• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ ভিতৰত সিন্ধি দিছে কোনে ?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 31, 2018 1:39 pm
sarbananda-sonowal-with-himanta-biswa-sarma_650x400_41463667122
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিজেপি চৰকাৰ অস্থিৰ হৈ পৰিছে নেকি? বিসম্বাদৰ উকমুকনিৰ ইংগিত বহন কৰিছে নেকি শেহতীয়া কিছু ঘটনাৱলীয়ে? এই প্ৰশ্নবোৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ভিতৰত চলি থকা এখন ক্ষমতাকেন্দ্ৰিক শীতল যুঁজৰ ইংগিত বহন কৰিছে। চাবলৈ গ’লে বৰ্তমান অসমৰ মিত্ৰজোঁট চৰকাৰখনৰ বিজেপি দলটোক নেতৃত্ব দিয়াসকলৰ মাজত পূৰ্বৰ আঞ্চলিকতাবাদী দল আৰু কংগ্ৰেছী নেতাৰ পয়োভৰেই বেছি। বাকী যিকেইজন বিজেপিৰ পতাকা কঢ়িয়াই জীৱন পাত কৰিলে তেওঁলোক দলটোত বৰ্তমান এলাগী। মন্ত্ৰীসভাত স্থান লাভ কৰাৰে পৰা বিভিন্ন দিশত তেওঁলোকেহে এতিয়া পিছৰ শাৰীত থিয় হ’বলগীয়া হৈছে।

ক্ষমতাৰ ৰাজনীতিত অৱশ্যে এইবোৰ কথা গুৰুত্বহীন।কিন্তু ৰাইজো এতিয়া সচেতন হৈ পৰিছে আৰু কোনে কি উদ্দেশ্যেৰে ৰাজনীতি কৰে সেয়া সহজেই বুজি উঠে। সেয়েহে নেতাসকলে নিজকে যিমানেই চতুৰ বুলি নাভাৱক কিয় ৰাইজৰ চকুত সেয়া সময়ত ধৰা পৰিবই। অসমত বিজেপি চৰকাৰ গঠনৰ আঁৰত বহুতেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক কৃতিত্ব দিয়াৰ লগতে আন কিছুমানে কংগ্ৰেছ ত্যাগী প্ৰভাৱশালী নেতা এগৰাকীৰ ভূমিকাকে কৃতিত্ব দিব খোজে। কিন্তু ৰাজনৈতিক পৰিৱৰ্তনৰ এই পৰিঘটনা দৰাচলতে কংগ্ৰেছৰ বিকল্প বিচৰা ৰাইজৰ সঁহাৰিৰ ফচলহে। এতিয়া ইয়াকে বিজেপিয়ে নিজৰ কৃতিত্ব বুলি শিৰত তুলি লৈ একনায়কত্ববাদী সিদ্ধান্ত কিছুমানেৰে জনতা-জনাৰ্দনৰ ৰোষৰ বলি হৈছে।

Apply Now

বিজেপি চৰকাৰখনৰ মাজত এতিয়া সৰু সৰু ঠাল ঠেঙুলিবোৰে পোখা মেলিব বিচাৰিছে। সকলো ৰাজনৈতিক দলৰ মাজতে এই ধৰণৰ ক্ষমতাকেন্দ্ৰিক  অৰিয়াঅৰি থাকে যদিও মাত্ৰ দুবছৰ কাৰ্যকাল সমাপ্ত কৰা অসমৰ বিজেপি চৰকাৰখনৰ প্ৰতি ৰাইজৰ মোহভংগ হ’বলৈ আৰম্ভ কৰিছে। চৰকাৰখনৰ ভিতৰত চলি থকা ক্ষমতাকেন্দ্ৰিক সংঘাতৰ পৰিনাম ভূগিছে ৰাইজে। উন্নয়নৰ কাম প্ৰায় শূন্য হৈ পৰাটোৱে এই চৰকাৰৰ ডাঙৰ ব্যৰ্থতা হিচাপে ধৰা দিছে। বিকাশৰ ৰাজনীতিৰে ক্ষমতা দখল কৰা দলটোৰ কাৰ্যসূচীত বিকাশৰ সূচকাংক নিম্নগামী হৈ পৰিছে। ৰাজ্যৰ বিত্ত বিভাগটোৰ অক্ষমতাৰ বাবে বিকাশ কাৰ্যসূচী প্ৰায় স্থবিৰ হৈ পৰিছে। সকলো বিভাগে বিত্ত বিভাগৰ ওপৰতে নিৰ্ভৰ কৰি থাকিবলগীয়া হোৱাৰ বাবে বিত্ত বিভাগৰ কৰ্ম তৎপৰতা ক্ষিপ্ৰ হোৱা বাঞ্চনীয় আছিল যদিও অজ্ঞাত কাৰণত সেয়া হোৱা নাই আৰু বিভাগবোৰে উন্নয়নৰ কাৰ্যসূচী আগবঢ়াই নিয়াত বিফল হৈছে।

