যেতিয়াই দেশখন সংকটৰ সন্মুখীন হয় তেতিয়াই সংবিধানে ভাৰতক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে। শনিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে। তেওঁ লগতে স্বাধীনতাৰ পিছৰে পৰা সংবিধানে দেশক উন্নয়নৰ পথত আগুৱাই যোৱাত সহায় কৰিছে বুলিও কয়।
শনিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে গাভাইয়ে। তাত ভাষণ দি তেওঁ কয়, “যেতিয়া সংবিধান প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ চূড়ান্ত খচৰা সংবিধান সভাৰ সন্মুখত দাখিল কৰা হৈছিল, তেতিয়া একাংশ লোকে সংবিধানখন অতি বেছি যুক্তৰাষ্ট্ৰীয় বুলি কৈছিল, আনহাতে কিছুমানে কৈছিল যে ই অতি বেছি কেন্দ্ৰীভূত।”
তেওঁ লগতে কয়, “বাবা চাহেব আম্বেদকাৰে কৈছিল যে সংবিধানখন সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় বা কেন্দ্ৰীভূত নহয়। মই ভাবো আমি এনে এখন সংবিধান পাইছো যিয়ে ভাৰতক সংকটৰ সময়ত শক্তিশালী আৰু ঐক্যবদ্ধ কৰি ৰাখিছে।”
পাকিস্তানক কটাক্ষ কৰি গাভাইয়ে কয়, “আজি আমি আমাৰ চুবুৰীয়া দেশসমূহৰ অৱস্থা দেখিবলৈ পাইছো! ইফালে স্বাধীনতাৰ পিছত ভাৰতে উন্নয়নৰ পথতহে আগবাঢ়িছে। ইয়াৰ কৃতিত্ব সংবিধানক দিয়া উচিত। দেশৰ শেষজন নাগৰিকৰ ওচৰলৈ ন্যায় গৈ পোৱা নিশ্চিত কৰাটো আমাৰ মৌলিক কৰ্তব্য। ন্যায়পালিকাই সেয়া কৰিবই লাগিব।”
উল্লেখ্য যে অহা ছমাহলৈ দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ব গাভাই। চলিত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁ অৱসৰ ল’ব। ন্যায়াধীশ বালকৃষ্ণনৰ পিছতে গাভাই দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হৈ থকাৰ সময়ত তেওঁ বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী বণ্ডলৈকে কমেও ৩০০টা গোচৰৰ সৈতে জড়িত আছিল।