জলমগ্ন সমগ্ৰ ৰাজ্য। বাঢ়নী পানীৰে উপচি পৰিছে ৰাজ্যৰ বিভিন্নপ্ৰান্ত। তাৰ মাজতে গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা।
পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ সলিলসমাধি। পথাৰৰ মাজত খান্দি থোৱা পুখুৰীত পৰি ৩ কণমানিয়ে মৃত্যুক আঁকোৱালি লয়।
সলিলসমাধি ঘটে সবিতা বেগম, ছাৰজিনা বেগম আৰু আজমিনা বেগমৰ।
মৃত সবিতা আৰু আজমিনাৰ বয়স ১২ বছৰ আৰু ছাৰজিনা বেগমৰ বয়স আছিল ৭ বছৰ বুলি জানিব পৰা গৈছে।
মাছ ধৰিবলৈ যোৱাৰ সময়তে পৰি যায় পথাৰৰ মাজত খান্দি থোৱা পুখুৰীটোত। ৰাইজে উদ্ধাৰ কৰে তিনি কণমানিৰ নিথৰদেহ।