দিল্লীৰ মেহৰৌলীৰ সঞ্জয় বন অঞ্চলত ১৮ বছৰীয়া ছাত্ৰীক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱক অৰ্শকৃত সিং (১৮) যুৱতীগৰাকীৰ পূৰ্বৰ চিনাকি আছিল। গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছতে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে যুৱকজনে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত ছাত্ৰীগৰাকী জাহাংগীৰপুৰীৰ বাসিন্দা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙত অধ্যয়ন কৰিছিল। দেওবাৰে (১ জুন) পুৱা তেওঁ ক্লাছলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। তাৰপিছত আৰু ঘূৰি নাহিল। অৱশ্যে দুপৰীয়াৰ ভিতৰত তেওঁ মাকলৈ এটা মেছেজ পঠিয়াইছিল।
মেচেজত লিখা আছিল যে তেওঁ সোনকালে ঘৰলৈ উভতি যাব। কিন্তু সন্ধিয়াৰ পাছতো তেওঁক বিচাৰি নোপোৱাত পৰিয়ালটোৱে মেহৰৌলী থানাত নিৰুদ্দেশৰ গোচৰ দাখিল কৰে।
জানিব পৰা মতে, সন্ধিয়া অভিযুক্ত অৰ্শকৃতৰ পিতৃৰ পৰা ছোৱালীজনীৰ মাতৃলৈ ফোন আহিছিল। তেওঁ কয় যে তেওঁৰ কন্যা সঞ্জয় বনত আক্ৰমণৰ বলি হোৱাৰ লগতে বৰ্তমান পীতমপুৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পিছতে ছোৱালীজনীৰ পৰিয়ালে সঞ্জয় বনলৈ গৈ তেওঁক বিচাৰি ফুৰে যদিও ছোৱালীজনীক বিচাৰি নাপালে।
পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অৰ্শকৃতক জিম্মাত লৈ জেৰা কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, জেৰাৰ সময়ত অৰ্শকৃতে জানিবলৈ দিয়ে যে তেওঁ ইচ্ছাকৃতভাৱে ছোৱালীজনীক সঞ্জয় বনলৈ মাতি আনি ছুৰীৰে আঘাত কৰি ডিঙি চেপি হত্যা কৰে। পিছত তেওঁ প্ৰমাণ ধ্বংস কৰিবলৈ চেষ্টা কৰি মৃতদেহটো জ্বলাই দিব বিচাৰে। ঘটনাত আহত হোৱাৰ পিছত তেওঁ চিকিৎসালয়লৈ যায়।
ইতিমধ্যে আৰক্ষীয়ে সঞ্জয় বনৰ পৰা উদ্ধাৰ কৰিছে যুৱতীগৰাকীৰ মৃতদেহ। ঘটনাস্থলীৰ পৰাও ফৰেনছিক নমুনা সংগ্ৰহ কৰা হৈছে। হত্যাকাণ্ডত ব্যৱহৃত ছুৰীখনো উদ্ধাৰ কৰা হৈছে।
অভিযুক্ত অৰ্শকৃত সিং দিল্লীৰ ৰাণীবাগ অঞ্চলৰ বাসিন্দা। দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙৰ বি.কম প্ৰথম বৰ্ষৰ ছাত্ৰ। আৰক্ষীয়ে এই হত্যাকাণ্ড পৰিকল্পিতভাৱে সংঘটিত হৈছিল নেকি তাৰ তদন্ত অব্যাহত ৰাখিছে। মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালে এই ঘটনাৰ অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।