ভাৰতৰ ৰাষ্ট্ৰপতি ভৱন ভাৰতীয় আৰু পশ্চিমীয়া স্থাপত্য শৈলীৰ এক অনন্য মিশ্ৰণ। কিন্তু জানেনে, এই প্ৰকাণ্ড ভৱনটোক আগতে ভাইচৰয় হাউচ বুলি জনা গৈছিল। ১৯১১ চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়। তেতিয়াৰ পৰাই ব্ৰিটিছে নিজৰ মুখ্য কাৰ্যালয় স্থাপনৰ বাবে ৰাইচিনা পাহাৰ অঞ্চল বাছি লৈছিল।
ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত ৩৪০ টা কোঠা, এটা বৃহৎ হল, আৰু সুন্দৰ বাগিচা আছে। উল্লেখ্য যে এই ভৱনটো নিৰ্মাণ কৰিবলৈ ৪ বছৰ সময় লাগিব বুলি আশা কৰা হৈছিল। কিন্তু ১৭ বছৰ সময় লাগিছিল। সেই সময়ত ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণৰ ব্যয় আছিল ১ কোটি ৩৮ লাখ টকাতকৈও অধিক।
যিখন মাটিত ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণ কৰা হৈছে, পূৰ্বতে সেই ঠাইখিনিৰ নাম আছিল ৰাইচিনা পাহাৰ। ১৯১১ চনৰ আগতে এই অঞ্চলটোত স্থানীয় বাসিন্দাসকলে গাঁও পাতি বাস কৰিছিল। গাঁওখনৰ প্ৰায় ৩০০ পৰিয়াল কৃষি আৰু পশুপালনৰ লগত জড়িত আছিল। ঐতিহাসিক আৰু ভৌগোলিক কাৰণত ইংৰাজে দিল্লীক ৰাজধানী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল।
জানিব পৰা মতে, এই মাটিত ভাইচৰয় হাউচ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল। তেতিয়া সেই মাটিৰ মালিকীস্বত্ব জয়পুৰৰ মহাৰাজৰ হাতত আছিল। এই ভৱনটোৰ সন্মুখত এটা খুঁটা স্থাপন কৰা হৈছিল, যাক ‘জয়পুৰ স্তম্ভ’ বুলি কোৱা হয়। তথ্য অনুসৰি এই স্তম্ভটো উপহাৰ দিছিল জয়পুৰৰ মহাৰাজা ছাৱাই মাধো সিঙে।
কেইবছৰমানৰ আগতে একাংশ লোকে দাবী কৰিছিল যে তেওঁলোকেই এই অঞ্চল(লুটিয়েনছ জ’ন) ৰ প্ৰকৃত মালিক, য’ত ৰাষ্ট্ৰপতি ভৱন, সংসদ, উত্তৰ ব্লক আৰু দক্ষিণ ব্লকৰ স্থাপত্যৰ ৰত্ন থকা মাটিখিনিও অন্তৰ্ভুক্ত। লুটিয়েনছ জ’ন হৈছে এনে এটা অঞ্চল য’ত চৰকাৰী আমোলাৰ বাবে বাংলো আৰু বিভিন্ন প্ৰশাসনিক কাৰ্যালয় আছে।
ইংৰাজে ৰাইচিনা পাহাৰক মুখ্য কাৰ্যালয় হিচাপে বাছি লৈছিল কাৰণ ইয়াৰ উচ্চতা বেছি। ব্ৰিটিছ ভাৰতৰ ভাইচৰয়ৰ চৰকাৰী বাসগৃহ হিচাপে ডিজাইন কৰা ৰাষ্ট্ৰপতি ভৱনটো ১৯১২ চনৰ পৰা ১৯২৯ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
যিহেতু ই পাহাৰীয়া অঞ্চল আছিল, সেয়েহে ৰাইচিনা নিৰ্মাণৰ বাবে ব্যাপক খনন আৰু সমতল কৰাৰ কাম কৰা হৈছিল। ভূমি সমতল কৰিবলৈও বিস্ফোৰণ সংঘটিত কৰা হৈছিল। নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ শিল আৰু মাটি আঁতৰাব লগা হৈছিল।
পাহাৰীয়া ভূখণ্ডৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ গধুৰ সামগ্ৰী পৰিবহণ কৰাটো কঠিন হৈ পৰিছিল। সেয়ে সেই অঞ্চলত ৰেলপথ স্থাপন কৰা হ’ল। ৰাজস্থান আৰু অন্যান্য ঠাইৰ পৰা মাৰ্বল আৰু বেলেগ বেলেগ সামগ্ৰী এই ৰেলপথেৰে অনা হৈছিল।