• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বিধানসভাত মুখ্যমন্ত্রীয়ে বৰদুৱাৰ বাগান প্রমুখ্যে জনজাতীয় মানুহৰ মাটিৰ পট্টা সম্পর্কত যি বক্তব্য প্রকাশ কৰিছে, সেই ক্ষেত্রত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে।

যৌথ সংগ্রাম সমিতিৰ হৈ কৃষ্ণ গগৈ, প্রণৱ দলে আৰু সুব্রত তালুকদাৰে এক প্রেছ বিজ্ঞপ্তিযোগে কয় যে, প্রথমতেই হিমন্ত বিশ্ব শৰ্মাই এক গোকাট মিছা কৈছে যে বিজেপি চৰকাৰৰ দিনত জনজাতীয় মানুহক কোনোধৰণৰ উচ্ছেদ কৰা হোৱা নাই অথবা অনাগত দিনত উচ্ছেদ কৰা নহয়। এই কথা গোকাট মিছা, কিয়নো  ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পিছত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে।

Apply Now

‘এডভান্টেজ অসম’ কাৰ্য্যসূচীৰ পিছত আদানী – আম্বানী – জয় শ্বাহ – ৰামদেৱৰ  স্বাৰ্থত কাৰ্বি আংলং, ডিমা হাছাও, বিটিআৰ, ৰাভা হাছঙৰ লাখ লাখ বিঘা জনজাতীয় মানুহৰ পৰম্পৰাগত কৃষিভূমি হস্তান্তৰ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। ইয়াৰ বিৰুদ্ধে ৰাইজে প্রবল প্রতিবাদো অব্যাহত ৰাখিছে।

যৌথ সংগ্রাম সমিতিয়ে লগতে প্রশ্ন কৰে যে,  মিকিৰ বামুনীৰ ২৭৬ বিঘা জনজাতীয় মানুহৰ গেৰ ধৰা খেতিৰ ওপৰত কোন চৰকাৰৰ দিনত বুলডোজাৰ চলিছিল? কাজিৰঙাৰ ৪৫ বিঘা খেতিমাটিৰ পৰা কোন চৰকাৰৰ দিনত আদিবাসী মানুহক বিতাড়িত কৰা হৈছিল? এই প্রশ্ন কৰিলেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুসলিমৰ কথা আনি মূল বিষয়টো লঘু কৰে আৰু সোমবাৰে বিধানসভাতো ইয়াৰ ব্যতিক্রম ন’হল।

বৰদুৱাৰ বাগানৰ চেটেলাইট টাউন প্রকল্প আৰু মাটিৰ পট্টাৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কৈছে যে, ১৯৭৫ চনৰ আগৰ মানুহখিনিক চৰকাৰে পট্টা দিব। এইটো কেনেধৰণৰ কথা? জনজাতীয় মানুহক জনজাতীয় এলেকাত মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত ১৯৭৫ চনটো কি ধৰণে ধাৰ্য্য কৰা হ’ল। ৰাইজে দাবী কৰিছে যে, ভোগদখল কৰি থকা সমগ্র মাটিৰ পট্টা পাব লাগে। তাৰ বিপৰীতে মুখ্যমন্ত্রীয়ে কৈ আছে কিছুমান বিভাজনকাৰী কথা। ভোগদখলকাৰী ৰাইজে কেতিয়া মাটিৰ পট্টা পাব, সেই বিষয়েও মুখ্যমন্ত্রীয়ে একো স্পষ্টকৈ নকলে।

তদুপৰি এইখন চৰকাৰৰেই তদানীন্তন ৰাজহ মন্ত্রীয়ে ২০২৫ চনৰ ফেব্রুৱাৰী মাহৰ ভিতৰত ৰাইজক মাটিৰ পট্টা দিম বুলি ঘোষণা কৰিছিল আৰু এতিয়া মুখ্যমন্ত্রীয়ে কৈছে যে বাগানৰ মাটি চৰকাৰে কিনি লোৱাৰ পিছতহে ৰাইজে মাটিৰ পট্টা পাব। জিএমডিএ ৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু মূখ্যমন্ত্ৰীৰ কথাৰ মাজতো কোনো মিল নাই। অৰ্থাৎ একেখন চৰকাৰৰেই ভিন্নজনৰ ভিন্ন কথা।

ইয়াৰ উপৰিও চেটেলাইট টাউনশ্বীপ প্রসংগটো মুখ্যমন্ত্রীয়ে স্পষ্টকৈ ৰাইজৰ পক্ষত একো কোৱা দেখা ন’গল আৰু কিছুমান মিছা কথাহে ক’লে। অফিচিয়েলি ঘোষণা কৰিছিল বৰদুৱাৰ চেটেলাইট টাউনশ্বীপ হিচাপে, কিন্তু সোমবাৰে সদনত ক’লে পলাশবাৰী টাউনশ্বীপ হিচাপে। এয়া কেনেধৰণৰ বিভ্রান্তি?

মুখ্যমন্ত্রীয়ে কৈছে যে, চেটেলাইট টাউনশ্বীপ্ মানে ৰাস্তা ঘাট, পানী যোগান প্রকল্প, বিদ্যুৎ যোগান আদিৰ কথা। কিন্তু চেটেলাইট টাউনশ্বীপৰ ডাঙৰ ডাঙৰ প্রকল্পবোৰৰ কথা মুখ্যমন্ত্রীয়ে নক’লে , যিসমূহৰ জৰিয়তে সমগ্র অঞ্চলটোৰ জনজাতীয় আৱেষ্টনীৰ প্রতিয়ে তীব্র ভাবুকি আহিব।

সোমবাৰে বিজ্ঞপ্তিযোগে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে স্পষ্টকৈ কয় যে, ৰাইজৰ দাবী অনুসৰি মুখ্যমন্ত্রীয়ে জনজাতীয় আৱেষ্টনীৰ বৰদুৱাৰ বাগানৰ চেটেলাইট টাউনশ্বীপ প্রকল্প সম্পূর্ণভাবে বাতিল কৰাৰ ঘোষণা কৰিব লাগে, ভোগদখলকাৰী ৰাইজক মাটিৰ পট্টা দিব লাগে আৰু চাহ বাগানৰ অৱশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল আদিবাসীসকলৰ জীৱন – জীৱিকাৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে। ইয়াৰ উপৰিও বাগানৰ যিসমূহ খালী ঠাই আছে, সেইসমূহত কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ অটুট ৰাখি ৰাভা হাছঙৰ সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ কাৰণে চৰকাৰী শিক্ষানুষ্ঠান, চিকিৎসালয়ৰ ব্যবস্থা কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd