• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 8:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি বিশ্ববিদ্যালয়ৰ প্ৰাংগনত শেহতীয়াভাৱে জাৰী কৰা কিছুমান নীতি সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী তথা নাগৰিক সমাজৰ মাজত সৃষ্টি হোৱা উদ্বেগৰ প্ৰতি সন্মান জনাই এক স্পষ্টীকৰণ আগবঢ়াইছে ।

এই সম্পৰ্কে মন্তব‍্য প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই কয় যে “বিশ্ববিদ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰত থকা এখন বিজ্ঞপ্তিত উল্লেখ কৰা বিধিনিষেধসমূহত বিশ্ববিদ‍্যালয় চৌহদত অকৰ্তৃত্বশীল প্ৰৱেশ নিয়ন্ত্ৰণ, বিশ্ববিদ‍্যালয় চৌহদত নাট-নৃত্য নিষিদ্ধকৰণ, জীৱ- জন্তুক খোৱাবস্তু দিয়াটো নিষিদ্ধ কৰা আৰু ভিডিঅ’গ্ৰাফী কৰাত নিষেধাজ্ঞাকে আদি কৰি কেইবাটাও নীতি নিয়ম অন্তৰ্ভুক্ত আছিল, যাৰ ফলত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।” তেওঁ  সম্প্ৰতি এই নিয়মবোৰৰ প্ৰাসংগিকতা, প্ৰয়োজনীয়তা আৰু উদ্দেশ্য সন্দৰ্ভত ভুল নুবুজিবলৈ সকলোকে অনুৰোধ জনায়।

Apply Now

উল্লেখযোগ্য যে, এই নিষেধাজ্ঞাসমূহ ২০২৫ চনৰ ২৫ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ ৩২তম দীক্ষান্ত সমাৰোহৰ প্ৰস্তুতি হিচাপেহে জাৰী কৰা হৈছিল। অধ্যাপক শৰ্মাই কয়, “এই  কাৰ্যসূচীত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে, মাননীয় ৰাজ্যপাল সভাপতি হিচাপে আৰু মাননীয় মুখ্যমন্ত্ৰী গৌৰৱমণ্ডিত অতিথি হিচাপে উপস্থিত থাকিব বুলি থিৰাং কৰা হোৱা হেতুকে এই নিয়মসমূহ জাৰী কৰা হৈছিল। এই কাম ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ সৈতে আলোচনা কৰাৰ পাচতহে কঠোৰ সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা হৈছিল।”

এই সুৰক্ষা ব্যৱস্থাৰ অন্তৰ্গত আছিল, কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৈধ চিনাক্তপত্ৰ বা অনুমতিপত্ৰ থকা ব্যক্তিসকলৰহে প্ৰৱেশ অনুমোদন, বিশ্ববিদ্যালয় চৌহদত নাট-নৃত্য সম্পূৰ্ণ নিষিদ্ধ, আৰু ভিডিঅ’গ্ৰাফীৰ ওপৰত নিষেধাজ্ঞা।

যদিও পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত মাননীয় ৰাষ্ট্ৰপতিৰ গুৱাহাটী বিশ্ববিদ্যালয়লৰ কাৰ্যসূচী স্থগিত হয়, তথাপিও “অপাৰেচন সিন্দুৰ”ৰ দৰে গম্ভীৰ অভিযান চলি থকাৰ বাবে সুৰক্ষা ব্যৱস্থা আগৰ দৰে বলবৎ ৰাখিব লগা হয়। অধ্যাপক শৰ্মাই স্পষ্ট কৰি কয়, “এই নিয়মবোৰ কেতিয়াও অযৌক্তিক ভাবে গ্ৰহণ কৰা নহয়, ই সৰ্বভাৰতীয় সুৰক্ষা নীতি আৰু চৰকাৰী প্ৰযোজ্য বিধি অনুসাৰীহে গ্ৰহণ কৰা হৈছিল।”

পশু-পক্ষীৰ সুৰক্ষা সন্দৰ্ভত অধ্যাপক শৰ্মাই কয়, “বাহিৰৰ লোকসকলে প্ৰায়েই বান্দৰক কল আদি খাদ্যবস্তু খুৱায়, যাৰ ফলত বান্দৰসকল আক্ৰমণাত্মক হোৱাৰ লগতে বিভিন্ন অশান্তি সৃষ্টি হয়। বিশ্ববিদ্যালয়ৰ চৌহদত জীৱ জন্তুক খোৱাবস্তু দিয়া নিষিদ্ধ কৰাটো বিশেষকৈ বান্দৰৰ দৰে বন্য জন্তু আদিৰ বাবেহে আৰোপ কৰা হৈছিল।”

তেওঁ স্পষ্ট কৰি কয় যে বান্দৰক খাদ‍্য সামগ্ৰী প্ৰদান কৰাটো ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ আৰু পৰিবেশ সুৰক্ষা আইন, ১৯৮৬ অনুসৰি আইনবিৰোধী। “হোষ্টেল নীতি ২০১৭ অনুসৰিও, হোষ্টেল প্ৰাঙ্গণত জন্তুক খুৱাব নোৱাৰি, যদিও পোহা জন্তু ৰখাত কোনো বাধা নাই।”

তেওঁ লগতে কয়, “মাননীয় উপাচাৰ্য মহোদয়ৰ বাসভৱনত এক বাটৰুৱা কুকুৰৰ যত্ন কেন্দ্ৰ আছে , য’ত নিয়মীয়া টিকাকৰণ আৰু পৰিচৰ্যা কৰা হয়। বিশ্ববিদ্যালয়ে বিভিন্ন স্বীকৃত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত বহু টিকাকৰণ কাৰ্যসূচীও চলাইছে।”

বৰ্ষাকালত প্ৰায়ে হৈ থকা পানী জমাৰ সমস‍্যাটোৰ বিষয়ে তেওঁ কয়, “এই বছৰত অতিবৃষ্টি হোৱা সত্ত্বেও বিগত বৰ্ষবোৰৰ তুলনাত এইবাৰ সমস্যাটো যথেষ্ট কম।” তেওঁ কয়, “বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সক্ৰিয় পদক্ষেপৰ ফলত পৰিস্থিতি যথেষ্টখিনি উন্নতি ঘটিছে।

ভিডিঅ’গ্ৰাফীৰ ওপৰত থকা নিষেধাজ্ঞাক লৈ উদ্বেগ প্ৰকাশ হোৱাৰ প্ৰতি উত্তৰ দি অধ্যাপক শৰ্মাই কয়, “এই নিৰ্দেশ কেৱল বাণিজ্যিক উদ্দেশ্যে কৰা ভিডিঅ’গ্ৰাফী আৰু ভ্ল’গিংৰ ক্ষেত্ৰতহে প্ৰযোজ্য।” তেওঁ কয়, “বিশ্ববিদ্যালয়ে সৃষ্টিশীল মানসিকতাক  উন্মোচন কৰিবলৈ সদায় উৎসাহিত কৰে। যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসহ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়াভাৱে বিশ্ববিদ্যালয়ৰ গৌৰৱময় কাৰ্যসূচী, ঐতিহ্য, আৰু অনুষ্ঠানসমূহক ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰে।”

তেওঁ লগতে কয়, “ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে এক মুক্ত মঞ্চ বিশ্ববিদ‍্যালয়ত উপলব্ধ। লগতে বিশ্ববিদ্যালয়ে তিনিটাকৈ ষ্টুডিঅ’ নিৰ্মাণৰ কাম চলাই আছে, য’ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৃষ্টি শক্তি বিকাশ কৰিব পাৰিব।”

“সাংস্কৃতিক অভিব্যক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ‍্যমণ্ডিত যাত্ৰাপথৰ এক গুৰুত্বপূর্ণ অংশ,” অধ্যাপক শৰ্মাই স্পষ্টকৈ কয়। “বাটৰ নাট আৰু সাংস্কৃতিক প্ৰদৰ্শন বিশ্ববিদ্যালয়ে সদায় উৎসাহিত কৰে। শেহতীয়াকৈ, মহিলা অধ্যয়ন বিভাগ, আইন বিভাগ, আৰু বাণিজ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা অনুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা গৈছে, যিয়ে বিশ্ববিদ্যালয়ৰ এক জীৱন্ত সাংস্কৃতিক পৰিবেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটায়।”

তেওঁ লগতে কয়, “কিছুমান ছাত্ৰ নেতাই বিশ্ববিদ্যালয়ৰ সৎ প্ৰচেষ্টাক ভুলকৈ ব্যাখ্যা কৰি বিভ্ৰান্তিকৰ প্ৰচাৰ চলাইছে।” অধ্যাপক শৰ্মাই কয়, “বিশ্ববিদ্যালয় সদায় স্বচ্ছতা, অন্তৰ্ভুক্তি আৰু সামগ্ৰিক বিকাশৰ দিশে আগবাঢ়ি আছে। সেয়েহে সকলোকে এই নীতিসমূহৰ গুৰুত্ব বুজি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ।”

বিশ্ববিদ্যালয়ে নিজা বিবৃতিত জনসেৱা আৰু কল্যাণৰ বাবে বিশ্ববিদ‍্যালয় কৰ্তপক্ষ প্ৰতিশ্ৰুতিবদ্ধ বুলি পুনৰ ঘোষণা কৰে। অধ্যাপক শৰ্মাই শেষত কয়, “এই সকলো ব্যৱস্থা শান্তিপূৰ্ণ তথা ৰুচিপূৰ্ণ শিক্ষাৰ প্ৰতি লক্ষ‍্য ৰাখি তথা, সহযোগিতা পূৰ্ণ পৰিবেশ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা হৈছে। গতিকে ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী আৰু সকলো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় আগ্ৰহেৰে কামনা কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd