মেঘালয় বিধানসভাৰ তিনি দিনীয়া শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিন। পশ্চিম শ্বিলং বিধানসভা সমষ্টিৰ বিৰোধী দলৰ বিধায়ক পাল লিংডোৱে আজি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ বিদ্যালয়ৰ শিক্ষকসকল, অস্থায়ী কৰ্মচাৰী, দিন হাজিৰা কৰি খোৱা লোক আৰু সামাজিকভাৱে অসুচলতা জীৱন কটোৱা, যেনে : বিধৱা, তথা দুৰ্বল শ্ৰেণীটোৰ বাবে মূল্যবৃদ্ধিৰ সৈতে খাপখোৱাকৈ আৰ্থিক সাহায্য আগ বঢ়োৱা তথা এই সাহায্য বৃদ্ধি কৰাৰ বিষয়টো আলোচনাৰ বাবে উত্থাপন কৰিব। উল্লেখযোগ্য যে মেঘালয় চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পঞ্চম মেঘালয় দৰমহা আয়োগৰ ভিত্তিত দৰমহা ঘোষণা কৰিছে। ফলত ৰাজ্যখনত উপৰি উক্ত শ্ৰেণীবোৰৰ উপাৰ্জনৰ সংগতি সেইদৰে হোৱা উচিত বুলি কয়। অন্য এজন বিৰোধী দলৰ বিধায়ক আৰ্ডেণ্ট মিল্লাৰ বাছেয়ামৈতৰ লগতে আন সকলেও তেওঁৰ এই আলোচনাক সমৰ্থন জনোৱাৰ সম্ভাৱনা আছে। কাইলৈ এই শীতকালীন অধিৱেশনৰ অন্তিম দিন। চৰকাৰে ইতিপূৰ্বে পাঁচখনকৈ সংশোধনী বিল উত্থাপন কৰিছে। কাইলৈ সেইকেইখন পাছ হোৱাৰ কথা। আনহাতে চলিত মেঘালয় বিধানসভাৰ এইখনেই হ’ব শেষ অধিৱেশন। কাৰণ অহা ৬ মাৰ্চত ইয়াৰ কাৰ্য্যকাল অন্ত পৰিব আৰু সেয়ে ৰাজ্যখনত অহা বছৰৰ প্ৰথম ভাগতে, অৰ্থাৎ ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰ বিধানসভা নিৰ্বাচন হোৱাৰ কথা। ইতিমধ্যে এই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰে নিজৰ নিজৰ ধৰণে কুচকাৱাজ আৰম্ভ কৰিছে। বিজেপিৰ মেঘালয়ৰ দায়িত্বত থকা তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অলপতে ৰাজ্যখন ভ্ৰমণ কৰি কেইখনমান গুৰুত্বপূৰ্ণ সভাত ভাগ লৈ গৈছে। প্ৰথম অৱস্থাত বিজেপিয়ে মেঘালয়ত অকলে নিৰ্বাচন খেলাৰ কথা কৈ আছিল যদিও সিদিনা ৰাম মাধৱে আন দলৰ সৈতে মিত্ৰতা কৰাৰ কথা ঘোষণা কৰি গ’ল।