তামিলনাডুৰ অন্নমলাই মন্দিৰ চৌহদত এজন লোকৰ বিৰুদ্ধে আমিষ খাদ্য খোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আলোড়নৰ সৃষ্টি হয়।
সূত্ৰ অনুসৰি শেহতীয়াকৈ ভক্তসকলে মন্দিৰৰ চতুৰ্থ প্ৰহৰগম অঞ্চলত লোকজনক বিৰিয়ানী খাই থকা দেখিছিল। ইয়াৰ পাছতে মন্দিৰ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰে। অভিযোগ পোৱাৰ পাছতে কেইবাজনো বিষয়া ক্ষীপ্ৰতাৰে উপস্থিত হৈ তেওঁক সোধা-পোছা কৰিবলৈ ধৰিলে। অভিযুক্তই নিৰামিষ বিৰিয়ানী খাইছিল যদিও দোকানীজনে ভুলতে মাংস এটুকুৰা দিছিল। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি লোকজনক সম্প্ৰতি জিম্মাত থকা জেৰা অব্যাহত আছে।
প্ৰসংগক্ৰমে যোৱা জানুৱাৰী মাহত মাদুৰাইৰ তিৰুপাৰাংকুন্দ্ৰম সুব্ৰমণ্য স্বামী মন্দিৰত একেধৰণৰ ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছিল। বিজেপি নেতা কে অন্নমলাইয়ে এই সন্দৰ্ভত মাত মতা দেখা গৈছিল। কেইমাহমানৰ ভিতৰতে তামিলনাডুতো একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল। মন কৰিবলগীয়া যে দেওবাৰে ওড়িশাৰ বিজেপি চৰকাৰে পুৰিৰ জগন্নাথ মন্দিৰৰ ২ কিলোমিটাৰ এলেকাৰ ভিতৰত সুৰা আৰু নিৰামিষ খাদ্যৰ বিক্ৰী নিষিদ্ধ কৰিছিল। বৰ্তমান অঞ্চলটোত চলি থকা সকলো বাৰকো বন্ধ কৰাৰ নিৰ্দেশ দিয়া হ’ব। ৰাজ্য চৰকাৰে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা ভক্তসকলক মনত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।