• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নষ্ট কৰা হয় মৃত পোপৰ আঙঠি, উলিওৱা হয় হৃদপিণ্ড; ক’লা-বগা ধোঁৱাত নিৰ্বাচন কৰা হয় নতুন পোপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2025 10:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন পোপ কোন হ’ব পাৰে? পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছত এতিয়া এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰশ্ন। সাধাৰণতে এজন পোপৰ মৃত্যুৰ তিনি সপ্তাহৰ পিছত পৰৱৰ্তী পোপ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অৱশ্যে এই নিৰ্বাচন গোপনে অনুষ্ঠিত হয়। পোপ হ’বলৈ প্ৰচাৰ চলোৱাৰ প্ৰয়োজন নাই। কিন্তু ভেটিকানৰ জ্যেষ্ঠ বিষয়াৰে গঠিত এখন কমিটীয়ে এই নিৰ্বাচনৰ চূড়ান্ত কৰ্তৃত্ব লাভ কৰে। এই দৌৰত কোন আছে?

কাৰ্ডিনেল পিয়েট্ৰ’ পেৰ’লিন। বয়স ৭০ বছৰ। ২০১৩ চনৰ পৰা ভেটিকানৰ বৈদেশিক পৰিক্ৰমা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। কনক্লেভৰ সৰ্বোচ্চ পদবীৰ সদস্য কাৰ্ডিনেল পিটাৰ এৰডোগান ৭২ বছৰীয়া হাংগেৰীৰ লোক। কেথলিকসকলৰ মাজত বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহৰ তীব্ৰ বিৰোধী। তেওঁ আচলতে যীচুৰ মাতৃ মৰিয়মৰ এক নিষ্ঠাবান উপাসক। লগতে আছে কাৰ্ডিনেল লুই এণ্টনিঅ’ টেগল, কাৰ্ডিনেল মেটিও জুপি আৰু কাৰ্ডিনেল ৰেমণ্ড লিঅ’ বাৰ্ক।

Apply Now

পোপৰ মৃত্যু আৰু বিভিন্ন সংস্কাৰ

পোপৰ মৃত্যুৰ পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া বিভিন্ন ৰীতি-নীতি আৰু অনুষ্ঠানেৰে পালন কৰা হয়। প্ৰাচীন কালৰে পৰা এই ৰীতি-নীতিসমূহ নিষ্ঠাসহকাৰে পালন কৰি আহিছে। কেৱল সেয়াই নহয়, পোপৰ মৃত্যুৰ বাতৰি ৰাজহুৱা কৰাৰ বাবেও বিভিন্ন নিয়ম আছে।

যেতিয়া ডাক্তৰে জনাই দিয়ে যে চিকিৎসাই আৰু কাম কৰা নাই। তেওঁ কোনো সঁহাৰি দিয়া নাই। তেওঁৰ উশাহ বন্ধ হৈ গৈছে, হৃদস্পন্দন বন্ধ হৈছে। তাৰ পিছত পৰম্পৰা অনুসৰি পোপৰ মূল চিনাক্তকৰণ আঙঠিটো ধ্বংস কৰি দিয়া হয়। অৰ্থাৎ বৰ্তমানৰ পোপৰ কাৰ্যকাল শেষ হৈছে সেইটো বুজাই পোপৰ ঘৰ বন্ধ কৰি দিয়া হয়।

পৰম্পৰা অনুসৰি কেমেৰলেংগো (ভেটিকানৰ এজন জ্যেষ্ঠ বিষয়া)ই পোপৰ মৃত্যু প্ৰথমে নিশ্চিত কৰে। তেওঁ তিনিবাৰ পোপক মতাৰ পিছত যদি  তেওঁ কোনো সঁহাৰি নিদিয়ে তেতিয়া তেওঁক মৃত বুলি ঘোষণা কৰা হয়। বৰ্তমান সেই পদত আছে আইৰিছ কাৰ্ডিনেল কেভিন ফেৰেল। তেওঁৱেই কলেজ অৱ কাৰ্ডিনেলছক খবৰটো দিব। এই কাৰ্ডিনেল হৈছে গীৰ্জাৰ জ্যেষ্ঠ বিষয়াসকলৰ এখন কমিটী। ইয়াৰ পিছতে ভেটিকানে আনুষ্ঠানিকভাৱে পোপৰ মৃত্যুৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে।

সাধাৰণতে পোপৰ মৃত্যুৰ চাৰিৰ পৰা ছয়, কেতিয়াবা ন দিনৰ পিছত সমাধিস্থ কৰা হয়। যিটোৰ নেতৃত্বত আছে কলেজ অৱ কাৰ্ডিনেলছৰ ডীন। সাধাৰণতে পোপসকলক ভেটিকানৰ গ্ৰ’টছত সমাধিস্থ কৰা হয়। এই সমাধিটো চেণ্ট পিটাৰ বেচিলিকাৰ কাষতে অৱস্থিত। অৱশ্যে পোপ ফ্ৰান্সিছে এক সাক্ষাৎকাৰত তেওঁক ৰোমৰ বেচিলিকা অৱ চান্টা মাৰিয়া মেজিঅ’ৰত সমাধিস্থ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

প্ৰাচীন ৰোমান প্ৰথা অনুসৰি পোপৰ মৃত্যুৰ লগে লগে মুঠ ৯ দিন শোক পালন কৰা হয়। পৰম্পৰা অনুসৰি পোপৰ পোছাক পৰিহিত শৰীৰটো এই কেইদিন ছেইণ্ট পিটাৰ বেচিলিকাত পৰি থাকে। তেওঁ শৰীৰত সকলো সময়তে সুগন্ধি দি ৰখা হয়। অস্ত্ৰোপচাৰৰ দ্বাৰা শৰীৰৰ পৰা কেইবাটাও অংগ আঁতৰোৱা হয়। ৰোমৰ ট্ৰেভি ফাউণ্টেইনৰ ওচৰৰ এটা গীৰ্জাৰ বগা শিলৰ কলহৰ দৰে পাত্ৰত পূৰ্বৰ ২২ জন পোপৰ হৃদপিণ্ড সংৰক্ষিত হৈ আছে। খ্ৰীষ্টানসকলে ইয়াক পবিত্ৰ দেহাৱশেষ বুলি গণ্য কৰে।

পোপৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰায় তিনি সপ্তাহৰ পিছত অতি গোপনে এজন নতুন পোপ নিৰ্বাচিত কৰা হয়। কলেজ অৱ কাৰ্ডিনেলছে চিষ্টিন চেপেলত কনক্লেভ আহ্বান কৰে। তাত বিগত ৭০০ বছৰ ধৰি চলি অহা পৰম্পৰা অনুসৰি নতুন পোপ নিৰ্বাচিত কৰা হয়। নিৰ্বাচনৰ দিনা মাইকেল এঞ্জেলোৰ বিশ্ববিখ্যাত ছবি অঁকা চিষ্টিন চেপেলৰ দুৱাৰ বন্ধ কৰি দিয়া হয় আৰু ভোটগ্ৰহণ নোহোৱালৈকে কাৰ্ডিনেলসকলে তাৰ পৰা ওলাব নোৱাৰে।

ভোটদানৰ শেষত সকলো বেলট এটা চৌকাত জ্বলাই দিয়া হয়। তাত ভেটিকানৰ অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত থাকে। তাৰ পাছত দ্বিতীয় এটো চৌকা জ্বলোৱা হয়। যাৰ পৰা ৰাসায়নিক পদাৰ্থৰ জৰিয়তে গীৰ্জাৰ বাহিৰৰ চিমনিৰ পৰা ধোঁৱা উলিয়াই অনা হয়। ধোঁৱাৰ ৰং চাই দৰ্শকে পোপ নিৰ্বাচিত হৈছে নে নাই সেইটো জানিব পাৰে। ক’লা ধোঁৱা মানে নিৰ্বাচন শেষ হোৱা নাই। বগা ধোঁৱাৰ অৰ্থ হ’ল পোপ নিৰ্বাচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd