গোপীনাথ বৰদলৈ পথত উৰণ সেতু নিৰ্মাণৰ বাবে আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত অসংখ্য গছ কটাৰ লাগতে তথাকথিত “স্থানান্তৰণ”ৰ কাম আগবঢ়াই নিয়াৰ বাবে গুৱাহাটীৰ সচেতন নাগৰিকসকলে গভীৰ হতাশা প্রকাশ কৰাৰ লগতে এনে কাৰ্যক গৰিহণা দি এক অজি এক সংবাদমেলৰ আয়োজন কৰে।
ব্যাপক জনজাগৰণ আৰু আদালতৰ গোচৰৰ পাছত চৰকাৰে ঘোষণা কৰিছিল যে জিএনবি ৰোডৰ উৰণ সেতুৰ আৰ্হি পুনৰ বিবেচনা কৰা হ’ব যাতে কোনো গছত প্রভাৱ নপৰে। সেই সময়ত এই আশ্বাসে চহৰৰ গুৰুত্বপূৰ্ণ সেউজীয়া অঞ্চল সংৰক্ষণৰ পৃষ্ঠপোষক ছাত্র-ছাত্রী, যুৱক-যুৱতী, লেখক, শিল্পী, পৰিবেশ কর্মী আৰু স্থানীয় বাসিন্দাকে ধৰি সচেতন নাগৰিকলৈ সকাহ কঢ়িয়াই আনিছিল। কিন্তু প্ৰায় তাৰ ছমাহৰ পাছত চৰকাৰে সম্পূর্ণ বিপৰীত সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্রতিবাদ অব্যাহত থকাৰ পাছতো কর্তৃপক্ষই প্রায় এশ গছৰ “হত্যা”ৰ অভিযান আগবঢ়াই লৈ গৈছে। আৰু চৰকাৰৰ এই পদক্ষেপে জনসাধাৰণৰ আৱেগ, পৰিৱেশৰ দায়বদ্ধতাৰ প্ৰতি এক প্রকাশ্য অৱজ্ঞাৰ লগতে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত পূর্বে দাখিল কৰা শপতনামাৰ বিপৰীত স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে।
অজি অনুষ্ঠিত হৈ যোৱা এই সংবাদমেলত গুৱাহাটী গুৱাহাটীৰ সচেতন নাগৰিকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে অসম চৰকাৰে যোৱা বছৰৰ নৱেম্বৰ মাহত দীঘলীপুখুৰীৰ প্ৰতিবাদৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত স্পষ্টভাৱে উল্লেখ কৰিছিল যে উৰণ সেতুখনৰ আৰ্হি পুনৰ বিবেচনা কৰা হ’ব যাতে আৰু এজোপা গছত কোনো প্রভাৱ নপৰে। গুৰুত্বপূৰ্ণভাৱে, ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল)ৰ উত্তৰত দাখিল কৰা এই শপতনামাত গছৰ স্থানান্তৰ বা কটাৰ কোনো উল্লেখ কৰা হোৱা নাছিল।
এতিয়া চৰকাৰে ইতিমধ্যে কেইবাজোপা গছৰ ডাল-পাত কাটি আদালতক জনাইছে যে আমবাৰী আৰু দীঘলীপুখুৰীৰ পৰা মুঠ ৭৭ জোপা গছ স্থানান্তৰ কৰা হ’ব। কিন্তু হঠাৎ এই পৰিৱৰ্তনে আদালতৰ নিৰ্দেশক বিপথে পৰিচালিত কৰাৰ লগতে জনসাধাৰণৰ প্ৰতি চৰকাৰৰ আস্থাও ভংগ কৰিছে।
এই কাম-কাজসমূহ যি ধৰণেৰে সম্পন্ন হৈছে, এই প্ৰক্ৰিয়াটোৰ স্বচ্ছতাহীনতাক প্রতিফলিত কৰিছে। প্ৰায়ে ৰাতিৰ আন্ধাৰত চৰকাৰে গছ কটা আৰু স্থানান্তৰৰ কামবোৰ কৰিছে। শনিবাৰে নিশা যেতিয়া ছাত্র-ছাত্রী আৰু সচেতন নাগৰিকে এই গোপন অভিযানৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে, তেতিয়া তেওঁলোকক অযথা বল প্রয়োগ কৰি আৰক্ষীয়ে আটক কৰে, দুর্ব্যৱহাৰ কৰে, আৰু ৰাতিটো থানাত আবদ্ধ কৰি ৰাখে। এই পন্থাই প্ৰমাণ কৰিছে যে চৰকাৰে জনসাধাৰণৰ মতৰ প্ৰতই কোনোধৰণৰ শ্ৰদ্ধা পোষণ নকৰে।
চৰকাৰে কৰা দাবী কৰিছে যে কোনো গছ কাটি পেলোৱা হোৱা নাই, কেৱল স্থানান্তৰৰ বাবে “ট্রিম” কৰা হৈছে, সেয়া অসত্য আৰু গভীৰভাৱে উদ্বেগজনক। এই গছবোৰক যি ধৰণেৰে ট্ৰিম কৰা হৈছে, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গছবোৰ জীয়াই থকাৰ সম্ভাৱনা অতি কম। বিশেষজ্ঞ এজন দূৰৰ কথা, এজন সাধাৰণ পর্যবেক্ষকেও বুজিব পাৰে যে এনে কঠোৰ ব্যৱস্থাই এই গছবোৰ জীয়াই থাকিবলৈ নিদিয়ে।
বন্য গৱেষণা প্রতিষ্ঠান, ডেৰাডুনৰ ভাৰতত গছ স্থানান্তৰ সম্পৰ্কে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয়ক দাখিল কৰা প্রতিবেদনে ইংগিত দিয়ে যে ভাৰতত স্থানান্তৰিত গছৰ জীয়াই থকাৰ হাৰ চিন্তনীয়ভাৱে কম, ইয়াৰ পৰিসংখ্যা প্রায় ১০% তকৈও কম।
গুজৰাট আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই তুলনামূলকভাৱে উচ্চ হ্রস্বম্যাদী সফলতাৰ তথ্য দিছে যদিও দিল্লী আৰু পঞ্জাবৰ দৰে আন ৰাজ্যত এই হাৰ ২%ত কৈয়ো কম। ঝাৰখণ্ডৰ দৰে ৰাজ্যত জীয়াই থকাৰ হাৰ ১.৭%। অসমৰ ক্ষেত্ৰত এই অঞ্চলৰ গছ-গছনিৰ বাবে কোনো গৱেষণা বা অধ্যয়ন কৰা হোৱা নাই। ডাঙৰ বা অতি পৰিপক্ক গছবোৰ সঘনাই বিফল হোৱাৰ প্ৰৱণতা থাকে আৰু পর্যাপ্ত প্রতিপালন অবিহনে আনকি প্রথম অৱস্থাত ভালে থকা গছবোৰো পাছত মৰি যোৱা দেখা যায়।
এই প্রতিবেদনত উল্লেখ কৰা সফল গছ স্থানান্তৰৰ বাবে প্রয়োজনীয় বৈজ্ঞানিক পদ্ধতিসমূহ অসম চৰকাৰে অৱলম্বন কৰা দেখা যোৱা নাই। ইয়াৰ ফলত চৰকাৰৰ “ট্ৰেন্সলকেচন”ৰ দাবীক গুৱাহাটীত এই অমূল্য গছবোৰ কটাৰ ন্যায্যতা প্ৰদানৰ বাবে কেৱল পর্দা যেনহে অনুভৱ হৈছে।
বিশ্বব্যাপী প্রেক্ষাপটত গ্ল’বেল ফৰেষ্ট ৱাচৰ এক প্রতিবেদনে ভাৰতত, ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বনাঞ্চলৰ ক্ষতিৰ হাৰ বৃদ্ধি পোৱাৰ ওপৰত আলোকপাত কৰিছে, য’ত অসমত সর্বাধিক ৩২৪,০০০ হেক্টৰ সেউজীয়া আৱৰণৰ ক্ষতি হৈছে, যিটোৱে ৰাষ্ট্ৰীয় গড় ৬৬,৬০০ হেক্টৰ অতিক্ৰম কৰিছে। কেৱল ২০২৩-২০২৪ চনত অসমে প্রায় ১৬,৯০০-১৮,৯০০ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল, আনহাতে কামৰূপ মহানগৰত ২০২৪ চনত ১০৪ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল-প্রায় ৩৩,৮০০ টন কার্বন-ডাই অক্সাইড মুক্ত হৈছিল।
সচেতন নাগৰিকসকসকলে সংবাদমেল আয়োজন কৰি এই তথাকথিত “স্থানান্তৰকৰণৰ তীব্ৰ বিৰোধিতা ব্যক্ত কৰে। অসম চৰকাৰক আগন্তুক সকলো গছ কটা আৰু “স্থানান্তৰ” কার্যকলাপ শীঘ্রে বন্ধ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা, ঠাইখনৰ প্ৰাকৃতিক ঐতিহ্যক সন্মান কৰা বহনক্ষম নগৰ উন্নয়নক অগ্রাধিকাৰ দিবলৈ আহ্বান জনায়।