পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছে। ইষ্টাৰৰ পিছদিনাই তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮৮ বছৰ। কিছুদিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল। দেওবাৰ ইষ্টাৰ আছিল আৰু তেওঁ সেয়া উদযাপনো কৰিছিল। তাৰ পিছতে সোমবাৰে পোপ ফ্ৰান্সিছৰ মৃত্যু হোৱা বুলি জনাইছে ভেটিকানে।
ভেটিকান চহৰৰ কাছা চান্টা মাৰ্টাত থকা নিজৰ বাসগৃহত পোপ ফ্ৰান্সিছে শেষ নিশ্বাস ত্যাগ কৰা বুলি ভেটিকানে ঘোষণা কৰে।
সোমবাৰে কাছা চান্টা মাৰ্টাত কাৰ্ডিনেল কেভিন ফেৰেলে ঘোষণা কৰে যে, ‘অতি দুখেৰে পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ কথা ঘোষণা কৰিছো। পুৱা ৭:৩৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। পোপ ফ্ৰান্সিছে নিজৰ সমগ্ৰ জীৱন ঈশ্বৰ আৰু গীৰ্জাৰ প্ৰতি উৎসৰ্গা কৰিছিল।
১৯৩৬ চনৰ ১৭ ডিচেম্বৰত পোপ ফ্ৰান্সিছৰ জন্ম হৈছিল বুয়েনছ আয়াৰ্ছৰ ফ্ল’ৰেছ অঞ্চলত। পাঁচ গৰাকী ভাতৃ-ভগ্নীৰ ভিতৰত তেওঁ আছিল ডাঙৰ। ইটালীৰ পৰা আহি তেওঁলোকৰ পৰিয়ালটো তাত বাস কৰিছিল।
১৯২৯ চনত তেওঁৰ পিতৃ মাৰিঅ’ই ইটালী এৰি আহে। তেতিয়াৰ পৰাই তেওঁলোকে বুয়েনছ আয়াৰ্ছত বাস কৰে। তেওঁ কেমিকেল টেকনিচিয়ান ডিপ্লমা লৈ বহু ঠাইত কাম কৰিছিল। এই মহান ব্যক্তিজনে পাছলৈ খ্ৰীষ্টান ধৰ্মৰ ধৰ্মীয় পথ গ্ৰহণ কৰে।
তেওঁৰ মৃত্যুত সমগ্ৰ বিশ্ব শোকত ভাগি পৰিছে। ভেটিকানে ঘোষণা কৰিছে, ‘আজি পুৱা ৭:৩৫ বজাত (স্থানীয় সময় অনুসৰি) ৰোমৰ বিচপ ফ্ৰান্সিছ পিতৃৰ ঘৰলৈ উভতিছে। তেওঁৰ সমগ্ৰ জীৱন প্ৰভু আৰু তেওঁৰ গীৰ্জাৰ সেৱাৰ বাবে উৎসৰ্গিত আছিল।’