• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বংসী ৰূপ উত্তৰ-পূব ভাৰতত! ৩৪ লৈ বৃদ্ধি মৃত্যুৰ সংখ্যা, উদ্ধাৰ অভিযানৰ বাবে সেনাবাহিনী মোতায়েন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 3:29 pm
218
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাৰতৰ এক বৃহৎ অঞ্চল ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে। বিগত দুদিনত অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিমত এই দুৰ্যোগৰ ফলত ৩৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। বানপানী আৰু ভূমিস্খলনৰ ফলত বহু অঞ্চলত পথ সংযোগ হেৰাই গৈছে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগে লগে উদ্ধাৰ অভিযানত ভাৰতীয় বায়ুসেনা আৰু অসম ৰাইফলছৰ বিষয়াকো মোতায়েন কৰা হৈছে।

অসমৰ ১৯ খন জিলাৰ ৭৬৪ খন গাঁৱ বানৰ কৱলত। অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, এই দুৰ্যোগৰ বাবে ৰাজ্যত এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু হৈছে। ঘৰ পানীত ডুব যোৱাৰ বাবে বহু লোক গৃহহীন হৈ পৰিছে। কাছাৰৰ পৰিস্থিতি আটাইতকৈ ভয়াৱহ বুলি জানিব পৰা গৈছে। তাত প্ৰায় এক লাখ লোক এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ খাবৰ পোৱা গৈছে। ক্ষতিগ্ৰস্তৰ সংখ্যা ক্ৰমে শ্ৰীভূমি জিলাত ৮৩ হাজাৰ, নগাঁও জিলাত ৬২ হাজাৰ আৰু লখিমপুৰ জিলাত ৪৬ হাজাৰ।

চৰাকাৰী তথ্য অনুসৰি এই পৰ্যন্ত ৫৫ হাজাৰ লোকে ১৫৫টা সাহায্য শিবিৰত আশ্ৰয় লৈছে। ইফালে মণিপুৰত ইম্ফল ইষ্ট আৰু ইম্ফল পশ্চিমৰ দুখন জিলাত ধাৰাসাৰ বৰষুণৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত সেনাই সেই ৰাজ্যৰ ১৫০০ লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। পূব কামেং জিলাত ৭ জন আৰু জিৰো উপত্যকাত ২ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

 ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমত আবদ্ধ হৈ আছে ১২০০ পৰ্যটক। মেঘালয়ৰ ১০খন জিলা তথা হাৰাপ্পা বনাঞ্চলৰ বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰাতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি  জানিব পৰা গৈছে। সোমবাৰে পুৱা বতৰ বিজ্ঞান বিভাগে কয় যে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত বৃহস্পতিবাৰলৈকে বৰষুণ অব্যাহত থাকিব। লগতে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী  জাৰি কৰিছে।

Tags: ArunachalLandslideASDMAAssamFloods2025DisasterAlertHeavyRainfallImphalFloodsIndianAirForceIndianArmyIndiaWeatherAlertLandslideDisasterManipurRainfallMeghalayaFloodsNortheastIndiaFloodsRescueOperationsSikkimTouristsStrandedTripuraFloods

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd