উচ্চতম ন্যায়ালয়ে দলবদ্ধ ধৰ্ষণৰ গোচৰত এক ঐতিহাসিক ৰায় প্ৰদান কৰি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে যদি একাধিক লোকে একে উদ্দেশ্যৰে এনে অপৰাধত অংশ লয়, তেন্তে এজনে ধৰ্ষণ কৰিলেও বাকীসকলো সমানে দোষী। ১ মে’ ২০২৫ত ন্যায়াধীশ সঞ্জয় কৰৌল আৰু ন্যায়াধীশ কে বি বিশ্বনাথনৰ বিচাৰপীঠে এই ৰায়দান দি কয়, “আইপিচিৰ ধাৰা ৩৭৬(২)(জি) অনুসৰি, দলবদ্ধ ধৰ্ষণৰ গোচৰত যদি একে উদ্দেশ্যৰে অপৰাধ সংঘটিত কৰে, তেন্তে এজনে ধৰ্ষণ কৰিলেও সকলো শাস্তিৰ যোগ্য। আদালতে আৰু উল্লেখ কৰে যে প্ৰতিজন অভিযুক্তই পৃথকে ধৰ্ষণ কৰাৰ প্ৰমাণৰ প্ৰয়োজন নাই, মাত্ৰ এজনে কৰা অপৰাধে সকলোকে দোষী সাব্যস্ত কৰিবলৈ যথেষ্ট।
উল্লেখ্য যে ২০০৪ চনৰ এটা ঘটনাৰ, য’ত মধ্যপ্ৰদেশত বিবাহৰ পৰা উভতি অহা এগৰাকী মহিলাক জলন্ধৰ কল আৰু ৰাজু নামৰ দুজন অপৰাধীয়ে অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল। নিম্ন ন্যায়ালয়ে ৰাজুক যাৱজ্জীৱন কাৰাদণ্ড আৰু জলন্ধৰক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। উচ্চ ন্যায়ালয়ে এই ৰায় সমৰ্থন কৰাৰ পিছত ৰাজুৱে উচ্চতম ন্যায়ালয়ত আবেদন কৰি দাবী কৰিছিল যে তেওঁ ধৰ্ষণ কৰা নাছিল, কেৱল জলন্ধৰে কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁৰ দাবী নাকচ কৰি কয় যে ৰাজুৱে ধৰ্ষণৰ মানসিকতাৰে অপৰাধত অংশ লৈছিল, আৰু সেয়ে তেওঁ সমানে দোষী।
উচ্চতম ন্যায়ালয়ে প্ৰমোদ মাহাতো বনাম বিহাৰ ৰাজ্য (১৯৮৯) গোচৰৰ উদাহৰণ দি কয়, “এনে ক্ষেত্ৰত প্ৰতিজন অভিযুক্তৰ ধৰ্ষণৰ স্পষ্ট প্ৰমাণ থকাৰ প্ৰয়োজন নাই। যদি তেওঁলোকে একেলগে অপৰাধ কৰে আৰু উদ্দেশ্য একে হয়, তেন্তে সকলো দোষী।” এই ৰায়ে দলবদ্ধ ধৰ্ষণৰ গোচৰত ন্যায় প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নজিৰ স্থাপন কৰিছে। আদালতৰ এই স্পষ্ট বাৰ্তাই অপৰাধীসকলৰ মাজত দায়বদ্ধতাৰ ভাৱ জগাই তুলিব আৰু ভুক্তভোগীসকলৰ বাবে ন্যায় নিশ্চিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।