২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা মৰ্মান্তিক সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। এক বিজ্ঞপ্তি জৰিয়তে এনএছইয়ে মুঠ ৫০ লাখ টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মৃতকৰ প্ৰতিটো পৰিয়াললৈ ৪ লাখ টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে।
এন এছ ইৰ সঞ্চালক আৰু চি ই অ’ আশীষ কুমাৰ চৌহানে কয় যে, এয়া আমাৰ দেশৰ বাবে সামূহিক শোকৰ মুহূৰ্ত। আমাৰ চিন্তা আৰু প্ৰাৰ্থনা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে। এনএছইৰ এই প্ৰতিশ্ৰুতিয়ে শোক আৰু সংকটৰ সময়ত জাতিটোৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে।পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত বহুজনে অনাহকত প্ৰাণ হেৰুৱাইছে, আৰু এন এছ ইৰ অৱদানৰ লক্ষ্য হৈছে শোকসন্তপ্ত পৰিয়ালসমূহক কিছু সকাহ যোগোৱা। এই কৰুণ কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সংস্থাটোৰ সহানুভূতি আৰু মমতা প্ৰতিফলিত হৈছে ।
উল্লেখ্য যে এন এছ চিয়ে এনে কাৰ্যক নিন্দাৰ লগতে দেশৰ ঐক্য আৰু সংহতিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰি আহিছে।