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুল্ক নীতিক লৈ চীনে ড’নাল্ড ট্ৰাম্পক কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল। তেওঁলোকে আমেৰিকাৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰিছিল। ৪৮ ঘণ্টাৰ ভিতৰতে চীনৰ বিৰুদ্ধে প্ৰতিশোধৰ বাৰ্তা দিলে আমেৰিকাই।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে (আমেৰিকাৰ সময় অনুসৰি পুৱা ১১:৩০ বজাত, ভাৰতৰ সময় অনুসৰি নিশা ৯ বজাত) চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ আমদানি শুল্কৰ কথা ঘোষণা কৰে।

Apply Now

এই নতুন সিদ্ধান্তই চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক ৮৪ শতাংশলৈ বৃদ্ধি কৰিলে, যিটো এতিয়ালৈকে সৰ্বাধিক। ইয়াৰ উপৰিও ১০ শতাংশ ‘গ্ল’বেল টেৰিফ’ আছে, যিটো বিশ্বৰ সকলো দেশতে প্ৰযোজ্য বুলি হোয়াইট হাউছে জনাইছে। ইয়াৰ ফলত চীনৰ ওপৰত আমেৰিকাৰ মুঠ শুল্ক ৯৪ শতাংশলৈ বৃদ্ধি পালে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই কথা পোষ্ট কৰি লিখিছে, ‘কালি চীনে আমাৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ ওলোটা শুল্ক আৰোপ কৰিছিল। ইতিমধ্যে তেওঁলোকে অভিলেখ শুল্ক, অ-আৰ্থিক বাধা, অবৈধ কোম্পানী ৰাজসাহায্য আৰু দীৰ্ঘম্যাদী মুদ্ৰাৰ প্ৰতাৰণাৰ জৰিয়তে আমাৰ দেশৰ বিৰুদ্ধে দ্বৈত মানদণ্ড আৰু অন্যায় সংঘটিত কৰিছে। মই আগতেও সকীয়াই দিছো যে যদি কোনো দেশে আমাৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰে তেন্তে আমি প্ৰত্যুত্তৰত আৰু অধিক শুল্ক আৰোপ কৰিম।’

তেওঁ লগতে সকীয়াই দিয়ে যে, “যদি চীনে কাইলৈ ​​অৰ্থাৎ ২০২৫ চনৰ ৮ এপ্ৰিলৰ ভিতৰত নিজৰ অতিৰিক্ত ৩৪ শতাংশ শুল্ক প্ৰত্যাহাৰ নকৰে, তেন্তে ৯ এপ্ৰিলৰ পৰা নতুন ৫০ শতাংশ শুল্ক কাৰ্যকৰী হ’ব।”

এই ঘোষণাৰ সমান্তৰালকৈ ট্ৰাম্পে ঘোষণা কৰে যে বেইজিঙৰ সৈতে হোৱা যিকোনো আলোচনা তৎক্ষণাত বন্ধ কৰি দিয়া হৈছে। তেওঁ লিখিছে, ‘চীনৰ পৰা আমাৰ সৈতে জনোৱা আলোচনাৰ অনুৰোধ বাতিল কৰা হৈছে। আমাৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ নকৰা আন দেশসমূহৰ সৈতে আলোচনাৰ পথ মুকলি থাকিব আৰু বৈঠকসমূহ দ্ৰুতভাৱে আৰম্ভ হ’ব।’

যোৱা ৭২ ঘণ্টাত ট্ৰাম্পে পাৰস্পৰিক শুল্ক ঘোষণা কৰাৰ বাবে শ্বেয়াৰ বজাৰ আৰু খাৰুৱা তেলৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে এই শুল্কসমূহ বিশুদ্ধভাৱে পাৰস্পৰিক – আমি আমাৰ প্ৰতি যিদৰে কৰে, সেইদৰেই তেওঁলোকৰ প্ৰতি কৰিম।’

তেওঁ চীনক পুনৰ আক্ৰমণ কৰি কয়, “চীনে দশক দশক ধৰি শুল্কৰ নামত আমেৰিকাৰ বিৰুদ্ধে চৰম অন্যায় সংঘটিত কৰি আহিছে।” চীনে ইয়াৰ প্ৰতিশোধমূলক পদক্ষেপ হিচাপে  অতিৰিক্ত ৩৪ শতাংশ শুল্ক আৰোপ কৰে, যিটো ট্ৰাম্পে আৰোপ কৰা শুল্কৰ সমান। কিন্তু এই কাণ্ডৰ পূৰ্বে বেইজিঙে সকীয়াই দিছিল যে এই পাৰস্পৰিক শুল্ক যুদ্ধই বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতিৰ মাজত সংঘাত আৰম্ভ কৰিব পাৰে, যিটো ‘বেদনাদায়ক’ হ’ব আৰু ‘কাৰো লাভ নহ’ব’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm
বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm
বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd