স্মাৰ্ট মিটাৰ স্থাপনক লৈ অসমৰ লগতে দেশৰ আন আন ৰাজ্যতো বিতৰ্ক সৃষ্টি হৈছে। অসমৰ পিছতে এইবাৰ পশ্চিম বংগত খলকনি তুলিছে স্মাৰ্ট মিটাৰ বিতৰ্কই। ইয়াৰ পিছতে ৰাজ্যখনৰ বিদ্যুৎ বিভাগে গ্ৰাহকৰ ঘৰত এই মিটাৰ লগোৱাৰ কাৰ্য আপাতভাবে স্থগিত কৰাৰ ঘোষণা কৰিছে। বহু গ্ৰাহকে অভিযোগ উত্থাপন কৰিছে যে স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছত তেওঁলোকৰ বিদ্যুৎ বিল অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।
এই অভিযোগসমূহৰ প্ৰেক্ষাপটত বিদ্যুৎ বিভাগে অধিসূচনা জাৰি কৰি জনাইছে যে চৰকাৰী আৰু বাণিজ্যিক প্ৰতিষ্ঠান বাদ দি, সাধাৰণ গ্ৰাহকৰ ঘৰত স্মাৰ্ট মিটাৰ স্থাপন বৰ্তমানৰ বাবে বন্ধ ৰখা হৈছে।
অধিসূচনাত উল্লেখ কৰা অনুসৰি, বাণিজ্যিক সংস্থা, চৰকাৰী কাৰ্যালয় আৰু মোবাইল টাৱাৰৰ দৰে কিছুমান স্থানত সফলভাৱে স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে। পৰীক্ষামূলকভাৱে কিছু জিলাৰ দুই-এজন গ্ৰাহকৰ ঘৰতো এই মিটাৰ লগোৱা হৈছিল। কিন্তু এই ক্ষেত্ৰতো বহু অভিযোগ অহা আৰম্ভ হোৱাৰ পিছত চৰকাৰে সাময়িকভাৱে এই প্ৰক্ৰিয়া স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।
চিপিএম আৰু বিদ্যুৎ কৰ্মচাৰী সংগঠনসমূহে এই সন্দৰ্ভত দাবী কৰিছে যে প্ৰিপেইড স্মাৰ্ট মিটাৰ ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ জনগণক বলপূৰ্বকভাবে বাধ্য কৰা হৈছে, যাৰ জৰিয়তে বিদ্যুৎ সেৱাৰ ব্যক্তিগতকৰণক আগবঢ়োৱা হৈছে। তদুপৰি, যদি মিটাৰত কিবা ত্ৰুটি থাকে, তেন্তে তাৰ দায়ও গ্ৰাহকে বহন কৰিব লগা হ’ব বুলিও তেওঁলোকে কয়। প্ৰিপেইড টকা শেষ হ’লেই বিদ্যুৎ সংযোগ বন্ধ হোৱাৰ আশঙ্কা থাকিলে, ই গ্ৰামাঞ্চল আৰু কৃষকসকলৰ বাবে বেছি সমস্যাজনক হ’ব বুলি বাওঁপন্থী সংগঠনসমূহে মন্তব্য কৰে। ইয়াৰ পৰিৱৰ্তে শক্তি মন্ত্ৰী অৰূপ বিশ্বাসে এই সকলো অভিযোগ খাৰিজ কৰি কয় এই অভিযোগ সম্পূৰ্ণভাৱে ভিত্তিহীন।