• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2025 6:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ দৰাবিল জলাশয়ৰ গাতে লাগি থকা ১৫০ বিঘা গাঁও চৰণীয়া পথাৰ পুঁজিপতিক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিয়ে ঘোষণা কৰিছে।

সমিতিখনে অভিযোগ কৰে যে এই প্ৰস্তাৱিত পদক্ষেপে স্থানীয় ৰাইজৰ জীৱন আৰু জীৱিকা বিপন্ন কৰাৰ সমান্তৰালকৈ জৈৱ বৈচিত্ৰ্য সমৃদ্ধ দৰাবিল জলাশয় আৰু বিলুপ্তপ্ৰায় ডলফিন আৰু কুলচি নদীত ইয়াৰ বংশবৃদ্ধিৰ বাবেও এক ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব।

Apply Now

এই চৰণীয়া পথাৰ আৰু জলাশয় হৈছে ২০০ৰো অধিক প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই, ডলফিন, শিয়াল, বনৰীয়া গাহৰি, পৰ্কপাইন আদিকে ধৰি ১০টা স্তন্যপায়ী প্ৰাণী, কাছ, গুই, সাপ আদিকে ধৰি ২৩টা সৰীসৃপ প্ৰজাতি, ৬৮টা পখিলাৰ প্ৰজাতি আৰু বিভিন্ন পোক-পৰুৱা, ৭৪ টা প্ৰজাতিৰ মাছ, ২৬ টা প্ৰজাতিৰ অলংকাৰিক উদ্ভিদ, ৭ বিধ ঔষধি উদ্ভিদ, ৬ বিধ সাৰ হিচাপে ব্যৱহাৰ কৰা উদ্ভিদ আৰু ৩ বিধ ঘৰুৱা কামৰ বাবে ব্যৱহাৰ কৰা উদ্ভিদৰ বাসস্থান।

কামৰূপ জিলা প্ৰশাসনে ৰাজহুৱা জাননী জাৰি কৰি ১৫০ বিঘা সংৰক্ষিত ভূমি ডিন’টিফাই কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে ৰাজ্য চৰকাৰৰ এই প্ৰস্তাৱিত পদক্ষেপ চৰ্চালৈ আহিছে। এম/এছ নিউ কলকাতা ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেডে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ অধীনত তাত লজিষ্টিক পাৰ্ক স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰ মৌজাৰ অন্তৰ্গত ১ নং ৰামপুৰ আৰু ২ নং ৰামপুৰ গাঁৱত অৱস্থিত আছে এই দৰাবিল অঞ্চল। যোৱা ৭ এপ্ৰিলত জাৰি কৰা জাননীৰ জৰিয়তে কামৰূপৰ জিলা উপায়ুক্তই জনসাধাৰণক এই সন্দৰ্ভত আপত্তি দাখিল কৰিবলৈ আহ্বান জনায়।

সংবাদ মেল  সম্বোধন দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ আহ্বায়ক দিপাংকৰ ঠাকুৰীয়াই কয় যে এই পদক্ষেপৰ বিৰুদ্ধে ইতিমধ্যে ৬০ টাতকৈও অধিক সংগঠন আৰু ব্যক্তিয়ে জিলা প্ৰশাসনক আপত্তি দাখিল কৰিছে, কিয়নো ইয়াৰ প্ৰভাৱ কেৱল অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যতে নহয়, কাষৰীয়া গাঁওসমূহত বাস কৰা ৩,০০০ৰো অধিক পৰিয়ালৰ জীৱিকাৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব।

ঠাকুৰীয়াই কয় যে, “চৰণীয়া পথাৰখন জলাশয়ৰ অন্যতম অংশ। বাৰিষাৰ সময়ত চৰণীয়া পথাৰখন দৰাবিল জলাশয়ৰ সৈতে একত্ৰিত হয়, ই অঞ্চলটোৰ মাছ উৎপাদনৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ওচৰৰ প্ৰায় ১০খন গাঁৱৰ প্ৰায় ২০০০ পৰিয়ালৰ জীৱিকাৰ উৎস।”

তেওঁ আৰু জনায় যে ৩ হাজাৰৰো অধিক পৰিয়াল পশুপালনৰ বাবে এই চৰণীয়া ভূমিৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। একেদৰে ১২খন গাঁৱৰ প্ৰায় ৫০০ পৰিয়ালে মৃৎশিল্পৰ কামৰ বাবে এই অঞ্চলৰ মাটিৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰস্তাৱিত পদক্ষেপে ওচৰৰ অঞ্চলত কৃষি কামত নিয়োজিত প্ৰায় ১০০০ পৰিয়ালকো প্ৰভাৱিত কৰিব বুলি ঠাকুৰীয়াই উল্লেখ কৰে।

তেওঁ আৰু জনায় যে চৰণীয়া পথাৰসমূহৰ আয়তন হ্ৰাস কৰিলে ভৱিষ্যতে ওচৰৰ অঞ্চলসমূহতো বানপানীৰ সৃষ্টি হ’ব, লগতে ভূগৰ্ভস্থ পানীৰ স্তৰও কমি যাব।

সমিতিখনৰ মুখ্য আহ্বায়ক অশ্বিনী মজুমদাৰে লগতে কয়, “ইতিমধ্যে ৰামপুৰৰ অধিকাংশ কৃষিভূমি বিভিন্ন উদ্যোগে দখল কৰি ৰাখিছে। এতিয়া ৰাজ্য চৰকাৰৰ এই প্ৰস্তাৱিত পদক্ষেপে জৈৱ বৈচিত্ৰ্য সমৃদ্ধ দৰাবিল আৰু চৰণীয়া পথাৰত প্ৰভাৱ পেলাব। বৰ্তমানৰ উদ্যোগসমূহে ইতিমধ্যে আমাৰ স্থানীয় অঞ্চলৰ মাটি, পানী আৰু বায়ু প্ৰদূষিত কৰিছে। লজিষ্টিক পাৰ্ক নিৰ্মাণে পৰিৱেশ আৰু অধিক বেয়া কৰিব।”

মজুমদাৰে উল্লেখ কৰে যে যুগ যুগ ধৰি চৰণীয়া পথাৰত সুৱাৰী উৎসৱ, মাঘ বিহু আৰু লোকসংস্কৃতিৰ সৈতে জড়িত অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে, মাটি অধিগ্ৰহণে স্থানীয় জনগোষ্ঠীসমূহৰ পৰিচয় আৰু অস্তিত্বকো বিপদত পেলাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd