বি.এন.সিং পেট্ৰ’ল পাম্পৰ ঘটনাক লৈ উত্তাল দুলীয়াজান । প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ পাছতে অধিক উত্তপ্ত হৈ পৰিছে তৈল নগৰী । ইফালে প্ৰতি মুহূৰ্ততে ঘটনাই নতুন নতুন মোৰ লৈছে ।
পেট্ৰ’ল পাম্প বন্ধ কৰাৰ দাবীত প্ৰতিবাদো অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে ।
উল্লেখ্য যে, পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু ঘটনাৰ সময়ত কিছুমান অপমানসূচক মন্তব্য কৰি তনু শ্বাহী ৰাইজৰ ৰোষত পৰে । বিভিন্ন সংগঠনে তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত এজাহাৰো দাখিল কৰে ।
সংগঠনসমূহৰ নিৰন্তৰ প্ৰতিবাদৰ অন্তত বৃহস্পতিবাৰে তনু শ্বাহীক আৰক্ষীয়ে আটক কৰে । দুলীয়াজানৰ বিতৰ্কিত যুৱতীগৰাকীক নিশা পৰ্যন্ত দুলীয়াজান আৰক্ষীয়ে জেৰা চলায় ।
দল-সংগঠনৰ প্ৰতিবাদৰ পাছতে দুলীয়াজান আৰক্ষীয়ে নিজৰ গৃহৰ পৰা তনু শ্বাহীক আটক কৰে । নিশা দুলীয়াজান আৰক্ষী থানাত জেৰা চলোৱা হয় তনু শ্বাহীক । জেৰাৰ বাবে দুলীয়াজান থানাত নিশা উপস্থিত হয় আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী । সোধা-পোছাৰ মাজতেই মাজনিশা কটকটীয়া নিৰাপত্তাৰ মাজত তনু শ্বাহীৰ স্বাস্থ্য পৰীক্ষাও কৰোৱা হয় ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে যদিও জেৰা সন্দৰ্ভত কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে ।