পুৱাই পুৱাই ভূমিকম্পত কঁপি উঠিল চীন। শুকুৰবাৰে পুৱা চীনত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৫। আনহাতে, আফগানিস্তানতো মাজনিশা কম্পন অনুভৱ কৰা হয়।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ভাৰতীয় সময় অনুসৰি পুৱা ৬:২৯ বজাত চীনত ৪.৫ প্ৰাবল্যৰ ভূমিকম্প হয়। ইয়াৰ উৎপত্তি মাটিৰ তলত ১০ কিলোমিটাৰ গভীৰতাত আছিল।
আনহাতে, মাজনিশা কঁপি উঠিল আফগানিস্তানো। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ তথ্য অনুসৰি এই কম্পনৰ পৰিমাণ আছিল ৰিখটাৰ স্কেলত ৪। ইয়াৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১২০ কিলোমিটাৰ গভীৰতাত আছিল। ভাৰতীয় সময় অনুসৰি নিশা ১২:৪৭ বজাত সংঘটিত হয় এই ভূমিকম্প।
বাতৰি অনুসৰি, শুকুৰবাৰে পুৱা পশ্চিম চীনত এই ভূমিকম্প অনুভুত হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰিছে যে ইয়াৰ উৎপত্তি আছিল ইউনানৰ বাওছানৰ পৰা ৩২ কিলোমিটাৰ দূৰত। আগদিনা তিব্বতৰ মালভূমি অঞ্চলত প্ৰবল ভূমিকম্পৰ সৃষ্টি হৈছিল। ইয়াৰ কিছু সময়ৰ পিছতে ৪.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হোৱা বুলি চীন প্ৰশাসনে প্ৰকাশ কৰিছে।
কিন্তু ভূমিকম্প সংঘটিত হোৱা অঞ্চলৰ জনসংখ্যা অতি কম। সেই অঞ্চলৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ১০ হাজাৰতকৈও কম লোক বাস কৰে। ইয়াৰ পূৰ্বে যোৱা সোমবাৰে তিব্বতত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প হৈছিল।
বিগত কিছুদিনত আফগানিস্তান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত একাধিকবাৰ কম্পন অনুভৱ কৰা হৈছে। বৃহস্পতিবাৰে বিয়লি আন এক প্ৰবল ভূমিকম্পই তুৰ্কিক জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। তুৰস্কৰ দক্ষিণ প্ৰদেশ কন্যাৰ কুলু চহৰৰ পৰা ১৪ কিলোমিটাৰ উত্তৰ-পূবে ভূমিকম্পৰ উৎপত্তি হোৱা বুলি জানিব পৰা গৈছে। তদুপৰি ৰাজধানী আংকাৰাতো ভয়াৱহ কঁপনি অনুভূত হয়।
যোৱা মাহত তুৰস্কৰ ইস্তানবুল চহৰ ভূমিকম্পই কঁপাই তুলিছিল। যোৱা সোমবাৰে পাকিস্তানতো কম্পন হৈছিল। আজি আফগানিস্তানত হোৱা ভূমিকম্প পাকিস্তানৰ একাংশ অঞ্চলতো অনুভৱ কৰা হয়। বিগত কিছুদিনত পাকিস্তানত ইটোৰ পিছত সিটোকৈ ভূমিকম্প সংঘটিত হৈছে।
যোৱা মাহত আফগানিস্তানত ৫.৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। আফগানিস্তান আৰু তাজিকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত আছিল এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু। দিল্লীৰ লগতে জম্মু-কাশ্মীৰৰ কিছু অংশতো এই কঁপনি অনুভূত হৈছিল।