• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 1, 2025 4:40 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু নদীবান্ধ সন্দৰ্ভত সৰৱ হৈ সংবাদমেল সম্বোধন কৰে জাতীয় যুৱ বাহিনীয়ে।

সংবাদমেল সম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নৱদ্বীপ বৰপাত্র গোহাঁইয়ে কয় যে, ‘গুৱাহাটীৰ কৃত্রিম বানকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত এতিয়া প্রলয়ংকাৰী বানৰ তাণ্ডৱ। কিন্তু বান নিয়ন্ত্রণত সম্পূর্ণরূপে ব্যর্থ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি কেৱল প্রতিশ্রুতি হৈয়ে থাকিল। তাৰ ফল অসমৰ ৰাইজে ভুগিছে। কৃত্রিম বানত জুৰুলা গুৱাহাটী মহানগৰত মৃতদেহ কল গছৰ ভূৰ সাজি পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ।

Apply Now

‘স্মার্ট চিটি‘ৰ নামত প্রচণ্ড প্রহসন কৰি গুৱাহাটীবাসীক যমৰ যন্ত্রণা দিছে চৰকাৰে। বিজ্ঞানসন্মত, পৰিকল্পনাবিহীন নির্মাণ কাৰ্যই গুৱাহাটীবাসীক এতিয়া যমৰ যন্ত্রণা দিছে। বিজেপি চৰকাৰৰ বানমক্ত অসমৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি নৱদ্বীপ বৰপাত্র গোহাঁইয়ে কয় যে, ২০১৬ চনৰ ভিজন ডকুমেন্টত বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি প্রদান কৰিছিল। ২০২১ চনৰ ভিজন ডকুমেন্টটো সেই একেই পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল বিজেপিয়ে। ২০১৬-২০২৫লৈ সুদীর্ঘ ১০টা বছৰত সেই প্রতিশ্রুতি কেৱল প্রতিশ্রুতি হৈ থাকিল।

বিজেপি দলে সেই প্রতিশ্রুতিৰ কথা পাহৰি এতিয়া বানপানীৰ নাম দিয়ে ‘ফ্লাদ জেহাদ‘। নিজৰ ব্যৰ্থতা ঢাকিবলৈ জনপ্রতিনিধি তথা খোদ মুখ্যমন্ত্ৰীজনৰ মুখৰ পৰা ওলোৱা এনে টুলুঙা কথাই এতিয়া স্বাভাৱিকতেই অসন্তুষ্ট কৰি তুলিছে মহানগৰবাসী ৰাইজক। বান পৰিদৰ্শন কৰিবলৈ গৈ গুৱাহাটীৰ সাংসদ ৰাইজৰ ৰোষত পৰাটোৱেই তাৰ জ্বলন্ত উদাহৰণ।

ইফালে উজনি অসমত নদীবান্ধে সৃষ্টি কৰা প্ৰলয়ৰ সন্দৰ্ভতো সৰৱ হয় সংগঠনটো। জাতীয় যুৱ বাহিনীৰ তথ্য প্ৰচাৰ সম্পাদক আৰু মুখপাত্র অংকুমান বৰদলৈয়ে কয় ‘নিপকো কর্তৃপক্ষৰ গাফিলতিৰ বাবে শোৱা পাটীতে মানুহৰ মৃত্যু হৈছে‘। এইয়া দুর্ঘটনা নহয়, এইয়া হত্যালীলা। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ স্থানীয় ৰাইজৰ। নিশা ১০ বজাত জাননী জাৰি কৰাৰ পিছত দুই বজাত পানী খুলি দিছিল ৰঙানদীৰ ওপৰৰ নদীবান্ধৰ। নৈ-পৰীয়া বহু মানুহে সেই খবৰ লাভেই কৰা নাছিল। প্ৰশাসনৰ তৰফৰ পৰা মানুহৰ ঘৰে ঘৰে গৈ সতর্ক কৰিব লাগিছিল যদিও তাৰ বিপৰীতে জিলা প্ৰশাসনৰ তৰফৰ পৰা সামাজিক মাধ্যমত, তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আৰু দুই এটা পর্টেল চেনেলত হে এই খবৰ দিয়াৰ অভিযোগ আহিছে। যাৰ ফলত নামনিৰ মানুহে জীৱনটোৰ বাদে একোৱেই বচাব নোৱাৰিলে।

মাত্র ৫০ মিনিটৰ ভিতৰত ৪০৫ মেগাৱাটৰ ৰঙানদী নদীবান্ধে বহন ক্ষমতা হেৰুৱাইছিল। মুঠ ১৫০০ ঘন মিঃ পানী প্রতিছেকেণ্ডত বান্ধৰ পৰা এৰিছিল। ৰঙানদীয়ে কেৱল ৯২৩ ঘন মিঃ পানী বহন কৰে। ফলত যোৱা ৩০ মে‘ৰ নিশা দুই বজাৰ পৰা হোৱা জলপ্ৰলয়ে ৰঙানদী আৰু নাওবৈচা বিধান সভা সমষ্টিত২৪১ খন গাঁৱৰ ২৪,৩৩০ টা পৰিয়াল ক্ষতিগ্রস্ত হোৱাৰ লগতে দুজন মানুহৰ মৃত্যু হৈছে। শুই থকা অৱস্থাতেই পহুমৰাত মৃত্যু হৈছে এজন সাধাৰণ মানুহৰ। গোহালিৰ গৰু, ভঁৰালৰ ধান সকলো উটি গৈছে পানীৰ সোঁতত।

ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপ পত্র, গুৰুত্বপূৰ্ণ নথিপত্ৰ এতিয়া সকলো পানীৰ তলত। কিন্তু ইয়াৰ দায়িত্ব কোনে ল‘ব? ইফালে ব্যাপক বৰষুণৰ ফলত আজি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰো ৩ খনকৈ গেট খুলি দিয়াৰ ফলত তাতো জল প্রলয়ৰ সৃষ্টি হৈছে। নদীবান্ধৰ বিৰুদ্ধে সৰৱ হৈ অংকুমান বৰদলৈয়ে পুনৰ কয় যে, ইমানৰ পিছতো গাত কথা লগা নাই কেন্দ্ৰ কিম্বা ৰাজ্য চৰকাৰৰ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰি থকা সৰ্বমুঠ ১৩৪ টা নদীবান্ধৰ ফলত এক কি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হব সেয়া ভুক্তভোগীয়ে বুজিছে। ইতিমধ্যেই নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ উপৰিও সেই একেখন নদীতেই আৰু দুটা বৃহৎ নদীবান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলি আছ। ৰঙানদীস্থিত NEEPCOৰ মাত্র ৪০৫ মেগাৱাট জলবিদ্যুৎ প্রকল্পৰ দ্বাৰা হোৱা ধ্বংসলীলা যদি এনেধৰণৰ হয় তেন্তে সমগ্ৰ অসম খনক আৱৰি ৰখা অৰুণাচল প্ৰদেশৰ ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প, ২৮০০ মেগাৱাট দিবাং জলবিদ্যুৎ প্রকল্প, ১২,০০০ মেগাৱাট চিয়াং প্রকল্প (সর্ব বৃহৎ), ২৫০০ মেগাৱাট আপাৰ সোৱণশিৰি প্ৰকল্পকে ধৰি ১৩৪ টা নদীবান্ধ নিৰ্মাণ কৰে, তেনেহলে অসমৰ কি অৱস্থা হ‘ব এবাৰ কল্পনা কৰক।

অসম আৰু অৰুণাচলৰ জৈৱ বৈচিত্ৰকে ধৰি মানুহৰ জীৱন-জীৱিকা, ঘৰ-মাটি সকলো যে উচন কৰিব সেইটো ধুৰূপ। অৰুণাচলৰ ৰাইজে অনাগত ভয়াৱহ ভৱিষ্যতৰ কথা ভাবি চাই ৰাজপথত নামিছে নদীবান্ধৰ বিৰুদ্ধে। তেওঁলোকৰ এই প্রতিবাদলৈ জাতীয় যুব বাহিনীৰ পূৰ্ণ সমর্থনৰ কথাও উল্লেখ কৰে সংগঠনটোৱে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্র সমালোচনা কৰাৰ লগতে নিপকো কর্তৃপক্ষকো প্রশ্ন কৰে জাতীয় যুৱ বাহিনীয়ে। কিয় উচিত ব্যৱস্থা গ্রহণ কৰা নহ‘ল বুলিও প্রশ্ন জাতীয় যুৱ বাহিনীৰ। চৰকাৰৰ দায়িত্বহীনতাৰ বিৰুদ্ধে লখিমপুৰ, ধেমাজিৰ লগতে প্ৰতিজন সচেতন ৰাইজক নদী বান্ধৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ আহ্বান জনাই জাতীয় যুৱ বাহিনীয়ে। সময় থাকেঁতেই ইয়াৰ বিৰোধিতা নকৰিলে ভয়াৱহ ভৱিষ্যতৰ সন্মুখীন হ’ব লাগিব বুলিও কয় সংগঠনটোৱে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd