• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 8:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কার্যালয়ত তৃণমূল কংগ্রেছ, আম আদমী পার্টা, কংগ্রেছ, বিজেপি, সমাজবাদী পার্টী, বীৰ লাচিত সেনাকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ শীর্ষ পর্যায়ৰ নেতা তথা কৰ্মীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাবে যোগদান কৰে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তথা দলৰ কেন্দ্রীয় সমিতিৰ কেইবাগৰাকী নেতাৰ উপস্থিতিত যোগদান কৰে তৃণমূল কংগ্ৰেছ, অসমৰ প্রাক্তন ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ, ভাৰতীয় জনতা পার্টীৰ প্রাক্তন বাজ্যিক কার্যনির্বাহক সদস্য কিশোৰ কুমাৰ দাস, সৰুক্ষেত্রী সমষ্টিব প্রাক্তন বিধায়ক তথা প্রাক্তন এআইইউডিএফৰ নেতা ড০ আলী হুছেইন, অসম প্রদেশ কংগ্ৰেছৰ কমিটিৰ জনজাতি কোষৰ ৰাজ্যিক উপ-সভাপতি ড০ গৌৰীশংকৰ শৰণীয়া, সমাজবাদী পার্টীৰ অসমৰ মহিলা গোটৰ ৰাজ্যিক সভানেত্রী নীলাক্ষী কাকতি, আপ যুব শক্তিব ৰাজ্যিক উপ সভাপতি অপূর্ব বৰুৱা, বীৰ লাচিত সেনাৰ কেন্দ্রীয় সমিতিৰ মুখপাত্র প্রকাশ বৰুৱাকে ধৰি কেইবাটাও দলৰ শীর্ষ পর্যায়ৰ নেতাৰ লগতে ডেৰ শতাধিক নেতাই ৰাইজৰ দলৰ নীতি-আদর্শৰ প্রতি আনুগত্য প্রকাশ কৰি ৰাইজৰ দলত যোগদান কৰে।

Apply Now

ৰাইজৰ দলত যোগদান কৰি জ্যেষ্ঠ ৰাজনৈতিক নেতা ৰমেন চন্দ্ৰ বৰঠাকুৰে অখিল গগৈক যুঁজাৰু আখ্যা প্রদান কৰি ২০৩১ চনত অসমৰ মুখ্যমন্ত্রী হিচাপে ৰাইজৰ দলৰ নেতা অখিল গগৈ হোৱাটোৱেই বিচাৰে বুলি উল্লেখ কৰে। ভবিষ্যতে ৰাইজৰ দলক ব্যাপক ৰূপত অসমৰ এক অন্যতম আঞ্চলিকতাবাদী দল হিচাপে প্রতিষ্ঠা কৰাৰ স্বাৰ্থত দলৰ হৈ সেৱা আগবঢ়াবলৈ নেতাগৰাকীৰ সৈতে যোগদান কৰা প্রায় ডেৰ শতাধিক নেতা-কর্মীৰ প্রতি আহ্বান জনায়। আনহাতে অসম প্রদেশ কংগ্ৰেছৰ কমিটিৰ জনজাতি কোষৰ ৰাজ্যিক উপ-সভাপতি ড০ গৌৰীশংকৰ শৰণীয়াই ভূমি অধিকাৰৰ প্ৰসংগ দাঙি ধৰি কয় যে দীর্ঘদিন ধৰি অখিল গগৈ এই সংগ্ৰামৰ সৈতে প্রত্যক্ষভাবে জড়িত। গতিকে আগন্তুক দিনত ৰাইজৰ দলৰ হৈ ৰাজ্যৰ লগতে বিটিআৰ এলেকাত ভূমিৰ সমস্যা স্থায়ীভাবে সমাধান কৰিবলৈ দলীয়ভাবে প্রচেষ্টা হাতত ল‘ব বুলি দোহাৰে।

সমাজবাদী পার্টীৰ অসমৰ মহিলা গোটৰ ৰাজ্যিক সভানেত্রী নীলাক্ষী কাকতিয়ে ভাষণ প্রসংগত কয় যে আজিৰ পৰা ৰাইজৰ দলৰ হৈ তেওঁৰ ওপৰত ন্যস্ত সকলো দায়িত্ব পালন কৰিবলৈ তেওঁ দলীয় ভাবে দায়বদ্ধ থাকিব। বীৰ লাচিত সেনাৰ পৰা দলত যোগদান কৰা ৰাজ্যিক মুখপাত্র প্রকাশ বৰুৱাই কয় যে অখিল গগৈৰ দৰে ব্যতিক্ৰমী চিন্তা আৰু প্ৰকৃত জাতীয় চেতনাৰে উদ্বুদ্ধ এজন নেতাৰ হাততহে অসম সুৰক্ষিত আৰু তেওঁৰ নেতৃত্বতহে অসমৰ ৰাইজে ন্যায় পাব। প্রায় ডেৰ শতাধিক ৰাইজৰ উপস্থিতিত হোৱা এই যোগদান কাৰ্যসূচীত দলটোৰ সভাপতি অখিল গগৈয়ে নতুনকৈ যোগদান কৰা সকলোৰে হাতত এখন এখনকৈ দলীয় সংবিধান আৰু ৰাইজৰ দলৰ দ্বাৰা প্ৰকাশ হোৱা ‘অসমৰ জাতীয় কর্মসূচী‘ৰ একোখনকৈ হাতপুথি প্রদান কৰি কয় যে ৰাইজৰ দল আঞ্চলিক দল নহয়, ই এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল। ৰাইজৰ দলে সদায় যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত বিশ্বাসী। বিজেপিয়ে বিচৰাৰ দৰে এক দল এক শাসন ব্যৱস্থাৰ বিপৰীতে ৰাজ্যসমূহৰ বিশেষ অধিকাৰ কাঢ়ি অনাৰ স্বাৰ্থত আগন্তুক দিনত যুঁজিব লাগিব বুলি সকলো নৱাগতক আহ্বান জনায় অখিল গগৈয়ে। এই প্রসংগত তেওঁ নাগালেণ্ড, মিজোৰামৰ বিশেষ অধিকাৰৰ কথা উল্লেখ কৰে।

আজিৰ এই কাৰ্যসূচীত আজিৰ ৰাইজৰ দলত সমাজবাদী পাটিৰ ৰাজ্যিক সমিতিৰ উপ সভানেত্রী বিনিতা কলিতা ৰয়, অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক আৰু সংখ্যালঘু কোষৰ তত্বাবধায়ক জাকিৰ হুছেইন, অসম তৃণমূল কংগ্ৰেছৰ গুৱাহাটী মহানগৰৰ জিলা সভাপতি হেমন্ত কুমাৰ দাস, অসম যুৱ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক উপ সভাপতি নিলোৎপল শর্মা, অসম যুৱ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছামশ্বেৰ আলী, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু কোষৰ সম্পাদক ফিৰোজ আহমেদ, অসম মহিলা তৃণমূল কংগ্ৰেছৰ সম্পাদিকা নীলিমা বেগম, আপ যুৱ শক্তিৰ ৰাজ্যিক মুখপাত্র মঃ ছাকিল আহমেদ, ছাত্র মুক্তি সংগ্রাম সমিতিৰ মানসজ্যোতি আৰান্ধৰা, সমাজবাদী পাৰ্টিৰ ৰাণু কলিতা, সৰস্বতী ছেত্রী, সমাজকর্মী উৎপলা দাস, পলি বড়োকে ধৰি ডেৰ শতাধিক কৰ্মীয়ে যোগদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd