ভাৰতীয় বায়ুসেনাৰ চোৰাংচোৱা সক্ষমতা অধিক সবল কৰিবলৈ দেশতে নিৰ্মাণ কৰা হৈছে এক অত্যাধুনিক চোৰাংচোৱা বিমান — ISTAR, অৰ্থাৎ Intelligence, Surveillance, Target Acquisition and Reconnaissance
সংবাদ সংস্থা ANIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ‘ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন’ (DRDO)ৰ দ্বাৰা সম্পূৰ্ণ দেশীয় প্রযুক্তিৰে নিৰ্মাণ কৰা এই চোৰাংচোৱা বিমান আইষ্টাৰৰ প্ৰথমখন খৰচ হ’ব প্ৰায় ১০ হাজাৰ কোটি টকা। ভাৰতীয় বায়ুসেনাৰ বাবে প্ৰথম পৰ্য্যায়ত এনেধৰণৰ তিনিখন বিমান ক্ৰয়ৰ নীতিগত সিদ্ধান্ত লোৱাৰ প্ৰস্তুতি চলাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
এই নতুন প্ৰযুক্তি সম্পন্ন বিমানসমূহে ভাৰতক চীন আৰু পাকিস্তানৰ দৰে প্রতিবেশী দেশৰ ওপৰত অধিক লক্ষ্য ৰাখিবলৈ সক্ষম কৰাৰ লগতে, শত্রু পক্ষৰ ৰাডাৰ, এয়াৰ ডিফেন্স ইউনিট তথা সামৰিক পৰিকাঠামোৰ ওপৰত গোপনে নজৰ ৰাখি প্ৰয়োজনত অধিক নিখুঁত আক্ৰমণত সহায় কৰিব। এই বিমানসমূহে “বায়ুৰ পৰা মাটিলৈ” চোৰাংচোৱা তথ্য প্ৰদান কৰিব, যাৰ জৰিয়তে সামৰিক কৌশল অধিক সফলভাৱে ৰূপায়ণ কৰিব পাৰিব।
প্রতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া ‘ডিফেন্স একুইজিশন কমিটী’ৰ বৈঠকত চলিত মাহতে এই প্ৰকল্পক ‘মেক ইন ইণ্ডিয়া’ৰ অংশ হিচাপে আনুষ্ঠানিকভাৱে অনুমোদন দিয়া হ’ব বুলি সদৰী কাৰিছে।
ডিআৰডিঅ’ৰ অধীনত থকা ‘চেন্টাৰ ফৰ এয়াৰব’ৰ্ণ চিষ্টেমছ’ৰ বিজ্ঞানীসকলে ইতিমধ্যে এই বিমানৰ সফল পৰীক্ষা সম্পন্ন কৰিছে। শীঘ্ৰেই এই অত্যাধুনিক চোৰাংচোৱা বিমানসমূহ ভাৰতীয় বায়ুসেনাৰ ব্ৰিগেডত অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। ইফালে সামৰিক বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে, এই প্ৰযুক্তিয়ে ভৱিষ্যতে পাকিস্তানৰ মাটিত কৰিব পৰা টাৰ্গেটেড অভিযানৰ বাবে এক যুগান্তকাৰী পৰিবর্তন কঢ়িয়াই আনিব।