• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰকীয়া প্ৰেম, নৃশংস হত্যাকাণ্ড : ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰেম সম্পৰ্কীয় অপৰাধে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 2:19 pm
558
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্ক। এনে প্ৰেমৰ সম্পৰ্কই ধাৰণ কৰিছে ভয়ংকৰ ‎ৰূপ। সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ নৃশংস তথা দেশ কঁপোৱা হত্যাকাণ্ড। শীতল মগজুৰে ডিঙি ‎চেপি হত্যা, ফুৰিবলৈ গৈ হত্যা, ছুৰীয়ে হানি হত্যা, শৰীৰ টুকুৰা-টুকুৰ কৰিছে প্ৰেমিক-প্ৰেমিকে।


শেহতীয়াকৈ মেঘালয়ত ইন্দুৰৰ ৰাজা ৰঘুবংশীক চোকা অস্ত্ৰৰে হত্যা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ ‎পত্নী সোণম আৰু তিনি হত্যাকাৰীক। শেহতীয়াকৈ ভ্ৰমণৰ সময়ত নিৰুদ্দেশ হৈছিল দম্পতীহাল, ‎তেওঁলোকৰ পৰিত্যক্ত স্কুটিখন এটা জলপ্ৰপাতৰ ওচৰত উদ্ধাৰ হৈছিল। পিছত তাৰ ওচৰতেৰ ৰাজাৰ ‎মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ মতে সোণামৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল আৰু অভিযোগ ‎অনুসৰি তেওঁৰ স্বামীক নিৰ্মূল কৰিবলৈ হত্যাকাণ্ডৰ আয়োজন কৰিছিল। ‎


ইফালে দক্ষিণ বেংগালুৰুত ৩৩ বছৰীয়া বিবাহিত মহিলা হৰিণীক নিজৰ ১৫ বছৰীয়া প্ৰেমিকে ছুৰীৰে ১৭ ‎বাৰকৈ হানি হত্যা কৰাৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ আহিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰেমিক যশাছক। ‎জানিব পৰা মতে, কেইবাবছৰ ধৰি যশাসৰ লগত হৰিণীৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল, যাৰ অন্ত ‎পেলাবলৈ পৰিয়ালে চেষ্টা কৰিছিল। হত্যাকাণ্ডৰ নিশা হৰিণীয়ে প্ৰেমৰ অন্ত পেলোৱাৰ ইচ্ছা প্ৰকাশ কৰি ‎তাইক হত্যা কৰিবলৈ যশাছক প্ৰেৰণা দিয়ে।


একেদৰে বেংগালুৰুৰ অতুল সুভাষে নামৰ এগৰাকী ব্যক্তিয়ে চিপ লৈ আত্মহত্যা কৰে। তেওঁৰ পৰা ‎বিচ্ছেদিত পত্নী আৰু পৰিয়ালৰ হাৰাশাস্তিৰ বাবে নিজৰ জীৱন অন্ত পেলায় অতুল সুভাষে। ইতিমধ্যে ‎মানসিক হাৰাশাস্তিৰ বৰ্ণনা কৰা বিশদ ভিডিঅ’ আৰু টোকা পোহৰলৈ আহিছে। ‎


আন এক ঘটনাত, লণ্ডনৰ পৰা পত্নীক আচৰিত কৰিবলৈ উভতি অহা সৌৰভ ৰাজপুটক বিষাক্ত দ্ৰব্য খুৱাই ‎হত্যা কৰে পত্নী মুস্কান ৰাস্তোগী আৰু তেওঁৰ পৰকীয়া প্ৰেমিক সাহিল শুক্লাই। তাৰপিছত দুই হত্যাকাৰীয়ে ‎তেওঁৰ মৃতদেহটো কাটি প্লাষ্টিকৰ ড্ৰামৰ ভিতৰত চিমেণ্টেৰে বন্ধ কৰি দিয়ে আৰু তেওঁৰ ফোনৰ পৰা প্ৰেৰণ ‎কৰা ভুৱা মেছেজেৰে অপৰাধটো ঢাকিবলৈ চেষ্টা কৰে।
তেবেদৰে, শেহতীয়াকৈ আন এটা ঘটনাও পোহৰলৈ আহিছিল। পুনীত খুৰানা নামৰ এগৰাকী লোকে ‎আত্মহত্যা কৰে। পুনীত খুৰানাৰ আত্মহত্যা কৰাৰ পূৰ্বে পত্নী মণিকা পাহৱা আৰু শহুৰেকে নিৰ্যাতন কৰাৰ ‎কথা বিতংভাবে উল্লেখ কৰি ভিডিঅ’ এৰি গৈছে।


আন এক ঘটনাত, বিয়াৰ মাত্ৰ দুসপ্তাহৰ ভিতৰতে প্ৰগতি নামৰ এগৰাকী মহিলাই ভাড়াতীয়া হত্যাকাৰীক ‎ধন দি নিজৰ স্বামী দিলীপক হত্যা কৰিছিল। প্ৰগতিয়ে পৰকীয়া প্ৰেমিক অনুৰাগৰ সৈতে মিলি এই কাণ্ড ‎সংঘটিত কৰিছিল।

ফৰিদাবাদতো সংঘটিত হৈছে তদ্ৰুপ ঘটনা। স্বামীক হত্যা কৰাৰ অপৰাধত ধৰিলে গ্ৰেপ্তাৰ কৰা হৈছে ‎ৰঞ্জিতা নামৰ এগৰাকী মহিলাক। ৰঞ্জিতাই নিজৰ প্ৰেমিকৰ সৈতে মিলি স্বামী ৰাকেশক হত্যা কৰে। ‎আৰক্ষীৰ আগত ৰঞ্জিতাই জনোৱা মতে, ৰাকেশে নিতৌ মদ্যপান কৰি তেওঁক মাৰপিট কৰিছিল। যাৰ ফলত ‎তেওঁ ৰাকেশক হত্যা কৰে। ৰঞ্জিতা আৰু প্ৰেমিক বিজয়ে ৰাকেশক ডিঙি চেপি হত্যা কৰি মৃতদেহটো নলাত ‎পেলাই দিয়ে।


দিল্লীৰ শ্ৰদ্ধা ৱালকাৰৰ ঘটনাৰ হয়তো সকলোৰে মনত আছে। ২৭ বছৰীয়া শ্ৰদ্ধাক তেওঁৰ লিভ ইন পাৰ্টনাৰ ‎আফতাব আমিন পুনাৱালাই ডিঙি চেপি হত্যা কৰে। এই অপৰাধ লুকুৱাবলৈ আফতাবে শ্ৰদ্ধাৰ শৰীৰটো ৩৫ ‎টা অংগত বিভক্ত কৰে আৰু মুখখন জ্বলাই দিয়ে। আফতাবে মৃতদেহৰ অংগবোৰ ফ্ৰীজত জমা কৰি ৰাখিছিল ‎আৰু সন্দেহৰ পৰা হাত সাৰিবলৈ ৰাতি টুকুৰাবোৰ কেইবা সপ্তাহ ধৰি অৰণ্যত পেলাই দিছিল। হত্যাকাণ্ডৰ ‎কেইবামাহ পিছত এই ঘটনা পোহৰলৈ আহে আৰু আফতাবক গ্ৰেপ্তাৰ কৰা হয়।
একেদৰে মনেছাৰত বাস কৰা গান্ধী নগৰৰ নিবাসী ৩৪ বছৰীয়া স্বামী জিতেন্দৰে নিজৰ পত্নীক হত্যা কৰি ‎মৃতদেহ জ্বলাই অংগ বিচ্ছিন্ন কৰাৰ চেষ্টা কৰে। আৰক্ষীৰ জেৰাত এই স্বীকাৰোক্তি দিয়ে হত্যাকাৰী স্বামী ‎জিতেন্দৰে।

Recent News

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd