পাকিস্তানৰ দাবী অনুসৰি, ২০১৬ চনত বেলুচিস্তানৰ ইৰাণৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ জাদৱক চোৰাংচোৱাগিৰিৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৭ চনত পাকিস্তানৰ সামৰিক আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ভাৰতে এই অভিযোগ অস্বীকাৰ কৰি দাবী কৰে যে জাদৱে নৌসেনাৰ পৰা অকালতে অৱসৰ লৈছিল আৰু ব্যৱসায়িক কামৰ বাবে ইৰাণৰ চাবাহাৰ বন্দৰত আছিল। তেওঁক পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছত চোৰাংচোৱা সংস্থা আই এছ আইৰ হাতত গতাই দিয়া হৈছিল। বৰ্তমান তেওঁ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে।
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত আই চি জে ভাৰতে জাদৱৰ মৃত্যুদণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ২০১৯ চনত আই চি জেৰ ৰায়ত কোৱা হয় যে পাকিস্তানে জাদৱক ভাৰতীয় কূটনীতিকৰ সৈতে যোগাযোগৰ অধিকাৰ প্ৰদান নকৰি ভিয়েনা সন্মিলনৰ চৰ্ত ভংগ কৰিছে। আদালতে জাধৱৰ সামৰিক আদালতৰ ৰায় পুনৰ বিবেচনা কৰি ন্যায্য বিচাৰৰ সুযোগ দিবলৈ আৰু তেওঁক কনচুলাৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ৰায়ত ভাৰতীয় নৌসেনাগৰাকীক আপীলৰ অধিকাৰ প্ৰদানৰ বিষয়ে স্পষ্টভাৱে কোনো নিৰ্দেশ দিয়া নাছিল। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধিবক্তা খোৱাজা হেৰিছ আহমেদে ২০২৩ চনত উচ্চতম ন্যায়ালয়ত যুক্তি দাঙি কয় যে আই চি জেৰ ৰায়ত কেৱল কনচুলাৰ সুবিধাৰ কথা উল্লেখ আছে, আপীলৰ অধিকাৰৰ কথা নাই। সেয়েহে জাদৱক এই অধিকাৰ দিয়া নহ’ল।
২০২১ চনত পাকিস্তানৰ বিধানসভাই জাদৱক আপীলৰ অধিকাৰ প্ৰদানৰ বাবে এখন বিধেয়ক গৃহীত কৰিছিল, আৰু বিদেশী নাগৰিকৰ বিৰুদ্ধে সামৰিক আদালতৰ ৰায় পুনৰীক্ষণৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল। কিন্তু পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত ২০২৩ চনত ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ পৰিপ্ৰেক্ষিতত চলা গোচৰত জাদৱৰ বিষয়টো পুনৰ উত্থাপিত হয়। অধিবক্তা হেৰিছে জাদৱৰ উদাহৰণ দি প্ৰশ্ন উত্থাপন কৰে যে যদি আই চি জেৰ ৰায়ৰ ভিত্তিত জাদৱক আপীলৰ অধিকাৰ দিয়া নাই, তেন্তে ২০২৩ৰ অশান্তিৰ অভিযুক্তসকলক কিয় এই অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে? এই যুক্তিৰ জৰিয়তে পাকিস্তানে নিজৰ অৱস্থানক ন্যায্য বুলি দাবী কৰিছে।