শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত কয় যে গালিগালাজ কৰাটো কাৰোবাক আত্মহত্যা কৰাত উদগণি যোগোৱাৰ সমতুল্য নহয়। উচ্চতম ন্যায়ালয় ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে কয় যে গালিগালাজ কৰিলে এনে ধৰণৰ হ’ব পাৰে বুলি কোনো স্বাভাৱিক ব্যক্তিয়ে কল্পনা কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰে।
ঘটনাক্ৰম অনুসৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ বাতিল কৰি ছাত্ৰ এজনক গালি গালাজ কৰি আত্মহত্যাৰ বাবে উদগণি যোগোৱাৰ অভিযোগ উত্থাপিত এজন ব্যক্তিক দোষমুক্ত কৰিলে উচ্চতম ন্যায়ালয়ে। এখন বিদ্যালয় আৰু হোষ্টেলৰ দায়িত্বত থকা অভিযুক্তই আন এজন ছাত্ৰৰ আপত্তিৰ পিছতে ছাত্ৰজনক গালি গালাজ কৰে। এই ঘটনাৰ পিছতে ছাত্ৰজনে এটা কোঠাত ফাঁচী লৈছিল।
এই গোচৰত ন্যায়াধীশ আহছানুদ্দিন অমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে কয় যে গালি গালাজ কৰিলে এনে ঘটনা হ’ব পাৰে বুলি কোনো ব্যক্তিয়ে কল্পনা কৰিব নোৱাৰে। আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত আত্মহত্যাৰ বাবে উদগণি যোগোৱাৰ অপৰাধত শিক্ষকজনক দোষমুক্ত কৰিবলৈ অস্বীকাৰ কৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ আদেশ উচ্চতম ন্যায়ালয়ে বাতিল কৰে।
বিচাৰপীঠে কয় যে, সমগ্ৰ বিষয়টো বিবেচনা কৰি আমি দেখিবলৈ পাওঁ যে এইটো হস্তক্ষেপৰ বাবে উপযুক্ত গোচৰ। আপীলকাৰীয়ে দাখিল কৰা মতে, এজন ছাত্ৰৰ অভিযোগৰ ভিত্তি ধমক দিয়াৰ বাবে ছাত্ৰজনে আত্মহত্যা কৰিব বুলি কোনো সাধাৰণ ব্যক্তিয়ে কল্পনা কৰিব নোৱাৰিলেহেঁতেন!
উল্লেখ্য যে অভিযুক্তই নিজৰ অধিবক্তাৰ জৰিয়তে জনাইছে যে তেওঁৰ প্ৰতিক্ৰিয়া ন্যায্য আৰু ছাত্ৰজনে যাতে অপৰাধ পুনৰাবৃত্তি নকৰে আৰু হোষ্টেলত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ অভিভাৱক হিচাপে এটা ধমক মাথোঁ। তেওঁ আৰু ভুক্তভোগীৰ মাজত কোনো ব্যক্তিগত কথা নাই বুলি উল্লেখ কৰে।