কিন্তু এইবোৰ কিয় হৈছে তাৰ কাৰণ স্পষ্ট। এপিনে আঞ্চলিক ৰাজনীতিৰ কাণ্ডাৰীসকল আৰু আনহাতে কংগ্ৰেছী সংস্কৃতিৰ ছত্ৰছায়াত ৰাজনীতিৰ পাঠ লোৱা নেতাসকলৰ অৱস্থান। এই দুই ক্ষমতা কেন্দ্ৰৰ মাজত কেৱল নীৰৱ দৰ্শক হৈ আছে তত্ত্বদৰ্শী বিজেপি নেতাসকল। চৰকাৰখন গঠন হোৱাৰ পিছৰে পৰা দুই ক্ষমতাকেন্দ্ৰিক গোটৰ মাজত অঘোষিত যুঁজ এখন চলিয়েই আছে। ইয়াৰ লগতে আছে আৰ এছ এছৰ শ্ৰুতলিপি আৰু বিজেপিৰ দিল্লীৰ নেতাসকলৰ নীতি-নিৰ্দেশনাৰ বোজা। এনেকৈ চৰকাৰখন চলি আছে ঠিকেই, কিন্তু এক চাপৰ মাজত।

প্ৰথমবাৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছত বিজেপি বিধায়ক প্ৰশান্ত ফুকনকে ধৰি আন কেইবাগৰাকীও নেতাই অসন্তুষ্টি ব্যক্ত কৰিছিল। সেই অসন্তুষ্টিৰ মাজতো বিজেপিৰ দলীয় স্থিতিৰ দুৰ্বল দিশটো উন্মোচিত হৈ পৰিছিল। এতিয়া বিজেপিৰে বিধায়ক ঋতুপৰ্ণ বৰুৱাই দলৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱাৰ কথা কৈ বিষয়টো ৰাইজৰ বাবে পৰিস্কাৰ কৰি দিলে। দলীয়ভাৱে বৰুৱাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অইন এটা বিষয় কিন্তু বৰুৱাৰ বিস্ফোৰণে বিজেপিৰ ভিতৰচৰাত চলি থকা এটা ভয়ংকৰ সত্য যেন উন্মোচিত কৰি দিলে। এয়া চৰকাৰখনৰ বাবে এটা সতৰ্কীকৰণ বাৰ্তা বুলিও ধৰি ল’ব পাৰি।

অসমত বিজেপিৰ ক্ষমতালাভৰ আঁৰত যিসকল ব্যক্তিৰ অৱদান আছে সেইসকলক যদি যথোপযুক্ত মৰ্যাদা দিয়া নহয় তেতিয়াহ’লে দলটোৰ বাবে বিপদ অনিবাৰ্য। আমদানিকৃত নেতাৰ হাতত দলৰ বাঘজৰী এৰি দি বিজেপিয়ে খাল খান্দি ঘঁৰিয়াল চপোৱাৰ দৰে হ’ব। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ক লৈ দলটোৰ মাজতে মতান্তৰ হোৱাৰ কথা প্ৰায় স্পষ্ট হৈছে। বিজেপিৰ একাংশ নেতাই মুকলিকৈ বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে আন একাংশই ইয়াৰ সমৰ্থনত বক্তব্য দাঙি ধৰিছে। এতিয়া অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে বিধেয়কখনৰ বিৰুদ্ধে মতামত দিয়াৰ পিছত চৰকাৰখনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে।

অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ মতক উলাই কৰি যদি বিজেপিয়ে বিধেয়কখন গৃহিত কৰে তেতিয়াহ’লে অসমত যে বিজেপিৰ চাউল উকলিব সেয়া প্ৰায় নিশ্চিত। তাৎপৰ্যপূৰ্ণভাৱে বাংলাদেশৰ হিন্দুসকলৰ এখন মঞ্চই অলপতে এখন সভাত প্ৰকাশ কৰিছে যে তেওঁলোকে ভাৰতত আশ্ৰয় বিচৰা নাই বৰঞ্চ বাংলাদেশতহে তেওঁলোকক সুৰক্ষিতভাৱে থকাৰ ব্যৱস্থা কৰিব লাগে আৰু ভাৰতে এইক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগে। তেওঁলোকৰ এই বক্তব্যই বিজেপিৰ বিধেয়কখন গৃহিত কৰাৰ দাবীৰ যুক্তিযুক্ততাকে অসাৰ প্ৰতিপন্ন কৰিছে।

অসমত বহু চেষ্টাৰ ফলত বিজেপিয়ে এখন চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছে। যদিহে বিজেপিয়ে এই সুযোগ হাতৰ পৰা যাবলৈ এৰি দিয়ে তেন্তে গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত। অন্ধ্ৰপ্ৰদেশ, বিহাৰ, উৰিষ্যা আৰু মহাৰাষ্ট্ৰত বিজেপিৰ সহযোগী দলে এই দলৰ নীতিৰ প্ৰতি আগ্ৰহ হেৰুৱাবলৈ আৰম্ভ কৰিছে। এতিয়া অসমৰ ক্ষেত্ৰতো যদি অনুৰূপ ঘটনা ঘটে তেতিয়াহ’লে সমগ্ৰ দেশতে বিজেপিৰ প্ৰভাৱ সীমিত হৈ পৰিব। অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠিত হৈ থকাটো দলটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।ইয়াৰ বাবে দলটোৱে দলৰ মাজত থকা সুবিধাবাদী, ক্ষমতাকাংক্ষী নেতাক নিয়ন্ত্ৰন কৰাটো জৰুৰী হৈ পৰিছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd