যোৱা ১৯ এপ্ৰিলৰ দিনা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ নিশিকান্ত ডুবেই ভাৰতৰ মুখ্য বিচাৰপতি সঞ্জীৱ খান্নাৰ বিৰুদ্ধে অতি আপত্তিজনক আৰু অসন্মানকৰ মন্তব্য কৰিছে। তেওঁৰ মতে ভাৰতত ৱাকফ আইনক কেন্দ্ৰ কৰি হোৱা ‘গৃহযুদ্ধৰ’ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না জগৰীয়া।ভাৰতত কিবা গৃহ যুদ্ধ সদৃশ পৰিস্থিতি হৈছে নেকি? মই কিন্তু সেই বিষয়ে অৱগত নহয়। তেওঁ আৰু কৈছিল যে আইন প্ৰণয়নৰ ক্ষেত্ৰত যদি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই শেষ আৰু চূড়ান্ত সিদ্ধান্ত হয়, তেন্তে বিধান সভা আৰু সংসদ বন্ধ কৰি দিয়া উচিত।
একে ধৰণৰ মন্তব্য কৰিছে বিজেপি নেতা দীনেশ শৰ্মাই। তেওঁ কৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিয়ে বিল এখনত সন্মতি প্ৰদান কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে কেনেকৈ তাত হকাবধা কৰিব পাৰে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও দিনে-নিশাই কেৱল সংসদৰ প্ৰভুত্বৰ কথাই কৈ আছে। তেওঁৰ মতেও ৰাষ্ট্ৰপতিয়ে সন্মতি দি বিল এখনক আইনত পৰিণত কৰাৰ পিছত তাত আৰু আদালতে মাত মতা অনুচিত।
এই বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি হৈছে শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ে দিয়া দুটা ৰায়ক কেন্দ্ৰ কৰি। প্ৰথম ৰায়টো আছিল তামিলনাডুক লৈ। তামিলনাডু বিধান সভাই গ্ৰহণ কৰা দহখন বিল তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে সন্মতি প্ৰদান নকৰাকৈ প্ৰায় এবছৰ পেলাই থৈছিল। মূৰকত, উপায়ান্তৰহীন হৈ ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল। তেতিয়া, গোটেই বিষয়টোৰ বিশদ শুনানিৰ পিছত, ২০২৫ চনৰ ৮ এপ্ৰিলৰ দিনা ন্যায়াধীশ জে বি পাৰডিৱলা আৰু আৰ মহাদেৱনৰ খণ্ড আদালতে ৰায় দি কৈছিল যে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে সন্মতি প্ৰদান নকৰাকৈ ইমান দিন দহখন বিল পেলাই থোৱাটো “অবৈধ” আৰু “ভুল”। এই সন্দৰ্ভত তেওঁলোকে ৰায়টোত সংবিধানৰ ২০০ অনুচ্ছেদৰ ব্যাখ্যাও আগবঢ়ায়।
খণ্ড আদালতে ১৪২ অনুচ্ছেদৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগ কৰি ৰায়দান কৰি কয় যে ইমানদিনে সন্মতি প্ৰদান নকৰি পেলাই থোৱা আৰু পিছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা এই বিল কেইখন সন্মতি পোৱা বুলি গণ্য কৰা হওক। এই সন্দৰ্ভত Supreme Court Observerত ১৭ এপ্ৰিল,২০২৫ ত অদ্ভয় ভোৰাই লিখিছিলঃ “On 8 April 2025, a Division Bench of Justices J.B. Pardiwala and R. Mahadevan unanimously held that the Tamil Nadu Governor R.N. Ravi’s withholding of 10 state legislative bills was “illegal” and “erroneous”. In doing so, the Bench clarified the powers of the Governor under Article 200 of the Constitution. The Bench also used its discretionary powers under Article 142 to hold that the bills which were pending assent and reserved for the President were deemed to be assented.”
কথাটো কি হ’ল? এখন ৰাজ্য চৰকাৰক বিধি সন্মতভাৱে আইন প্ৰণয়নত ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে বাধা প্ৰদান কৰা বাবে ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হ’ল। আনহাতে, ৱাকফ আইনৰ সংশোধনীৰ ক্ষেত্ৰত আমি তাৰ সম্পূৰ্ণ বিপৰীত ছৱি এখন দেখা পালোঁ। কেন্দ্ৰ চৰকাৰে ৱাকফ আইনৰ সংশোধনী বিল পাছ কৰিলে আৰু ৰাষ্ট্ৰপতিয়েও সময়ত তাত সন্মতি প্ৰদান কৰিলে। কিন্তু এই সংশোধনীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে সংশোধনীত স্থগিতাদেশ নিদিলে যদিও আইনখন বলবৎ কৰা সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ বাধা নিষেধ আৰোপ কৰিলে। এই নিৰ্দেশ মতে মোকৰ্দমাৰ পৰৱৰ্তী শুনানিলৈকে ৱাকফ সম্পত্তি হিচাপে ইতিমধ্যে চিনাক্ত কোনো সম্পত্তিৰ কোনো হৰণ-ভগন হ’ব নোৱাৰিব। ৱাকফ সম্পত্তি হিচাপে পঞ্জীয়ন হোৱা সকলো সম্পত্তি এতিয়া যি হিচাপে আছে সেই হিচাপেই থাকিব লাগিব। ৱাকফ বোৰ্ডত কোনো নতুন নিযুক্তিও হ’ব নোৱাৰিব।
উচ্চতম ন্যায়ালয়ে দিয়া এই শেহতীয়া ৰায় দুটা সম্পৰ্কেই উপ-ৰাষ্ট্ৰপতি ধনখৰ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, নিশিকান্ত ডুবে আৰু দীনেশ শৰ্মাই উচ্চতম ন্যায়ালয়ক সমালোচনা কৰিছে। নিশিকান্ত ডুবেই সকলো সীমা চেৰাই গৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক ব্যক্তিগতভাৱেও সমালোচনা কৰিছে। ন্যায়ালয়ৰ সিদ্ধান্তক সমালোচনা কৰাৰ ক্ষেত্ৰত প্ৰচলিত নিয়মটো হ’ল- এটা ৰায় আমি সমালোচনা কৰিব পাৰোঁ, কিন্তু ৰায়দান কৰা ন্যায়াধীশজনক আমি ব্যক্তিগতভাৱে সমালোচনা কৰিব নোৱাৰোঁ। সেইটো কৰা কাৰণেই নিশিকান্ত ডুবেৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰিব লাগে বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে।
উচ্চতম ন্যায়ালয়ে যোৱা সময়ছোৱাত, বিশেষকৈ ন্যায়াধীশ সঞ্জীৱ খান্নাই ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দিয়া ৰায়দানসমূহ সঁচাকৈ আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে ফালি এচ নাৰিমানে কোৱা কোৱা তিনিটা কথা মই ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। তেওঁ ‘God Save The Hon’ble Supreme Court’ নামৰ গ্ৰন্থত উল্লেখ কৰিছিলঃ “For over seventy years we have been working a Constitution that is federal in nature with allocated subjects of legislation separately and exclusively given to the states and to the Union; there is also a chapter on Fundamental Rights. And all laws and all executive action inconsistent with these important features are expressly declared to be ‘void’. Whenever a controversy arises then, some authority would have to be the final arbiter. Under the Indian Constitution, that arbiter is the country’s highest court.” (পৃষ্ঠা ১২৯) অসমীয়াত ক’বলৈ হ’লে, আমাৰ সংবিধানখন যোৱা ৭০ বছৰে কাৰ্যকৰী হৈ আহিছে। সংবিধানখনৰ তিনিটা মূল বৈশিষ্ট্য হৈছে তাত কিছুমান বিষয় সন্নিৱিষ্ট কৰা হৈছে যিবোৰৰ বিষয়ে কেৱল কেন্দ্ৰ চৰকাৰে আইন প্ৰণয়ন কৰিব, আন কিছুমান বিষয় আছে যিবোৰত কেৱল ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব। তৃতীয়তে তাত আমাৰ মৌলিক অধিকাৰৰ বিষয়েও এটা অধ্যায় সংযোজিত হৈছে। এই তিনিটাক চেৰাই গৈ চৰকাৰে একো কৰিব নোৱাৰে। যেতিয়াই আইন প্ৰণয়নক লৈ কোনো বিতৰ্কৰ সৃষ্টি হয়, সেই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ’ব।
উচ্চতম ন্যায়ালয়ে শেষ সিদ্ধান্ত ল’ব কিহৰ ভিত্তিত? সংবিধানৰ ১৪২ অনুচ্ছেদৰ ভিত্তিত।গতিকে উচ্চতম ন্যায়ালয়ে কোনো বিধি বহিৰ্ভুত কাম কৰা নাই। এইখিনিতে, এতিয়াৰ ৱাকফ আইনৰ সংশোধনীৰ প্ৰসংগত সেই তেতিয়াই নাৰিমানে তেওঁৰ পূৰ্বোক্ত গ্ৰন্থত উল্লেখ কৰা এই কথাখিনি বৰ প্ৰণিধানযোগ্যঃ “The safeguards of the interest of the minorities amongst sections of the population is as important as the protection of the interest amongst individuals or persons who are below the age of majority or are otherwise suffering from some kind of infirmity.The Constitution and the laws made by civilised nations, therefore, generally contain provisions for the protection of those interests. It can, indeed, be said to be an index of the level of civilisation and catholicity of a nation as to how far their minorities feel secure and are not subject to any discrimination or suppression.”
গতিকে প্ৰাপ্তবয়স্কৰ মাজত শিশু সকলৰ প্ৰতি মনোযোগী হোৱাটো যেনেকৈ সভ্য সমাজৰ চৰিত্ৰ, ঠিক তেনেদৰে এখন সমাজ সংখ্যালঘু অধিকাৰৰ প্ৰতি মনোযোগী আৰু সংবেদনশীল হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। মই এই আলোচনাৰ মোখনি মাৰিব বিচাৰিছোঁ নাৰিমানে তেওঁৰ আত্মজীৱনী ‘Before Memory Fades’ নামৰ গ্ৰন্থৰ ১৭০ পৃষ্ঠাত উল্লেখ কৰা উচ্চতম ন্যায়ালয়ৰ ভূতপূৰ্ব ন্যায়াধীশ এইচ আৰ খান্নাৰ উক্তি এটাৰে – “Life and liberty are not conferred by any Constitution, they inhere in men and women as human beings.” জীৱন আৰু স্বাধীনতাৰ অধিকাৰ কোনো সংবিধানে দিব লাগিব এনে নহয় সি মানুহৰ জন্মস্বত্ব।