প্ৰায় ৬৩,০০০ কোটি মূল্যৰ ২৬খন ৰাফেল-এম যুঁজাৰু বিমান যোগান ধৰিবলৈ ভাৰত আৰু ফ্ৰান্সৰমাজত ২৮ এপ্ৰিলত এক বৃহৎ চুক্তিত স্বাক্ষৰিত হয়। নতুন দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, নৌসেনাৰ ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথন আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌ উপস্থিতিত এক অনুষ্ঠানত এই চুক্তি চূড়ান্ত কৰা হয়।
এই জেট বিমানসমূহে মিগ-২৯কে জেট বিমানৰ ঠাইত বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্যৰ পৰা নৌসেনাৰ সামৰ্থ্য শক্তিশালী কৰিব বুলি সদৰী কৰিছে কৰ্তৃপক্ষই।
এই চুক্তিত কেৰিয়াৰ অপাৰেচনৰ বাবে ডিজাইন কৰা ২২খন একক আসনৰ জেট আৰু স্থলভিত্তিক প্ৰশিক্ষণৰ বাবে চাৰিখন টুইন ছিটাৰ ট্ৰেইনাৰ জেট বিমান অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৯ পৰা ২০৩১ চনৰ ভিতৰত ভাৰতলৈ প্ৰেৰণ কৰা হ’ব এই বিমানসমূহ।
এই চুক্তিয়ে ভৱিষ্যতে ভাৰতত নিৰ্মিত এষ্ট্ৰা আৰু ব্ৰহমছ-এন জিৰ দৰে ক্ষেপণাস্ত্ৰক একত্ৰিত কৰাৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰি ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যকো সমৰ্থন কৰে বুলি উল্লেখ কৰিছে। এই চুক্তিয়ে প্ৰতিৰক্ষা খণ্ডত ভাৰত আৰু ফ্ৰান্সৰ মাজত ক্ৰমবৰ্ধমান অংশীদাৰিত্বৰ প্ৰতিফলন ঘটাইছে। বিশেষকৈ চীনৰ নৌসেনাৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ মাজতে ভাৰত মহাসাগৰত ভাৰতৰ নৌসেনাৰ শক্তি বৃদ্ধি পাব।
এই চুক্তিত নৌসেনাৰ জোৱানসকলৰ বাবে প্ৰশিক্ষণ আৰু লজিষ্টিক সহায়ো অন্তৰ্ভুক্ত কৰা হৈছে যাতে জেট বিমানসমূহৰ ভালদৰে ৰক্ষণাবেক্ষণ কৰা হয়। এই পদক্ষেপ ভাৰতৰ সামুদ্ৰিক সুৰক্ষা আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।