• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ৰ পিছতো কুলভূষণ জাদৱে নাপালে আপীলৰ অধিকাৰ! কি ক’লে পাকিস্তানে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 10:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ দাবী অনুসৰি, ২০১৬ চনত বেলুচিস্তানৰ ইৰাণৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ জাদৱক চোৰাংচোৱাগিৰিৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৭ চনত পাকিস্তানৰ সামৰিক আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ভাৰতে এই অভিযোগ অস্বীকাৰ কৰি দাবী কৰে যে জাদৱে নৌসেনাৰ পৰা অকালতে অৱসৰ লৈছিল আৰু ব্যৱসায়িক কামৰ বাবে ইৰাণৰ চাবাহাৰ বন্দৰত আছিল। তেওঁক পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছত চোৰাংচোৱা সংস্থা আই এছ আইৰ হাতত গতাই দিয়া হৈছিল। বৰ্তমান তেওঁ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে।

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত আই চি জে ভাৰতে জাদৱৰ মৃত্যুদণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ২০১৯ চনত আই চি জেৰ ৰায়ত কোৱা হয় যে পাকিস্তানে জাদৱক ভাৰতীয় কূটনীতিকৰ সৈতে যোগাযোগৰ অধিকাৰ প্ৰদান নকৰি ভিয়েনা সন্মিলনৰ চৰ্ত ভংগ কৰিছে। আদালতে জাধৱৰ সামৰিক আদালতৰ ৰায় পুনৰ বিবেচনা কৰি ন্যায্য বিচাৰৰ সুযোগ দিবলৈ আৰু তেওঁক কনচুলাৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ৰায়ত ভাৰতীয় নৌসেনাগৰাকীক আপীলৰ অধিকাৰ প্ৰদানৰ বিষয়ে স্পষ্টভাৱে কোনো নিৰ্দেশ দিয়া নাছিল। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধিবক্তা খোৱাজা হেৰিছ আহমেদে ২০২৩ চনত উচ্চতম ন্যায়ালয়ত যুক্তি দাঙি কয় যে আই চি জেৰ ৰায়ত কেৱল কনচুলাৰ সুবিধাৰ কথা উল্লেখ আছে, আপীলৰ অধিকাৰৰ কথা নাই। সেয়েহে জাদৱক এই অধিকাৰ দিয়া নহ’ল।

Apply Now

২০২১ চনত পাকিস্তানৰ বিধানসভাই জাদৱক আপীলৰ অধিকাৰ প্ৰদানৰ বাবে এখন বিধেয়ক গৃহীত কৰিছিল, আৰু বিদেশী নাগৰিকৰ বিৰুদ্ধে সামৰিক আদালতৰ ৰায় পুনৰীক্ষণৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল। কিন্তু পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত ২০২৩ চনত ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ পৰিপ্ৰেক্ষিতত চলা গোচৰত জাদৱৰ বিষয়টো পুনৰ উত্থাপিত হয়। অধিবক্তা হেৰিছে জাদৱৰ উদাহৰণ দি প্ৰশ্ন উত্থাপন কৰে যে যদি আই চি জেৰ ৰায়ৰ ভিত্তিত জাদৱক আপীলৰ অধিকাৰ দিয়া নাই, তেন্তে ২০২৩ৰ অশান্তিৰ অভিযুক্তসকলক কিয় এই অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে? এই যুক্তিৰ জৰিয়তে পাকিস্তানে নিজৰ অৱস্থানক ন্যায্য বুলি দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd